ফিজিকেল ৰিভিউ লেটাৰছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফিজিকেল ৰিভিউ লেটাৰছ
Physical Review Letters
 
অধ্যয়নৰ ক্ষেত্ৰ পদাৰ্থ বিজ্ঞান
ভাষা ইংৰাজী
সম্পাদক Hugues Chaté
Reinhardt B. Schuhmann
Robert Garisto
Samindranath Mitra
প্ৰকাশন তথ্য
ইতিহাস ১৯৫৮–বৰ্তমানলৈ
প্ৰকাশক
ধৰণ সাপ্তাহিক
আংশিক
৯.২২৭ (২০১৮)
মানক সংক্ষিপ্ত ৰূপ
ISO 4 ফিজ. ৰিভ. লেট.
(Phys. Rev. Lett.)
সূচাংক
CODEN PRLTAO
ISSN 0031-9007
1079-7114
LCCN 59037543
OCLC no. 1715834
লিংক
*জাৰ্ণেলৰ মুখ্যপৃষ্ঠা

ফিজিকেল ৰিভিউ লেটাৰছ (ইংৰাজী: Physical Review Letters, চমুকৈ PRL) , ১৯৫৮ চনৰ পৰা প্ৰকাশ পাই অহা এখন সমীক্ষিত (ইংৰাজী: peer reviewed) পদাৰ্থবিজ্ঞান বিষয়ৰ বৈজ্ঞানিক গৱেষণা পত্ৰিকা। আমেৰিকান ফিজিকেল চছাইটিৰ দ্বাৰা এই পত্ৰিকা এবছৰত সাপ্তাহিক ভাৱে ৫২টা সংখ্যা প্ৰকাশ হয়। Journal Citation Reports impact factor-কে ধৰি বিভিন্ন মানক মাপন অনুসৰি ফিজিকেল ৰিভিউ লেটাৰছ পদাৰ্থবিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰত সৰ্বোকৃষ্ট পত্ৰিকাসমূহৰ অগ্ৰণী। [1][2][3]

PRL ছপা পত্ৰিকা হিচাপে প্ৰকাশ পোৱাৰ উপৰিও ইলেক্ট্ৰনিক ফৰ্মেট, অনলাইন আৰু চি ডি-ৰ'ম হিচাপেও প্ৰকাশিত হয়। পদাৰ্থবিজ্ঞান আৰু ইয়াৰ সমন্বিত অন্যান্য বৈজ্ঞানিক ক্ষেত্ৰসমূহৰ মৌলিক গৱেষণালব্ধ শেহতীয়া তাৎপৰ্যপূৰ্ণ আৰু উল্লেখনীয় ফলাফল তথা ব্যাখ্যাসমূহৰ খৰতকীয়া প্ৰচাৰেই এই পত্ৰিকাখন প্ৰকাশৰ কেন্দ্ৰীয় উদ্দেশ্য। "Letters" শীৰ্ষক চমু প্ৰতিবেদন জৰিয়তে গুৰুত্বপূৰ্ণ বৈজ্ঞানিক তথ্যসমূহ খৰতকীয়াকৈ প্ৰকাশ কৰা হয়। গৱেষণা পত্ৰসমূহ ইলেক্ট্ৰনিক মাধ্যমেৰেও প্ৰকাশিত হয় আৰু এইবোৰ ক্ৰমানুসাৰে সূচীকৰণ কৰা হয়। এইদৰে প্ৰকাশ কৰাৰ ফলত পিছৰ গৱেষণা পত্ৰসমূহে প্ৰাসংগিক পূৰ্ববৰ্তী পত্ৰসমূহ উদ্ধৃত কৰিবৰ বাবে উপলব্ধ হয়। ফিজিকেল ৰিভিউ লেটাৰছ পত্ৰিকাখনৰ বৰ্তমান চাৰিজন সম্পাদক আছে : Jack Sandweiss, George Basbas, Robert Garisto, আৰু Reinhardt B. Schuhmann। [1][4]

ক্ষেত্ৰ আৰু ব্যৱস্থাপনীয় প্ৰাৰূপ[সম্পাদনা কৰক]

ফিজিকেল ৰিভিউ লেটাৰছ এখন আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন আৰু বহুলভাৱে পঠিত পদাৰ্থবিজ্ঞানৰ গৱেষণা পত্ৰিকা। পদাৰ্থবিজ্ঞানৰ অগ্ৰগতিৰ লগতে অন্যান্য সমন্বিত বৈজ্ঞানিক ক্ষেত্ৰৰ গৱেষণালব্ধ ফলাফল আৰু তথ্য সাপ্তাহিকভাৱে এই পত্ৰিকাখনে প্ৰকাশ কৰে। এই আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাখনত প্ৰকাশিত বিভিন্ন বিষয়বস্তুসমূহেই পত্ৰিকাখনৰ প্ৰতিটো অনুচ্ছেদসমূহৰ শিৰোনাম। অনুচ্ছেদসমূহ নিম্নোক্ত ধৰণে বৰ্ণনা কৰা হয় (সূচীপত্ৰ):[1][5][6]

উল্লেখযোগ্য যে, এই পত্ৰিকাখনত নিৰ্বাচিত নিৱন্ধৰ এটা অনুচ্ছেদ প্ৰকাশিত হয়। এই অনুচ্ছেদত পত্ৰিকাখনৰ সম্পাদকমণ্ডলীৰ দ্বাৰা নিৰ্বাচিত বিশেষ নিৱন্ধ বা গৱেষণা পত্ৰ সন্নিবিষ্ট হয়। এই নিবন্ধ অথবা গৱেষণা পত্ৰসমূহ Viewpoint in Physics -ত সামৰি লোৱা হয়। এই বিশেষ অনুচ্ছেদটোৰ নিৰ্বাচনৰ আন এটা চৰ্ত হৈছে যে, এই নিৱন্ধসমূহ Physical Review Focus-ত বিশেষ নিৱন্ধ হিচাপে ভূমুকি মৰাটো। অৱশ্যে সম্পাদক মণ্ডলীয়ে তাৎপৰ্যপূৰ্ণ বুলি বিবেচনা কৰা অন্যান্য বৈজ্ঞানিক কাৰণৰ জৰিয়তেও নিৰ্বাচিত প্ৰবন্ধ শিতানৰ বাবে গৱেষণা পত্ৰ নিৰ্বাচিত হ'ব পাৰে। [5][6]

চমু ইতিহাস[সম্পাদনা কৰক]

১৮৯৯ চনৰ ২০ মে' তাৰিখে ৩৬ জন বিশিষ্ট পদাৰ্থবিদ নিউ ইয়ৰ্ককলম্বিয়া বিশ্ববিদ্যালয়ত সন্মিলিত হৈ আমেৰিকান ফিজিকেল চছাইটি প্ৰতিষ্ঠা কৰিছিল। এই ৩৬ গৰাকী পদাৰ্থবিদে সিদ্ধান্ত কৰিলে যে, আমেৰিকান ফিজিকেল চছাইটি(ইংৰাজীত চমুকৈ APS)-ৰ মুখ্য উদ্দেশ্য হ'ব: "to advance and diffuse the knowledge of physics"। আৰম্ভণিৰ সময়ছোৱাত পদাৰ্থবিজ্ঞানৰ প্ৰকাশ আৰু প্ৰচাৰ মূলতঃ ত্ৰিমাসিক বৈজ্ঞানিক সভাতেই সীমাবদ্ধ আছিল। ১৯১৩ চনত APS-এ ১৮৯৩ চনৰে পৰা প্ৰকাস পাই অহা Physical Review কতৃত্ব আৰু দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ লগে লগে বৈজ্ঞানিক পত্ৰিকা প্ৰকাশ কৰাটোও APS-ৰ এটা মুখ্য উদ্দেশ্য হৈ পৰিল। Reviews of Modern Physics ৰ পিছতেই ১৯২৯ চনত Physical Review আৰু ১৯৫৮ চনত Physical Review Letters -ৰ প্ৰকাশৰ সূচনা হয়। ফিজিকেল ৰিভিউ লেটাৰছৰ প্ৰথম সংস্কৰণৰ প্ৰথম সংখ্যাটো ১৯৫৮ চনৰ ১ জুলাইত প্ৰকাশিত হৈছিল। সময় বাগৰাৰ লগে লগে পদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰখনৰ পৰিসীমা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিবলৈ ধৰিলে আৰু ইয়াৰ লগে লগে গৱেষণা পত্ৰৰ সংখ্যাও ক্ৰমাত বৃদ্ধি পাই আহিল। ইয়াৰ ফলশ্ৰুতিতেই, Physical Review -ক পৰৱৰ্তী সময়ত ৫টা বিশেশীকৃত ভাগলৈ বিভক্ত কৰা হ'ল। ফিজিকেল ৰিভিউ লেটাৰছ-ৰ পৰা এই আন ৫খন গৱেষণা পত্ৰিকা পৃথক।[7][8]

নিগূঢ়কৰণ, সূচীকৰণ, আৰু প্ৰভাৱী সূচ্যাংক[সম্পাদনা কৰক]

২০১২ চনৰ তথ্য অনুযায়ী ফিজিকেল ৰিভিউ লেটাৰছ ৰ প্ৰভাৱী সূচ্যাংক (ইংৰাজী: impact factor) ৭.৯৪৩। এই সূচ্যাংক নিম্নোক্ত গ্ৰন্থসূচক তথ্যভাণ্ডাৰ (ইংৰাজী: bibliographic databases) সমূহত সূচিত হৈছে। :[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "About Physical Review Letters". American Physical Society. http://prl.aps.org/about। আহৰণ কৰা হৈছে: 2010-07-09. 
  2. J. Bollen, M.A. Rodriguez, H. Van de Sompel (2006). "Journal Status". Scientometrics খণ্ড 69 (3): 669–687. doi:10.1007/s11192-006-0176-z. "The Prestigious Journal category reveals a collection of highly esteemed Physics journals: Journal of Applied Physics, Physical Review E, Physical Review Letters, and the Journal of Magnetism and Magnetic Materials to name a few.". 
  3. "New associate editor for Physical Review Letters". Central Laser Facility, Rutherford Appleton Laboratory. 2011. http://www.clf.rl.ac.uk/20535.aspx। আহৰণ কৰা হৈছে: 2010-12-31. "Professor Peter Norreys has been appointed Divisional Associate Editor for the American physical society's most prestigious journal "Physical Review Letters" for three years, starting from 1st January 2011." .
  4. "Physical Review Letters Staff". American Physical Society. http://prl.aps.org/staff। আহৰণ কৰা হৈছে: 2010-07-09. 
  5. 5.0 5.1 "Table of Contents". Physical Review Letters খণ্ড 102 (17). 1 May 2009. http://prl.aps.org/toc/PRL/v102/i17. 
  6. 6.0 6.1 "Table of Contents". Physical Review Letters খণ্ড 105 (1). 2 July 2010. http://prl.aps.org/toc/PRL/v105/i1. 
  7. "Society History". American Physical Society. http://www.aps.org/about/history/index.cfm। আহৰণ কৰা হৈছে: 2010-07-09. 
  8. "Table of Contents". Physical Review Letters খণ্ড 1 (1). 1 July 1958. http://prl.aps.org/toc/PRL/v1/i1। আহৰণ কৰা হৈছে: 2010-07-09. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]