পৰম্পৰাগত থাই সাজপাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেংকক ৰাষ্ট্ৰীয় সংগ্ৰহালায়ত সংৰক্ষিত পৰম্পৰাগত থাই সাজপাৰ

পৰম্পৰাগত থাই সাজপাৰথাই ভাষাত “চুট থাই” (থাই: ชุดไทย) বুলি কোৱা হয়, যাৰ আক্ষৰিক অৰ্থ হৈছে “থাই সাজ-পোছাক”। থাইলেণ্ডৰ পুৰুষ, মহিলা, শিশুৱে পৰম্পৰাগতভাবে থাই সাজপাৰ পৰিধান কৰে। কেইবিধমান মহিলাৰ পৰম্পৰাগতভাবে সাজপাৰ হৈছে ফা নুং বা চং ক্ৰেবেন, ব্লাউজ আৰু ছবাই। উত্তৰ আৰু উত্তৰ-পূবৰ মহিলাসকলে ফা নুঙৰ সলনি পাপ আৰু ব্লাউজ বা “ছুয়া পেট”ৰ লগত ফা হেং পিন্ধে। পুৰুষৰ বাবে চুট থাইত চং ক্ৰেবেন বা পাইজামা, ৰাজ পেটাৰ্ণৰ চোলা, আঁঠুলৈকে দীঘল বগা মোজা আৰু ছবাই পিন্ধে। উত্তৰ থাই পুৰুষৰ পৰম্পৰাগত সাজপাৰৰ ভিতৰত আছে চাডো, বগা মাঞ্চু ষ্টাইলৰ জেকেট, আৰু খিয়ান হুয়া আদি। আনুষ্ঠানিক অনুষ্ঠানত থাই মানুহে তথাকথিত সাধাৰণ থাই জাতীয় সাজপাৰ পিন্ধে।

ইতিহাস[সম্পাদনা কৰক]

ঐতিহাসিকভাৱে থাই পুৰুষ আৰু মহিলা উভয়েই চং ক্বেন নামৰ এবিধ কঁকালৰ কাপোৰ পিন্ধিছিল।[1] পুৰুষসকলে চং ক্বেন কঁকালৰ পৰা উৰুৰ আধালৈকে ঢাকি পিন্ধিছিল, আনহাতে মহিলাসকলে কঁকালৰ পৰা আঁঠুৰ তললৈকে চং ক্বেন পিন্ধিছিল।[2] অভিজাত পৰিয়ালৰ লোকসকলে ৰাজকীয় কাম-কাজত খ্ৰুই নামৰ এবিধ ৰেচমৰ চোলা আৰু লম্ফোক নামৰ এটা ওখ জোঙা টুপী পিন্ধিছিল। খালী বুকু আৰু খালী ভৰি থাই আনুষ্ঠানিক সাজ-পোছাকৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছিল আৰু এয়া মিউৰেল, চিত্ৰিত পাণ্ডুলিপি আৰু ১৮০০ চনৰ মাজভাগলৈকে উপলভ্য প্ৰাৰম্ভিক চিত্ৰসমূহত দেখা পোৱা যায়।[2] বিংশ শতিকাৰ আগতে থাই বস্ত্ৰসমূহক অন্য বস্ত্ৰৰ পৰা পৃথক কৰাৰ প্ৰধান বৈশিষ্ট আছিল কপাহী আৰু ৰেচমৰ কাপোৰত ছপা কৰা বা ফুল বাচি কৰা বিভিন্ন সাজোন, কিন্তু সাধাৰণ আৰু ৰাজকীয় উভয়েই চিলাই কৰা কাপোৰ পিন্ধা নাছিল, মেৰিয়াই লোৱা কাপোৰহে পিন্ধিছিল।[3] ৰত্নাকোচিন যুগত (Rattanakosin period) থাইলেণ্ডৰ পৰম্পৰাগত সাজ-পোছাকৰ যথেষ্ট পৰিৱৰ্তন হৈছিল।

১৭০০ চনৰ আগতে থাইলেণ্ডৰ পুৰুষ-মহিলা উভয়েই দীঘলকৈ চুলি ৰাখিছিল। কিন্তু ১৭৫৯-১৭৬০ আৰু ১৭৬৫–১৭৬৭ চনৰ বাৰ্মিজ-চিয়াম যুদ্ধ আৰু আয়ুথায়াত বাৰ্মিজ আক্ৰমণৰ পিছত মধ্য থাই মহিলাসকলে ক্ৰিউ-কাট শৈলীত চুটিকৈ চুলি কাটিবলৈ আৰম্ভ কৰে, যিটো ১৯০০ চনলৈকে ৰাষ্ট্ৰীয় চুলিৰ শৈলী হৈয়েই থাকিল।[4]

১৮৬০ চনৰ পৰা থাইৰ ৰাজকীয় পৰিয়ালসমূহে “ভিক্টোৰিয়ান শাৰীৰিক আৰু চাৰ্টৰিয়েল শিষ্টাচাৰ নিৰ্বাচন কৰি আধুনিক ব্যক্তিত্বৰ ৰূপ লয় যিবোৰ যান্ত্ৰিকভাৱে পুনৰুত্পাদিত ছবিৰ দ্বাৰা ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰিত হয়।”[3] ৰজা চুলালংকৰ্ণৰ ৰাজত্বকালৰ পৰা দৰবাৰৰ সাজ-পোছাক আৰু আনুষ্ঠানিক সমসাজত চিলাই কৰা কাপোৰ পিন্ধাৰ পৰম্পৰা আৰম্ভ কৰা হয়।[3] এই সময়ছোৱাত বেংককত নগৰবাসীৰ মাজত পশ্চিমীয়া সাজ-পোছাক জনপ্ৰিয় হৈ উঠে।[3] ১৯০০ চনৰ আৰম্ভণিতে ৰজা চুলালংকৰ্ণে থাই মহিলাসকলক পৰম্পৰাগত চুটি চুলিৰ পৰিৱৰ্তে দীঘল চুলি ৰাখিবলৈ উৎসাহিত কৰিছিল যিটো পিছলৈ ৰজা বাজিৰাৱুধৰ ৰাজত্বকালত দীঘল চুলিৰ সৈতে গাত মেৰিয়াই লোবা চং ক্বেনৰ (โจงกระเบน) পৰিৱৰ্তে দীঘল স্কাৰ্ট-সদৃশ ফা চিন (ผ้าซิ่น) পিন্ধাৰ ধাৰা হৈ পৰিছিল।[5]

১৯৪১ চনৰ ১৫ জানুৱাৰীত থাইলেণ্ডৰ প্ৰধান মন্ত্ৰী প্লেক পিবুলছংগ্ৰামে দীৰ্ঘদিন ধৰি অন্তৰ্বাস পিন্ধা, চোলা নিপিন্ধা বা মেৰিয়াই লোৱা কাপোৰ পিন্ধা প্ৰথাক অনুপযুক্ত ৰাজহুৱা সাজ-পোছাকৰ ৰূপ বুলি গণ্য কৰি থাই সাজ-পোছাকক আধুনিকীকৰণ আৰু পশ্চিমীয়াকৰণৰ বাবে আদেশ জাৰি কৰে।[6]

পৰম্পৰাগত সাজপাৰ[সম্পাদনা কৰক]

চং ক্বেন[সম্পাদনা কৰক]

ছমপট চং ক্বেনফা হেং বুলিও কোৱা হয়। থাইলেণ্ডৰ উচ্চ আৰু মধ্যবিত্ত শ্ৰেণীৰ মহিলাসকলে দৈনন্দিন জীৱনত কঁকালত মেৰিয়াই পিন্ধা এবিধ আয়তাকাৰ বস্ত্ৰ।

ফা নুং[সম্পাদনা কৰক]

ফা নুং হৈছে স্কাৰ্টৰ দৰে এবিধ বস্ত্ৰ। এই বস্ত্ৰ কঁকালত মেৰিয়াই পিন্ধা হয়।

ছবাই[সম্পাদনা কৰক]

ছবাই বা ফা বিয়ান হৈছে দক্ষিণ-পূব এছিয়া মূল ভূখণ্ডত চাদৰৰ দৰে বা বুকু ঢাকিবলৈ পৰিধান কৰা এবিধ বস্ত্ৰ। কম্বোডিয়া, লাওছ আৰু থাইলেণ্ডৰ মহিলাসকলে ৰেচমৰ বক্ষবন্ধনী হিচাপে ছবাই পিন্ধে, আনহাতে উপকূলীয় সুমাত্ৰা, বৰ্নিও আৰু মালয় উপদ্বীপত ছবাই শব্দটো কান্ধৰ মেৰিওৱা এবিধ কাপোৰৰ বাবে ব্যৱহাৰ কৰা হয়।[7]

ছুইয়া পেট[সম্পাদনা কৰক]

ছুইয়া পেট হৈছে কোনো বুটাম নথকা এক প্ৰকাৰৰ হাত দীঘল চোলা। এই চোলাটোৰ সন্মুখৰ সোঁকাষৰ পটিটো বাওঁফালৰ পটিটোৰ ওপৰত মেৰিয়াই পিন্ধিব লাগে আৰু পটিকেইটা দুডাল ৰচীৰ জৰিয়তে একেলগে বান্ধি থোৱা হয়। ছুইয়া পেট সাধাৰণতে উত্তৰ থাইলেণ্ডৰ মহিলাসকলে পিন্ধে।

ৰাজ পেটাৰ্ণ[সম্পাদনা কৰক]

ৰাজ পেটাৰ্ণ বা ৰাজ আৰ্হি হৈছে পাঁচটা বুটামযুক্ত বগা নেহৰু জেকেট, চং ক্বান, আঁঠুলৈকে দীঘল মোজা, আৰু ড্ৰেছ শ্বু (এক প্ৰকাৰৰ জোতা)ৰে গঠিত থাই পুৰুষে পৰিধান কৰা এক প্ৰকাৰৰ পৰম্পৰাগত সাজ-পোছাক। ইয়াক মূলতঃ ঊণবিংশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ আৰম্ভণিতে বেংককৰ চৰকাৰী বিষয়া আৰু উচ্চ শ্ৰেণীৰ লোকে পিন্ধিছিল আৰু আজিকালি ইয়াক নিৰ্বাচিত পৰিস্থিতিত জাতীয় সাজ-পোছাক হিচাপে ব্যৱহাৰ কৰা হয়।

ফা খাও মা[সম্পাদনা কৰক]

ফা খাও মা হৈছে থাই পুৰুষে কঁকালৰ বন্ধনী হিচাপে, ৰ'দৰ পৰা ৰক্ষা পাবলৈ ৰুমাল হিচাপে, মূৰ ঢাকিবলৈ, আনকি কেতিয়াবা অস্থায়ী দোলনা বা সামগ্ৰী কঢ়িয়াই নিয়া মোনাৰ দৰে ব্যৱহাৰ কৰা একপ্ৰকাৰৰ বস্ত্ৰ।

টাবেংমন[সম্পাদনা কৰক]

টাবেংমন হৈছে আয়ুথায়া যুগৰ শেষৰ ফালে উৎপত্তি হোৱা এবিধ পৰম্পৰাগত থাই কাপোৰ। এই কাপোৰ বুকু ঢাকি আৰু ডিঙিৰ পিছফালে বান্ধি লৈ পৰিধান কৰা হয়।[8]

বানং[সম্পাদনা কৰক]

বানং হৈছে থাইলেণ্ডৰ দক্ষিণ সীমান্তৱৰ্তী প্ৰদেশৰ মহিলাসকলে পৰম্পৰাগতভাৱে পিন্ধা এক প্ৰকাৰৰ ব্লাউজৰ দৰে বস্ত্ৰ।[9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Singhalampong, Eksuda (March 2019). "Picturing Femininity: Portraits of the Early Modern Siamese Women". Southeast of Now: Directions in Contemporary and Modern Art in Asia খণ্ড 3 (1): 49–75. doi:10.1353/sen.2019.0003. https://muse.jhu.edu/article/721045/pdf। আহৰণ কৰা হৈছে: 18 February 2020. 
  2. 2.0 2.1 Terwiel, Barend Jan (2007). "The Body and Sexuality in Siam: A First Exploration in Early Sources". Manusya: Journal of Humanities খণ্ড 10 (14): 42–55. doi:10.1163/26659077-01004003. http://www.manusya.journals.chula.ac.th/files/essay/Terwiel_42-55.pdf. 
  3. 3.0 3.1 3.2 3.3 Peleggi, Maurizio (2010). Mina Roces. ed. The Politics of Dress in Asia and the Americas. Sussex Academic Press. ISBN 9781845193997. 
  4. Jotisalikorn, Chami (2013). Thailand's Luxury Spas: Pampering Yourself in Paradise. Tuttle Publishing. পৃষ্ঠা. 183. 
  5. Saruta (10 September 2002). "Women's Status in Thai Society". Thaiways Magazine. Archived from the original on 31 October 2016. https://web.archive.org/web/20161031113121/http://www.thaiwaysmagazine.com/thai_article/1911_thai_women_status/thai_women_status.html। আহৰণ কৰা হৈছে: 7 November 2016. 
  6. The Royal Gazette, Vol. 58, Page 113. January 21, B.E. 2484 (C.E. 1941). Retrieved on June 4, 2010.
  7. Maxwell, Robyn J.; Gittinger, Mattiebelle (2003). Textiles of Southeast Asia: Tradition, Trade and Transformation. Periplus Editions. ISBN 9780794601041. https://archive.org/details/textilesofsouthe0000maxw. 
  8. Saharat Techanubal (2018), THAILAND FASHION CENTER, p. 14, http://dspace.spu.ac.th/bitstream/123456789/6223/1/56000881_%E0%B8%AA%E0%B8%AB%E0%B8%A3%E0%B8%B1%E0%B8%90%20%E0%B9%80%E0%B8%95%E0%B8%8A%E0%B8%B2%E0%B8%99%E0%B8%B8%E0%B8%9A%E0%B8%B2%E0%B8%A5.pdf 
  9. Banong บานง อัตลักษณ์ความเป็นพื้นถิ่นในวิถีมลายูสู่วิถีแบรนด์บานงจังหวัดยะลา, September 2, 2022, https://yala.prd.go.th/th/content/category/detail/id/370/iid/118195