পৰ্বান্তৰৰ পদ্য
| পৰ্বান্তৰৰ পদ্য | |
|---|---|
| লেখক | আনন্দ বৰমুদৈ (সম্পাদক) |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| প্ৰকাৰ | কবিতা |
| প্ৰকাশক | অসম পাবলিচিং কোম্পানী |
| প্ৰকাশ | 2020 |
| আই.এচ.বি.এন. | 978-93-90043-04-0 |
পৰ্বান্তৰৰ পদ্য (Parbantarar Padya --a New Chapter for Verse, ISBN 978-93-90043-04-0) হ'ল ২০২০ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 'কবিতা অধ্যয়ন গোট'-এ প্ৰকাশ কৰা 'অসমীয়া কবিতাত কেতবোৰ প্ৰসংগ পুনৰ্বিবেচনা আৰু নতুনকৈ বিবেচনা' সন্দৰ্ভত এক ইস্তাহাৰ আৰু কবিতাৰ এক সংকলন। কিতাপখন সংকলন আৰু সম্পাদনা কৰিছে সাহিত্য সমালোচক আনন্দ বৰমুদৈয়ে। ১৪ মাৰ্চ ২০২০ তাৰিখে সাহিত্যিক নগেন শইকীয়াই ডিব্ৰুগড়ত সংকলনটো উন্মোচন কৰে।[1] ইয়াৰ প্ৰকাশক হ'ল অসম পাবলিচিং কোম্পানী। ইয়াত এঘাৰগৰাকী অসমীয়া কবিৰ প্ৰত্যেকৰে দহটাকৈ মুঠ এশ এঘাৰটা মৌলিক কবিতা আৰু বাৰগৰাকী বিদেশী কবিৰ নিৰ্বাচিত কবিতাৰ অসমীয়া অনুবাদ সন্নিৱিষ্ট হৈছে।[2] অসমীয়া কবিসকল হ'ল হৰেকৃষ্ণ ডেকা, অনুভৱ তুলসী, প্ৰণয় ফুকন, ৰাজীব বৰা, বিনোদ চন্দ্ৰ বড়া, কল্যাণ ভূঞা, ৰশ্মিৰেখা বৰা, প্ৰাণজিৎ বৰা, প্ৰকল্প ৰঞ্জন ভাগৱতী, বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই আৰু কাজী নীল। বিদেশী কবিসকল হ'ল ৱাল্ট হুইটমেন, এমিলি ডিকিনছন, উইলিয়াম বাটলাৰ ইয়েটছ, গেব্ৰিয়েলা মিষ্ট্ৰাল, লেংষ্টন হিউজ, নাজিম হিকমত, ফৈজ আহমদ ফৈজ, নিকানোৰ পাৰা, য়েহুদা আমিখায়, শ্বুনটাৰো টানিকাৱা, আন্দ্ৰেই ভোজনেছেনস্কী আৰু বব ডিলন।[3] [4]
সংকলনটোত সন্নিৱিষ্ট হোৱা ইস্তাহাৰখনত কবিতা অধ্যয়ন গোটে অসমীয়া কবিতাক পাঠকৰ ওচৰলৈ লৈ যোৱাৰ উদ্দেশ্যে ছটা প্ৰসংগ পুনৰ্বিবেচনা আৰু নতুনকৈ বিবেচনা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে [5][6]। সেইকেইটা হ'ল:[7][8]
- কবিতাৰ ভাষাক যিমান পাৰি সিমান কথ্যভাষাৰ ওচৰলৈ নিয়া।
- বিৱৰণ বা কাহিনীধৰ্মিতা গুণ কবিতালৈ ঘূৰাই অনা; কিন্তু শব্দৰ ব্যৱহাৰত বাহুল্য বৰ্জন কৰা।
- জনগণ আৰু সমাজৰ মৌলিক প্ৰশ্নবোৰক সচেতনভাৱে সম্বোধন কৰা।
- ছন্দ আৰু লয়ক আধুনিক বিষয়বস্তুৰ লগত খাপ খোৱাকৈ ব্যৱহাৰ কৰা।
- ব্যংগ (Satire) আৰু পৰিহাস(Irony)ৰ ব্যৱহাৰ গুৰুত্বপূৰ্ণ কাব্যকৌশল হিচাপে গ্ৰহণ কৰা।
- কবিতাক ৰাজহুৱা পাঠৰ বাবে উপযোগী কৰি তোলা।
সংকলনটোত সন্নিৱিষ্ট হোৱা অসমীয়া কবিতাখিনিত ইস্তাহাৰৰ লক্ষ্য আৰু উদ্দেশ্য প্ৰতিফলিত হোৱা বুলি 'ভূমিকা'ত সম্পাদকে উল্লেখ কৰিছে।[9]
২੦২১ চনত পৰ্বান্তৰৰ পদ্যৰ দ্বিতীয়টো খণ্ড সমালোচক বিভাষ চৌধুৰীৰ সম্পাদনাত প্ৰকাশ পায়৷[10]
তথ্য সমল
[সম্পাদনা কৰক]- ↑ http://amarasom.glpublications.in/imageview_16087_13272821_4_1_15-03-2020_i_1_sf.html[সংযোগবিহীন উৎস]
- ↑ http://www.assamtribune.com/scripts/spd.asp?id=2020/mar1520/BigPage3.jpg[সংযোগবিহীন উৎস]
- ↑ http://dainikjanambhumi.co.in/15032020/details.php?date=14-05-2014&page=5&article=2.jpg&cid=28664[সংযোগবিহীন উৎস]
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2020-03-29. https://web.archive.org/web/20200329080918/http://asomaditya.com/epaper/m/92937/5e6d86a1d9ee0। আহৰণ কৰা হৈছে: 2020-03-29.
- ↑ https://poetrywithoutfear.com/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%95%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%A4-%E0%A6%95%E0%A7%87%E0%A6%A4%E0%A6%AC%E0%A7%8B%E0%A7%B0-%E0%A6%AA%E0%A7%8D/
- ↑ https://poetrywithoutfear.com/%e0%a6%85%e0%a6%b8%e0%a6%ae%e0%a7%80%e0%a6%af%e0%a6%bc%e0%a6%be-%e0%a6%95%e0%a6%ac%e0%a6%bf%e0%a6%a4%e0%a6%be%e0%a6%a4-%e0%a6%95%e0%a7%87%e0%a6%a4%e0%a6%ac%e0%a7%8b%e0%a7%b0-%e0%a6%aa%e0%a7%8d/
- ↑ ('পৰ্বান্তৰৰ পদ্য', পৃ: .১৪)
- ↑ https://poetrywithoutfear.com/%e0%a6%85%e0%a6%b8%e0%a6%ae%e0%a7%80%e0%a6%af%e0%a6%bc%e0%a6%be-%e0%a6%95%e0%a6%ac%e0%a6%bf%e0%a6%a4%e0%a6%be%e0%a6%a4-%e0%a6%95%e0%a7%87%e0%a6%a4%e0%a6%ac%e0%a7%8b%e0%a7%b0-%e0%a6%aa%e0%a7%8d/
- ↑ ('পৰ্বান্তৰৰ পদ্য', পৃ: .১৫)
- ↑ https://scientiabooks.in/product/parbantarar-padya-dwiteeya-parba/