সমললৈ যাওক

ফুলগুৰি ধেৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফুলগুৰি ধেৱা সম্পাদনা

ফুলগুৰি ধেৱা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ। বিদেশী ইংৰাজ চৰকাৰৰ শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্ৰোহ। ১৮৬১ চনত (১৮ অক্টোবৰ) এই বিদ্ৰোহ সংঘটিত হৈছিল নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰিত। ফুলগুৰি আছিল তিৱা জনবসতিপূৰ্ণ এখন গাঁও য'ত অত্যাধিক পৰিমাণৰ আফু খেতি কৰা হৈছিল ।

এই বিদ্ৰোহ ফুলগুৰি ধেৱা নামেৰে খ্যাত। ইংৰাজ আৰু চিপাহীবোৰে তেতিয়া বিদ্ৰোহক ধাৱা বুলি অভিহিত কৰিছিল আৰু সেই ধাৱা অপভ্ৰংশ ৰূপত প্ৰচলিত হ’ল ধেৱা ৰূপে। উপযুক্ত নেতৃত্ব অবিহনেই জিলাখনৰ বিভিন্ন অঞ্চলৰপৰা কৃষকসকল স্বতঃস্ফূৰ্তভাৱে আহি সংঘটিত কৰা এই বিদ্ৰোহে অসমত কৃষক বিদ্ৰোহ, আন্দোলনৰ পাতনি মেলিছিল। ১৮৬১ চনত ব্ৰিটিছ চৰকাৰে আফু খেতি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত সমগ্ৰ তিৱা জাতিটোৰ লোকসকল অতিশয় অসন্তুষ্ট হৈ পৰে , কিয়নো চৰকাৰী কানি প্ৰচলন বন্ধ কৰা নাছিল। তদুপৰি তামোল পাণৰ ওপৰতো কৰ লগাব বুলি বাতৰি প্ৰকাশ পাইছিল।

বিদ্ৰোহৰ পূৰ্বৰ ঘটনাৱলী

[সম্পাদনা কৰক]

১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্ৰয়োজন হোৱাত ১৮৫০ চনৰ জেমচ্‌ উইলচনৰ উপদেশমতে লগোৱা আয়কৰ অসমতো (নগাঁৱকে ধৰি) বলৱৎ কৰা হ’ল। সাধাৰণ কৃষকে কৰকাতলৰ হেঁচাত মূৰ দাঙিব নোৱাৰা অৱস্থাত ১৮৫৮ চনত গোচৰ আদিৰ সংখ্যা কম কৰাৰ অজুহাতত আদালতৰ নিষেধাজ্ঞা উলঙ্ঘন কৰি নগাঁৱতো ষ্টাম্প ডিউটী লগালে। কামৰূপ, দৰং আৰু নগাঁৱৰ সদৰত আবকাৰী কৰ লগালে। কৰ উঠাওঁতে কৰতকৈ অধিক খৰচ হ’ব বুলি জনজাতীয় এলেকা ইয়াৰপৰা বাদ পৰিল।[1] নদী- বিলত মাছ মাৰিবলৈ নিৰ্দিষ্ট মহল কৰি সৰ্বোচ্চ ডাক দিয়াজনৰ লগতে বন্দোৱস্তী দি জলকৰ লোৱাৰ ব্যৱস্থা কৰিলে। কঠৰ ওপৰত গড়মাটি কৰ, ইকৰা খাগৰিৰ ওপৰত বনকৰ আৰু চৰণীয়া পথাৰৰ বাবে খুচাৰীকৰ ধাৰ্য কৰে।[2] হাট- ঘাটত অধিক ডাকত বিক্ৰী কৰাৰ বাবে জমা স্থিৰ কৰে। ফলস্বৰূপে এনেয়ে ভাগি পৰা কৃষকৰ আৰ্থিক অৱস্থাত নতুন হেঁচা পৰে। বাৰী- চাপৰি মাটিত সৰহকৈ আফুখেতি কৰাত তাৰ ৰসেৰে কানি তৈয়াৰ কৰিবলৈ লোৱাত খাজনা সংগ্ৰহৰ পৰিমাণ কমিছে বুলি ১৮৫১- ৫২ত চৰকাৰে নিজে আবকাৰী কানি বেচা প্ৰথা অৱলম্বন কৰে। তেওঁলোকে ভাবিছিল মানুহে সৰহ পইচা দি কানি কিনিব লগা হ’লে কানি খোৱাটো কমাব। অভ্যস্ত কানিয়াই যিমানেই দাম হওক কানি কিনিব বুলি আৰু পইচাৰ বাবে চাহবাগানত কাম কৰিব বুলি চাহ খেতিয়কে ধৰি লৈছিল। কানিয়াক আবকাৰী কানিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হবলৈ ১৮৬১ চনত আফু খেতি কৰাটো বন্ধ কৰে। সৰহ দামত কানি কিনিব নোৱাৰি কৃষক, বিশেষকৈ জনজাতীয় এলেকাৰ মানুহ অতিকৈ বিতুষ্ট হয় (বেণুধৰ কলিতাই তেওঁৰ ফুলগুৰি ধেৱা নামৰ গ্ৰন্থখনত এনেদৰে লিখিছে- “ৰাইজে যেতিয়া দেখিলে যে জনসাধাৰণৰ উপকাৰৰ অৰ্থে চৰকাৰে কানি তুলিবলৈ ইচ্ছা কৰা নাই। কৰিছিল একমাত্ৰ কানি খেতি অসমীয়াৰ হাতৰপৰা নি চৰকাৰীভাৱে কৰি বেছি দামত বিক্ৰী কৰি সস্তীয়া দৰত বিলাতী চাহ বাগিচাত অসমীয়া কুলিৰ সৃষ্টি কৰাটোহে, তেতিয়া ৰাইজ অসন্তুস্ত হৈছিল। ”)

বিভিন্ন কৰত জুৰুলা নগঞা মানুহৰ মাজত প্ৰচাৰ হ’ল যে চৰকাৰে ঘৰ, বাৰী আৰু পামৰ খেতিৰ ওপৰতো কৰ লগাব খুজিছে। এনে সময়ত লাইচেঞ্চ টেক্স আৰোপ কৰাত চৰকাৰে অসত্য বুলি প্ৰচাৰ কৰাটো ৰাইজে ধৰি ল’লে পাণ তামোলৰ ওপৰতো কৰ লগাব। উত্তপ্ত ৰাইজে নতুন কৰ আৰু আফু খেতি বন্ধ কৰাৰ বিৰুদ্ধে ৰাইজ মেল পাতিলে। ১৮৬১ চনৰ চনৰ ছেপ্টেম্বৰৰ ৭ তাৰিখে এহেজাৰ কৃষকে কৰ বৃদ্ধিৰ ফলত হোৱা দুখ- দুৰ্গতিৰ কথা জনাবলৈ নগাঁও সদৰত উপস্থিত হ’ল। চি. চি. হাৰবাৰ্ট স্বনচৰ কক্ষত সোমাই গ’ল। তেওঁ আন কামত ব্যস্ত থকাত ৰাইজৰ সমস্যা সম্পৰ্কে শুনি বুজনি দিয়াৰ পৰিবৰ্তে উচ্ছৃঙ্খল অৱস্থাৰ সৃষ্টি কৰা বুলি মিছা অভিযোগত তেওঁলোকক জৰিমনা কৰাৰ লগতে থানাত আৱদ্ধ কৰে।[3] কৃষক ৰাইজে ইংৰাজ চাহাবৰ অভদ্ৰাচৰণ আৰু দুব্যৱহাৰত বৰকৈ ক্ষুণ্ণ হয়। কোনোবা প্ৰভাৱশালী মানুহৰ হস্তক্ষেপত তেওঁলোকক গধূলালৈ মুকলি কৰি দিয়ে, তাত যেনিবা অন্য কোনো অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি হবলৈ নাপালে। পুনৰ ৯ অক্টোবৰৰ দিনা গাঁওবুঢ়া আৰু মুখিয়াল কৃষকে আফুখেতি বন্ধ কৰাৰ প্ৰতিবাদত আৰু বাৰী আৰু পাণৰ ওপৰত লগোৱা সাম্ভাৱ্য কৰৰ বিৰোধিতা কৰি নিয়মমতে প্ৰতিবাদ জনায়। [4] কৃষকে তাৰ একো ফল নোপোৱাত তেওঁলোক পুনৰ কাছাৰীলৈ গৈ প্ৰতিবাদ কৰাৰ কথা বাদ দিয়ে।[5] তেওঁলোকে কৰ পৰিশোধ নকৰাৰ সিদ্ধান্ত কৰে আৰু চৰকাৰৰ কাণত দুখ- দুৰ্গতিৰ কথা সুমুৱাবৰ নতুন উপায় চিন্তা কৰে। শেষত এই বিষয়ত আলোচনা কৰিবলৈ পোন্ধৰ অক্টোবৰৰ পৰা একেলেঠাৰীয়ে পাঁচদিন জুৰি মেল পাতিবলৈ আৰু প্ৰতিটো চুকে কোণে থকা মানুহ জাতে সভালৈ আহে আৰু তাৰ ব্যৱস্থা ল’বলৈ সিদ্ধান্ত কৰে। ডেপুটি কমিচনাৰে চোৰাংচোৱাৰ মুখে সকলো জানি ১৪ অক্টোবৰত এজন দাৰোগা পঠিয়াই সভাস্থলীত গোটখোৱা মানুহবোৰ আঁতৰাই পঠাবলৈ আৰু মুখিয়াল কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। পোন্ধৰ অক্টোবৰৰ দিনা পুলিচে মানুহবোৰক আঁতৰি যাবলৈ কোৱাত তেওঁলোকক অকনো গুৰুত্ব নিদি তেওঁলোকৰ হুকুম অমান্য কৰে কাৰণ তেওঁলোকে সমূহীয়া স্বাৰ্থৰ কথা আলোচনা কৰিবলৈহে তাত গোট খাইছে। সৰহীয়া মানুহৰ সভা, তাৰে কিছুমানে লাঠীলৈ সু- সজ্জিত হৈ থকাত পুলিচ আঁতৰি গৈ ডেপুটি কমিচনাৰক সকলো জনালেগৈ। ১৫ অক্টোবৰৰ শেষ নিশা নগাঁও থানাৰ দাৰোগা হলধৰ বৰুৱা এজন মহৰী, জামাদাৰ আৰু ১০টা বৰকান্দাজ লৈ ১৬ তাৰিখে পুৱা ফুলগুৰি পায়। জন সমুদ্ৰক আঁতৰাই পঠোৱাত বিফল হয়। সেই দিনাৰ সন্ধিয়া চাৰিটা বৰকান্দাজ আৰু পল্টনীয়া সেনা লৈ কীৰ্ত্তীকান্ত মহৰী ফুলগুৰি পায়। ১৭ তাৰিখে আগবেলা ১০ বজাত মানুহবোৰ আকৌ গোট খাবলৈ ধৰিলে। ২ বজাত প্ৰায় ৩,০০০- ৪,৫০০ মান মানুহ গোট খালে। তাৰে প্ৰায় ৫০০- ৬০০ মানুহৰ হাতত লাঠী আছিল। ১৮৬১ চনৰ ২৯ নবেম্বৰত হাবাৰ্ট স্কঞ্চে দাৰোগা হলধৰ বৰুৱাৰ প্ৰতিবেদন কমিচনাৰলৈ পঠিয়াইছিল। দাৰোগাই কেইজনমানক ধৰিছিল যদিও মানুহে সেইবিলাকক মুক্ত কৰি নিয়ে। লেফটেনেণ্ট স্কনচ চাহেবে ১৮ তাৰিখে নিজে ফুলগুৰিত থাকিব বুলি খবৰ দিয়ে।[6] পিছত তেও নিজে নাহিল।

পিয়লি ফুকন, মণিৰাম দেৱানৰ কৰুণ স্মৃতিক লৈ গোৱা গীতবোৰৰ দৰে ফুলগুৰি ধেৱাৰ বেদনাদায়ক স্মৃতিক লৈয়ো অঞ্চলটোৰ মানুহৰ মুখে মুখে কিছুমান গীত প্ৰচলিত হৈছিল। যেনে- অ’ আইটী/ অ’ আইটী তিনিজোপা আহতৰ তলতে, অ’ আইটী ধেৱাখন লাগিলে. ৰূপচিং- চিৰচিং- বাহু- বনমালী... “॥

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Mills, ASM, Report Assam, Page 24
  2. Mills ASM Report, Page 20
  3. Home Public- B 1862 13 June No. 83- 7. Hopskinson to secy general of Bengal, 30th Nov, 1861
  4. Hopskinson to secy general of Bengal, 30th Nov. 1861
  5. Rightly or wrongly the villagers had joined an idea that they could not heading from the D. C. Allance AEseseam District Gageetters (Now rest) 1950 P. 56
  6. Assam District Gageetter Vol. V Nowgong B. C. Allan)