ফুখাও চাম ৱা মটক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফুখাও চাম ৱা মটক  
লেখক ড° কৰবী বৰুৱা গগৈ
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় মটক জনগোষ্ঠী
প্ৰকাৰ গৱেষণা গ্ৰন্থ
পৃষ্ঠা সংখ্যা ২৬৬

ফুখাও চাম ৱা মটক ড° কৰবী বৰুৱা গগৈয়ে ৰচনা কৰা এখন গৱেষণামূলক গ্ৰন্থ। টাই ভাষাৰ শব্দৰে গ্ৰন্থখনৰ নামকৰণ কৰা হৈছে আৰু ইয়াৰ অৰ্থ হ'ল ফুখাও অথবা মটক। গ্ৰন্থখনত মটক জনগোষ্ঠীৰ বিভিন্ন দিশ সামৰি ১৮টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা হৈছে (দ্বিতীয় সংস্কৰণত আৰু ২টা প্ৰবন্ধ সংযোগ কৰা হয়)।

লেখকৰ পৰিচয়[সম্পাদনা কৰক]

ড°কৰবী বৰুৱা গগৈৰ জন্ম হয় ১৯৭৮ চনত, ডিব্ৰুগড়ৰ বামুণীয়া হিলৈধাৰী গাঁৱত। পিতৃ গোবিন চন্দ্ৰ বৰুৱা আৰু মাতৃ কশমা বৰুৱা। দিগন্ত কুমাৰ গগৈৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ড° কৰবী বৰুৱা গগৈয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ২০০৪ চনত এম. ফিল. আৰু ২০১৫ চনত পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে। তেখেত বৰ্তমান তিনিচুকীয়া ৱিমেনচ কলেজত সহকাৰী অধ্যাপক পদত কৰ্মৰত।

গ্ৰন্থৰ পৰিচয়[সম্পাদনা কৰক]

২০১৪ চনৰ জুলাই মাহত প্ৰথম প্ৰকাশ হোৱা গ্ৰন্থখনৰ প্ৰথম প্ৰবন্ধটোত মটক জনগোষ্ঠীৰ পৰিচয় আৰু জনগোষ্ঠীটোৰ ইতিহাস সম্পৰ্কে দিয়া হৈছে। দ্বিতীয় প্ৰবন্ধত অসমলৈ মটকসকলৰ প্ৰব্ৰজনৰ বিষয়ে লিখিছে। মটকসকল বৈষ্ণৱ ধৰ্মৰ লোক যদিও তেওঁলোকৰ মাজত বহুতো অবৈষ্ণৱ পৰম্পৰা আছে। এইবিলাকৰ বিষয়ে তৃতীয় প্ৰবন্ধটোত আছে। চতুৰ্থ প্ৰবন্ধত মটকসকলৰ মাজত প্ৰচলিত ধৰ্মৰ পৰম্পৰা আৰু মায়ামৰা ধৰ্মৰ পৰম্পৰাৰ সংমিশ্ৰিত ধৰ্ম সম্পৰ্কে লিখা হৈছে। ইয়াৰ পিছৰ প্ৰবন্ধটোত আছে টাই ভাষাৰ পুথিবিলাকত দিয়া মটকসকলৰ পৰিচয়। মটক জনগোষ্ঠীৰ লোকসকলে পালন কৰি অহা পৰম্পৰাগত সামাজিক পদ্ধতি, পৰিয়াল, বংশ, খেল, ধৰ্ম,সংস্কৃতি, শিক্ষা, জীৱিকা আদি তথা সমাজ জীৱনৰ বিষয়ে আলোচনা আগবঢ়োৱা হৈছে ইয়াৰ পিছৰ প্ৰবন্ধত। পিছৰ প্ৰবন্ধত মটকসকলৰ পৰম্পৰাগত খাদ্যাভাস,সাজ-পোছাক আৰু অলংকাৰৰ বিষয়ে আছে। মটকসকলৰ পৰম্পৰাগত বিবাহ পদ্ধতি আৰু জন্ম আৰু মৃত্যু সম্পৰ্কীয় সংস্কাৰ বিষয়ে পৰৱৰ্তী প্ৰবন্ধ দুটাত বহলাই আলোচনা কৰা হৈছে। মটক জনগোষ্ঠীৰ লোক উৎসৱ : এটি অধ্যয়ন প্ৰবন্ধটোত লোক-উৎসৱৰ এখন তালিকা প্ৰস্তুত কৰি এইবোৰৰ সম্যক আলোচনা যুগুত কৰা হৈছে। মটকসকলৰ পৰম্পৰাগত গছতলৰ বিহু বিষয়টো সম্পৰ্কত একাদশ প্ৰবন্ধটো যুগুত কৰা হৈছে। পৰৱৰ্তী প্ৰবন্ধটোএই জনগোষ্ঠীৰ গ্ৰাম্য সমাজ জীৱনত থকা শিক্ষাৰ প্ৰাসংগিকতা সম্পৰ্কত এক চিন্তামূলক প্ৰবন্ধ। মটকসকলৰ লখিমী সবাহ আৰু তেওঁলোকৰ মাজত প্ৰচলিত লোকগীত, কথিত ভাষাৰ বিষয়ে পিছৰ প্ৰবন্ধকেইটাত সন্নিৱিষ্ট আছে। মটক মহিলাসকলৰ তিনিটা প্ৰবন্ধই গ্ৰন্থখনত ঠাই পাইছে। মহিলাসকলৰ মাজত প্ৰচলিত উৎসৱ-অনুষ্ঠান, সামাজিক-সাংস্কৃতিক জীৱনত মহিলাৰ ভূমিকা, মটক সমাজত নাৰী এনে বিষয়ৰ ভিত্তিত ৰচিত। টাই মংগোলীয় জনগোষ্ঠীৰ সৈতে মটকসকলৰ সমন্ধ নিৰ্ণয় কৰা হৈছে পৰৱৰ্তী প্ৰবন্ধটোত। একেবাৰে শেষৰ প্ৰবন্ধটো এই লোকসকলৰ মাজত প্ৰচলিত লোকাচাৰ আৰু সামাজিক বিশ্বাসৰ আধাৰত যুগুত। গ্ৰন্থখনৰ শেষৰ অংশত ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত থকা মটক লোকৰ গাঁৱৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ড°কৰবী বৰুৱা গগৈ. ফুখাও চাম ৱা মটক.