সমললৈ যাওক

পৰজানিয়া (২০০৭ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰজানিয়া
পৰিচালক ৰাহুল ধোলাকিয়া
ৰচনা ডেভিদ এন. ডনিহো (David N. Donihu)
ৰাহুল ধোলাকিয়া
প্ৰযোজক ৰাহুল ধোলাকিয়া
কমল পেটেল
অভিনয়ত নাছিৰুদ্দিন শ্বাহ
চাৰিকা
কৰিন নেমেক
ৰাজ জোৎসী
পৰজান দস্তুৰ
চিত্ৰগ্ৰহণকাৰী ৰবাৰ্ট ডি. এৰাছ
সম্পাদনা আৰিফ শ্বেইখ
সংগীত পৰিচালক জাকিৰ হুচেইন
তাৰিক কুৰেশ্বি
পৰিবেশক পিভিআৰ পিকচাৰ্চ
মুক্তি
নৱেম্বৰ ২৬, ২০০৫ (2005-11-26) (চলচ্চিত্ৰ মহোৎসৱ)
জানুৱাৰী ২৬, ২০০৭ (2007-01-26) (দৰ্শনী)
দৈৰ্ঘ্য
১২২ মিনিট
দেশসমূহ ইউনাইটেড ষ্টেটছ
ভাৰত
ভাষাসমূহ ইংৰাজী
গুজৰাটী
পাৰ্চী
বাজেট US$700,000[1]

পৰজানিয়া (অসমীয়া ভাঙনি: পৃথিৱীৰ স্বৰ্গ আৰু নৰক[2]) ৰাহুল ধোলাকিয়াৰদ্বাৰা পৰিচালিত ২০০৭ চনৰ এক ভাৰতীয় নাট্যধৰ্মী ছবি। ইয়াৰ ৰচনা ক্ৰমে ধোলাকিয়া আৰু ডেভিদ এন. ড'নিহোৰ। নাছিৰুদ্দিন শ্বাহ আৰু চাৰিকাই মুখ্য ভূমিকা পালন কৰা এই ছবিখন সহশিল্পী হিচাপে আছিল কৰিন নেমেক আৰু ৰাজ জোৎসী। ৭ লাখ আমেৰিকান ডলাৰ বাজেটৰ চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল আহমদাবাদ আৰু হায়দৰাবাদত।

২০০২ চনত গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত ২৮ ফেব্ৰুৱাৰীত গুলবাৰ্গ সমিতি হত্যাকাণ্ডত, য'ত ৬৯জন লোক নিহত হৈছিল[3], নিখোজ হোৱা এটি দহ বছৰীয়া পাৰ্চী ল'ৰা, আজহাৰ মোডীৰ কাহিনীৰদ্বাৰা ছবিখন অনুপ্ৰানিত, যাক ছবিখনত পৰজান পিঠাৱালাৰূপে চিত্ৰায়িত কৰা হৈছে। ছবিখনে পিঠাৱালা পৰিয়ালে তেওঁলোকৰ নিৰুদ্দিষ্ট পুত্ৰৰ সন্ধানত কৰা যাত্ৰাক চিহ্নিত কৰিছে। সংঘৰ্ষৰ আটাইখিনি সামৰি নলৈ চলচ্চিত্ৰখনে কেৱল সংঘৰ্ষৰ সময়ৰ এক টুকুৰা ছবিহে চিত্ৰায়িত কৰিছে। কিন্তু, সংঘৰ্ষ আধাৰিত ছবিৰূপে প্ৰচাৰ লাভ কৰাৰ আগতেই মুছলমান প্ৰতিশোধমূলক আক্ৰমণক আওকান কৰি কেৱলমাত্ৰ হিন্দু আক্ৰমণসমূহ প্ৰদৰ্শন কৰা বুলি ছবিখন সমালোচিত হয় আৰু কিছুসংখ্য সমালোচনাত ই মুছলমানসাপেক্ষ আখ্যা পায়।[4][5]


২০০৭ চনৰ ২৬ জানুৱাৰীত দেশজুৰি মুক্তি পোৱাৰ আগেয়ে ২০০৫ চনৰ ২৬ নৱেম্বৰত গোৱাত অনুষ্ঠিত ৩৬তম ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ সম্পন্ন হয়।[6]

কাহিনীভাগ

[সম্পাদনা কৰক]

এলান নামৰ এজন আমেৰিকান (কৰিন নেমেক) পৃথিৱীখন তথা নিজৰ জটিল জীৱনটোক বুজি পোৱাৰ উদ্দেশ্যেৰে, আভ্যন্তৰীণ শান্তি বিচাৰি আহমদাবাদলৈ আহে। তেওঁ ভাৰতবৰ্ষক পঢ়াশালি আৰু গান্ধীজীক তেওঁৰ প্ৰৱন্ধৰ বিষয়বস্তু হিচাপে বাছি লয়। ইয়াতেই তেওঁ পিঠাৱালা পৰিয়ালক লগ পায় --- চাইৰাছ (নাছিৰুদ্দিন শ্বাহ), তেওঁৰ পৰিবাৰ শ্বেৰনাজ (চাৰিকা), পুত্ৰ পৰজান (পৰজান দস্তুৰ) আৰু কন্য দিলশ্বাদ (পাৰ্ল বৰ্চিৱালা)। পিঠাৱালা পাৰ্চী ধমাৱলম্বী। তেওঁলোক তথা গান্ধীজীৰ শিকনিসমূহৰ জৰিয়তে এলানে মানসিক শান্তিৰ সন্ধান পায়।

গুজৰাট চৰকাৰৰ পোষকতাত[7] হিন্দু মৌলবাদীৰ হাতত মুছলমান লোকসকল নিহত আৰু ধৰ্ষিত হোৱা গুজৰাটৰ হিংসাত্মক ঘটনালানিৰ মাজেদি কাহিনীয়ে ৰূপ লয়। পিঠাৱালা পৰিয়ালটো মুছলমান নোহোৱা স্বত্ত্বেও এই সংঘৰ্ষত মৌলবাদীহঁতে তেওঁলোকৰ লগতে চুবুৰীয়াৰ ঘৰবোৰ আক্ৰমণ কৰোঁতে দহ বছৰীয়া পৰজান নিৰুদ্দেশ হয়। চাইৰাছ, শ্বেহনাজ আৰু দিলশ্বাদ এই হত্যালীলাৰ পৰা পলাই সাৰিবলৈ সক্ষম হয়। এই ঘটনাৱলীৰ পিছত চাইৰাছ উন্মাদপ্ৰায় হৈ হেৰুৱা পুত্ৰৰ সন্ধানত নামে। তেওঁলোকক সহায় কৰাৰ লগতে এই ঘটনাৰ কাৰণ বিচাৰি উলিওৱাৰ চেষ্টাত লাগে। জনসাধাৰণে এই ঘটনাৰ বিষয়ত ষড়যন্ত্ৰৰ গোন্ধ থকা চৰকাৰী উদ্ধৃতি সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ ফলস্বৰূপে এখন মানৱাধিকাৰ আয়োগ গঠন কৰা হয়। আয়োগৰ যোগেদি বহুসংখ্যক চাক্ষুসদৰ্শী আৰু ঘটনাৰ বলি হোৱা লোকে তেওঁলোকৰ সুৰক্ষা দিবলৈ আৰক্ষীৰ উদাসীনতা সম্পৰ্কে সাক্ষ্য প্ৰদান কৰে। সাম্প্ৰদায়িক হিংসাৰ বলি হোৱা লোকসকললৈ উৎসৰ্গাৰে ছবিখনৰ সামৰণি ঘটে।

অভিনয় শিল্পী

[সম্পাদনা কৰক]

নিৰ্মাণ

[সম্পাদনা কৰক]

২০০২ চনত গুজৰাটত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত লছ এঞ্জেলছষ্ঠিত পৰিচালক ৰাহুল ধোলাকিয়া এক ব্যক্তিগত দুঃখজনক ঘটনাৰ সন্মুখীন হয়। এই হিংসাত্মক ঘটনাই তেওঁৰ বন্ধুৰ পৰিয়ালটোক বিচ্ছিন্ন কৰাৰ লগতে ধোলাকিয়াৰ মনত মচিব নোৱাৰা সাঁচ বহুৱায়। নিজকে মানৱীয় তথা সামাজিকভাৱে দায়বদ্ধ অনুভৱ কৰি ধোলাকিয়াই এজন চলচ্চিত্ৰ পৰিচালক হিচাপে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিবলৈ মন মেলে।[8] ৭ লাখ আমেৰিকান ডলাৰৰ সিংহভাগ আহে যুক্তৰাষ্ট্ৰত থকা তেওঁৰ দুজন ভাৰতীয় বন্ধুৰ পৰা।[9] ধোলাকিয়াই ছবিখন ইংৰাজী ভাষাত নিৰ্মাণ কৰিবলৈ মনস্থ কৰে কিয়নো তেওঁ ভাবে যে সাম্প্ৰদায়িক সংঘৰ্ষ এক বিশ্বজনীন বিষয়। তাৰোপৰি, ছবিখনৰ স্পৰ্শকাতৰ প্ৰকৃতিলৈ চাই ইয়াক ভাৰতত মুক্তি দিব পৰাক লৈ তেওঁ নিশ্চিত নাছিল।[10]


অভিনয় শিল্পী বাছনি কৰোঁতে ধোলাকিয়াই কয় যে তেওঁলোকে মানুহৰ বাহ্যিক ৰূপ-সৌন্দৰ্য বিচৰা নাই। তেওঁ লগতে কয়:

আমি বাস্তৱভিত্তিক চৰিত্ৰ ৰূপায়ণ কৰিবলৈ কোনো গ্লেমাৰাছ লোকক বিচৰা নাছিলো। আমি প্ৰসাধন অবিহনেই ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছিলো। আমি এনে মানুহ বিচাৰিছিলো যাক বিশ্বাসযোগ্য যেন লাগে। সেয়ে অভিনয় শিল্পীয়ে এক প্ৰধান ভূমিকা লৈছিল, আৰু মই কেৱল প্ৰধান চৰিত্ৰৰ কথা কোৱা নাই। প্ৰতিজন অভিনেতাৰে অ'ডিচন লোৱা হৈছিল, আৰু ইয়াৰ ভিতৰত এশাৰী কথা ক'বলৈ দিয়া বা নিদিয়াও আছিল।[11]

প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহ ছবিখনৰ বাবে প্ৰথম আৰ অৱধাৰিত পছন্দ আছিল। কিন্তু শ্বাহে ছবিখনত অভিনয় কৰিবলৈ মান্তি হোৱা আৰু তেওঁক পাৰিশ্ৰমিক দিয়াৰ সামৰ্থ্যক লৈ ধোলাকিয়া বৰ শংকিত আছিল। তেওঁৰ দ্বিতীয় শংকাটোৰ কাৰণ হৈছে ছবিখনৰ এখন বৰ নিম্ন বাজেটৰ ছবি হিচাপে আৰম্ভণি হৈছিল। ধোলাকিয়াই চিত্ৰনাট্যৰ বৰ্ণনা দিয়াৰ পিছত শ্বাহে কয়, "আমি ইয়াক সচেতনভাৱে অনুভৱী কৰি তোলাৰ চৰ্ত্তত নীতিত সহমত।"[11] শ্বাহে ভাবিছিল যে এই কাহিনীটো কোৱাতো প্ৰয়োজনীয়, আৰু তেওঁ অনুভৱ কৰিছিল যে তেওঁ ইয়াৰ এক অংশ হ'ব লাগিব। অভিনয়ৰ বাবে সন্মতি দিয়াৰ পিছত শ্বাহে তেওঁৰ চৰিত্ৰটোৰ বাবে কৰ্মঠভাৱে গৱেষণা কৰি নাছিল। তেওঁ অনুভৱ কৰিছিল যে এজন অভিভাৱক হিচাপে সংঘৰ্ষত পুত্ৰক হেৰুওৱা এটা পৰিয়ালৰ সৈতে মিলি যোৱাটো তেওঁৰ বাবে ইমান কঠিন নহ'ব।[8] ১৮ বছৰীয়া সুদীৰ্ঘ বিৰতিৰ অন্তত চাৰিকাই এই ছবিখনকেই চলচ্চিত্ৰ জগতলৈ প্ৰত্যাৱৰ্ত্তন কৰিবলৈ বাছি লয়। ছবিখনে এক বাস্তৱ তথা স্পৰ্শকাতৰ বিষয় সামৰি লোৱালৈ চাই তেওঁ অনুভৱ কৰে যে পৰজানিয়া কেৱল এখন চলচ্চিত্ৰৰ সীমাতেই আৱদ্ধ হৈ নাথাকে।[12] দীৰ্ঘসময় বিৰতিৰ পিছতো দৃশ্যগ্ৰহণৰ সময়ত চাৰিকাই কেমেৰাৰ সন্মুখত সহজ অনুভৱেই কৰে।

তাৰ পিছতেই শ্বাহ, চাৰিকা আৰু ধোলাকিয়াই চিত্ৰনাট্যৰ গভীৰতালৈ যায়। শ্বাহ আৰু চাৰিকাই তেওঁলোকৰ অভিনয় আৰু বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা চিত্ৰনাট্যৰ সালসলনিৰ বাবে পৰামৰ্শ আগবঢ়ায় আৰু কেইবাবাৰো ইয়াৰ পুনৰীক্ষণ কৰা হয়।[11]

ছবিখন গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বিষয়ে হোৱা হেতুকে ইয়াক গুজৰাটত মুক্তি দিয়াৰ কথা নাছিল কিয়নো ছবিঘৰৰ মালিকসকলে অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকাত ইয়াক প্ৰদৰ্শন কৰিব খোজা নাছিল।[13][14] এক জন অধিকাৰ দল এনহাডৰ তত্ত্বাৱধানত ২০০৭ চনৰ এপ্ৰিলত ছবিখন ৰাজ্যখনৰ কোনো কোনো ঠাইত প্ৰদৰ্শিত হয়।

ছবিখনৰ অন্তিম দৃশ্যত মানৱাধিকাৰ আয়োগৰ আগত নিজৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ সময়ত চাৰিকাৰ অভিনয় যি দক্ষতা বিশেষভাৱে পৰিস্ফুট হয় সি উল্লেখযোগ্য। অনবদ্য অভিনয় দক্ষতাৰে তেওঁ আবেগিকভাৱে ভাৰাক্ৰান্ত, এগৰাকী ব্যথিত কিন্তু দৃঢ়মনা মাতৃক, যি অলপতে জাৱনৰ গতি সলনি কৰি দিয়া নৃশংস অভিজ্ঞতাৰ সন্মুখীন হৈ আহিছে, ৰূপায়ণ কৰিছে। তেওঁৰ অভিনয়ত স্বাভাৱিক আৰু সৰল প্ৰকাশভংগীৰ মিশ্ৰন ঘটিছে যি তেওঁলৈ সমৰ্থকৰ আৰু সমালোচকৰ প্ৰৱল সঁহাৰিৰ লগতে এক ৰাষ্ট্ৰীয় বঁটাও কঢ়িয়াই আনিছে।

বঁটাসমূহ

[সম্পাদনা কৰক]

২০০৬ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ভাৰত)

২০০৮ - স্ক্ৰীণ বঁটা

  • বিজেতা - ৰামনাথ গোৱেংকা সোঁৱৰণি বঁটা[15]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Chu, Henry (25 February 2007). "Film about massacre banned in India state". The Los Angeles Times (San Francisco Chronicle). http://www.sfgate.com/cgi-bin/article.cgi?file=/chronicle/archive/2007/02/25/MNGGKOAR6A1.DTL&type=politics। আহৰণ কৰা হৈছে: 22 February 2009. 
  2. "Heaven & Hell On Earth - Overview". Allmovie. http://www.allmovie.com/cg/avg.dll?p=avg&sql=1:343140। আহৰণ কৰা হৈছে: 22 February 2009. 
  3. "Apex court SIT submits report on Gulbarg Society massacre". The Hindustan Times. 14 May 2010. Archived from the original on 6 June 2011. https://web.archive.org/web/20110606060611/http://www.hindustantimes.com/Apex-court-SIT-submits-report-on-Gulbarg-Society-massacre/Article1-543728.aspx. 
  4. "আৰ্কাইভ কপি". Archived from the original on 2012-02-24. https://web.archive.org/web/20120224144621/http://www.spicevienna.org/showMovieReviews.php?m=11। আহৰণ কৰা হৈছে: 2013-01-05. 
  5. http://www.writingcave.com/my-take-on-parzania/
  6. Kamath, Sudhish (3 December 2005). "Turnout spells success for IFFI". The Hindu. http://www.hindu.com/2005/12/03/stories/2005120303661300.htm। আহৰণ কৰা হৈছে: 22 February 2009. 
  7. Christophe Jaffrelot (July 2003), "Communal Riots in Gujarat: The State at Risk?" (PDF), Heidelberg Papers in South Asian and Comparative Politics (South Asia Institute, University of Heidelberg) (17), http://archiv.ub.uni-heidelberg.de/volltextserver/volltexte/2003/4127/pdf/hpsacp17.pdf 
  8. 8.0 8.1 Sen, Raja (30 August 2006). "Parzania director: 2006's National award winner?". Rediff.com. http://in.rediff.com/movies/2006/aug/30rahul.htm। আহৰণ কৰা হৈছে: 22 February 2009. 
  9. Sengupta, Somini (20 February 2007). "In India, Showing Sectarian Pain to Eyes That Are Closed". The New York Times. http://www.nytimes.com/2007/02/20/movies/20parz.html?_r=3&oref=slogin। আহৰণ কৰা হৈছে: 22 February 2009. 
  10. Banerjee, Poulomi (24 January 2007). "Being Cyrus and Shernaz". The Telegraph. http://www.telegraphindia.com/1070124/asp/calcutta/story_7303025.asp। আহৰণ কৰা হৈছে: 22 February 2009. 
  11. 11.0 11.1 11.2 Sen, Raja (31 August 2006). "Will Parzania reach theatres?". Rediff.com. http://in.rediff.com/movies/2006/aug/31rahul.htm। আহৰণ কৰা হৈছে: 22 February 2009. 
  12. Mathur, Barkha (9 August 2009). "I've matured over the years". Times of India. http://m.timesofindia.com/articleshow/2266215.cms. 
  13. "Flicker of hope for Parzania in Gujarat". Times News Network (The Times of India). 28 January 2007. http://timesofindia.indiatimes.com/Cities/Ahmedabad/Flicker_of_hope_for_Parzania_in_Gujarat/articleshow/1489796.cms। আহৰণ কৰা হৈছে: 22 February 2009. 
  14. "Parzania director's offer to Gujarat exhibitors". The Hindu. 3 February 2007. Archived from the original on 6 February 2007. https://web.archive.org/web/20070206013741/http://www.hindu.com/2007/02/03/stories/2007020317621100.htm। আহৰণ কৰা হৈছে: 22 February 2009. 
  15. 'Rahul Dholakia' Wins Ramnath Goenka Memorial Award Archived 2008-01-13 at the Wayback Machine IndiaGlitz, 11 January 2008.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]