প্ৰেমধৰ বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰেমধৰ বৰা
Premadhar Bora
অসমশিক্ষামন্ত্ৰী
কাৰ্যকাল
৯ ছেপ্টেম্বৰ, ১৯৭৯ – ১১ ডিচেম্বৰ, ১৯৭৯
ব্যক্তিগত তথ্য
জন্ম ৯ মাৰ্চ, ১৯৩৩
লখিমপুৰ জিলা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা শিক্ষক
সমাজকৰ্মী

প্ৰেমধৰ বৰা (ইংৰাজী: Premadhar Bora) অসমৰ এগৰাকী বৰ্ষীয়ান ৰাজনীতিক। তেওঁ অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী আছিল। তদুপৰি ২০০১ চনত তেওঁ অসম বিধানসভাৰ প্ৰ'-টেম অধ্যক্ষ হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁ বিহপুৰীয়া বিধান সমষ্টিৰ পৰা অসম বিধানসভালৈ চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। [1] [2] [3] [4] [5] [6]

জীৱনী[সম্পাদনা কৰক]

প্ৰেমধৰ বৰাৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ বিহপুৰীয়া নগৰৰ সমীপৱৰ্তী খ'ৰাপথাৰ গাৱঁত ১৯৩৩ চনৰ ৯ মাৰ্চ তাৰিখে [2] । তেওঁৰ পিতৃৰ নাম আছিল কেশৰাম বৰা। [7]

নিৰ্দলীয় প্ৰাথী হিচাপে অৱতীৰ্ণ হৈয়ে ১৯৬৭, ১৯৭২, ১৯৭৮ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত একেধাৰে তিনিটা কাৰ্যকালৰ বাবে প্ৰেমধৰ বৰা বিহপুৰীয়া বিধানসভা সমষ্টিৰ পৰা বিধায়ক ৰূপে নিৰ্বাচিত হৈছিল। [2] [3] [4] [8] [9] ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ সময়ত ১৯৭৭ চনত ৪২-তম সংবিধান সংশোধনৰ জৰিয়তে দেশৰ সকলো ৰাজ্যৰে বিধানসভাৰ কাৰ্যকাল এবছৰকৈ বৃদ্ধি কৰি উপহাৰস্বৰূপে প্ৰদান কৰা হৈছিল যদিও প্ৰেমধৰ বৰাই সেয়া প্ৰত্যাখ্যান কৰি অসম বিধানসভাৰ পৰা পদত্যাগ কৰিছিল। সম্ভৱতঃ সমগ্ৰ দেশৰ ভিতৰত তেওঁৱেই এইদৰে পদত্যাগ কৰা একমাত্ৰ বিধায়ক আছিল। এই সম্পৰ্কে ১৯৭৭ চনত Blitz নামৰ সাপ্তাহিক বাতৰিকাকতখনত R C Karanjia-ই এইদৰে লিখিছিল: [2]

At least one man in the country – an independent MLA from Assam tendered his resignation voluntarily, revolting against the 42nd amendment of the Indian Constitution. He is Mr. Premadhar Bora.

প্ৰেমধৰ বৰাই ১৯৭৯ চনত তদানীন্তন মুখ্যমন্ত্ৰী যোগেন হাজৰিকা নেতৃত্বাধীন মন্ত্ৰীসভাত শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০০১ চনত বিহপুৰীয়া সমষ্টিৰ পৰাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপেই পুনৰ জয়লাভ কৰিছিল। তেওঁ সেই নৱগঠিত বিধানসভাৰ সভাৰ প্ৰ'-টেম অধ্যক্ষও আছিল।

২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত প্ৰেমধৰ বৰা পুনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল।[10] উল্লেখ্য যে, নিৰ্বাচনী প্ৰক্ৰিয়াত বৰাই ২০২১ চন পৰ্য্যন্ত মুঠ ১২ বাৰ অৱতীৰ্ণ হৈছে। [11]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Premadhar Bora(Independent(IND)):Constituency- BIHPURIA(LAKHIMPUR) - Affidavit Information of Candidate:". myneta.info. https://myneta.info/Assam2021/candidate.php?candidate_id=89। আহৰণ কৰা হৈছে: 2023-05-22. 
  2. 2.0 2.1 2.2 2.3 Hrishita Rajbangshi (31 March,2021). "Premadhar Bora – The Forgotten Firebrand Regionalist from Assam". Spotlight Northeast. https://www.spotlightne.com/premadhar-bora-the-forgotten-firebrand-regionalist-from-assam/। আহৰণ কৰা হৈছে: April 4, 2021. [সংযোগবিহীন উৎস]
  3. 3.0 3.1 "Assam Legislative Assembly - MLA 1967-72". Assam Assembly. http://assamassembly.gov.in/mla-1967-72.html। আহৰণ কৰা হৈছে: April 4, 2021. 
  4. 4.0 4.1 Bipul Barman (3 March,2021). "অসমৰ ৰাজনীতিত বিৰল! একেৰাহে ১২ বাৰলৈ নিৰ্বাচন খেলিবলৈ সাজু হৈছে প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা". News18, Assam North East. https://assam.news18.com/news/assam/assam-assembly-election-pramadhar-bora-is-ready-to-contest-election-for-consecutive-12-time-tvbipul-100705.html। আহৰণ কৰা হৈছে: April 4, 2021. 
  5. "দ্বাদশ বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৰাজনীতিবিদ প্ৰেমধৰ বৰা". অসমীয়া প্ৰতিদিন. 4 March,2021. https://www.asomiyapratidin.in/premdhar-bora-election-news/। আহৰণ কৰা হৈছে: April 4, 2021. 
  6. দেৱজিৎ কলিতা (10 March,2020). "প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাৰ 87 সংখ্যক জন্মদিৱস উদযাপন/ আনুষ্ঠানিক সম্বৰ্ধনা বিহপুৰীয়া বাসীৰ". জনমভূমি. https://janambhumi.in/VGtSSmVrOVVSVDA9/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%AE%E0%A6%A7%E0%A7%B0-%E0%A6%AC%E0%A7%B0%E0%A6%BE%E0%A7%B0-87-%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%95-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8-%E0%A6%89%E0%A6%A6%E0%A6%AF%E0%A6%BE%E0%A6%AA%E0%A6%A8/-%E0%A6%86%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE%E0%A6%A8%E0%A6%BF%E0%A6%95-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%A7%E0%A6%A8%E0%A6%BE-%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80%E0%A7%B0.html। আহৰণ কৰা হৈছে: April 4, 2021. 
  7. "Affidavit of Premadhar Bora in 2011 Assam Assembly election". Chief Election Officer, Assam. 2011. http://ceoassam.nic.in/assembly/pdf/2011/affidavits/109/7-Premadhar%20Borah.pdf। আহৰণ কৰা হৈছে: April 6, 2021. 
  8. "দ্বাদশবাৰৰ বাবে নিৰ্বাচন খেলিবলৈ সাজু প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা". ই টি ভি-ভাৰত. 3 March,2021. https://react.etvbharat.com/assamese/assam/state/lakhimpur/ex-education-minister-pramadhar-bora-is-ready-to-contest-election-for-consecutive-12-time/assam20210303160654211। আহৰণ কৰা হৈছে: April 4, 2021. [সংযোগবিহীন উৎস]
  9. "নিৰ্বাচনক লৈ উৎফুল্লিত বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰেমধৰ বৰা". ই টি ভি-ভাৰত. 8 March,2021. https://react.etvbharat.com/assamese/assam/state/lakhimpur/nomination-papers-submitted-in-lakhimpur-etv-bharat-news/assam20210308222142338। আহৰণ কৰা হৈছে: April 4, 2021. [সংযোগবিহীন উৎস]
  10. "Premadhar Bora | Assam Assembly Election Results Live, Candidates News, Videos, Photos". News18. https://www.news18.com/assembly-elections-2021/assam/premadhar-bora-bihpuria-candidate-s03a109c007/। আহৰণ কৰা হৈছে: 2023-05-22. 
  11. Special Correspondent (4 March,2021). "Octogenarian keen to contest for 12th time". The Hindu. https://www.thehindu.com/news/national/other-states/octogenarian-keen-to-contest-for-12th-time/article33983652.ece। আহৰণ কৰা হৈছে: April 4, 2021.