ফেঁচা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফেঁচা
সাময়িক পৰিসৰ: Late Paleocene–Recent
Little Owl (Athene noctua)
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: প্ৰাণী
শ্ৰেণী: Aves
Superorder: Falconimorphae
বৰ্গ: Strigiformes
Wagler, 1830
Families

Strigidae
Tytonidae
Ogygoptyngidae (fossil)
Palaeoglaucidae (fossil)
Protostrigidae (fossil)
Sophiornithidae (fossil)

Range of the Owl, all species.
সমাৰ্থক

Strigidae sensu Sibley & Ahlquist

ফেঁ‌চা (ইংৰাজী: Owls) হৈছে ষ্ট্ৰিজিফৰ্মেছ (/ˈstrɪəfɔrmz/) ক্ৰমৰ পক্ষী। ইয়াৰে ২০০ৰো অধিক প্ৰজাতিৰ বেছিভাগেই একাকী আৰু নিশাচৰ চিকাৰী। ফেঁ‌চাক উলম্ব স্থিতি, ডাঙৰ আৰু বহল মূৰ, তীক্ষ্ণ দৃষ্টি, উচ্চ শ্ৰৱণ শক্তি, চোকা ঠেং আৰু নীৰৱতাৰে উৰিব পৰাকৈ গঠিত ডেউকাৰ দ্বাৰা চিহ্নিত কৰা হয়।

বেছিভাগ ফেঁ‌চাই সৰু সৰু স্তন্যপায়ী প্ৰাণী, পোক-পৰুৱা আৰু অন্যান্য চৰাই চিকাৰ কৰে যদিও কেইটামান প্ৰজাতি মাছ চিকাৰত পাকৈত। মেৰু অঞ্চলৰ হিমশিখৰ আৰু কিছুমান দূৰৱৰ্তী দ্বীপৰ বাহিৰে পৃথিৱীৰ সকলো অঞ্চলতে ইহঁতক পোৱা যায়।

ফেঁ‌চাক দুটা পৰিয়ালত ভাগ কৰা হয়: প্ৰকৃত (বা সাধাৰণ) ফেঁ‌চা পৰিয়াল ষ্ট্ৰিজিডে আৰু বাৰ্ন-ফেঁ‌চা পৰিয়াল টাইটনিডে।

ফেঁ‌চাৰ একোটা দলক ইংৰাজীত "পাৰ্লিয়ামেণ্ট" বোলা হয়।[1] সংস্কৃতত ফেঁচাক ’উলুক’ বুলি কোৱা হয়। সংকৃতত ফেঁচাক বুজোৱা আন এটা শব্দ হ’ল ’পেচক’। প্ৰাণীবিজ্ঞানৰ পৰিভাষাত ফেঁচাক ’অ’টাছ স্পাইটোচেফালাছ’ (Otus Spitocephalus) বুলি কোৱা হয়।

বৈশিষ্ট্য[সম্পাদনা কৰক]

ফেঁচা হ’ল দিনকণা প্ৰাণী অৰ্থাত্‌ ফেঁচাই দিনত নেদেখে। পোহৰত একো নেদেখা ফেঁচাই ওৰে দিনটো গছৰ খোৰোং, শিলৰ ফাঁক অথবা ফেৰেঙনিৰ ছাঁত টোপনি মাৰি থাকি আন্ধাৰ হোৱাৰ লগে লগে সাৰ পায় আৰু অতি সষ্টম হৈ নিজৰ চৌপাশৰ সুৰক্ষাত নজৰ দিবলৈ ধৰে। ৰাতিৰ পৰটোৱে ফেঁচাৰ খাদ্য গোটোৱাৰ পৰ। গতিকে ফেঁচাই নিশা আৰম্ভ হোৱাৰ লগে লগেই চিকাৰৰ সন্ধানত ব্যস্ত হৈ পৰে। কাঠনিবাৰীৰ ওখ গছ, থিয় পৰ্বত, পুৰণি অট্টালিকাৰ ধ্বংসাৱশেষ আৰু পকী ঘৰৰ মূধচত পৰি ই চিকাৰৰ অনুসন্ধান কৰে। ফেঁচাই শষ্য বিনাশকাৰী প্ৰাণীবোৰ ধৰি মাৰি খায়। এন্দুৰ-নিগনি, ফৰিং আদি চিকাৰ কৰি খেতিপথাৰবোৰ নিৰাপদ আৰু সুৰক্ষিত কৰি ৰাখে। সেয়ে ফেঁচাক ’কৃষক বন্ধু’ বুলিও কোৱা হয়। ফেঁচাৰ দৃষ্টি শক্তি অতি প্ৰখৰ। পথাৰত ঘূৰি ফুৰা নিগনি, শষ্যনাশক ফৰিং-গান্ধীপোক আদি আৰু ৰাতিৰ আন্ধাৰত জিৰণি লোৱা চৰাইবোৰো ফেঁচাৰ চকুৰ পৰা সাৰি যাব নোৱাৰে। য’তেই নাথাকক কিয়, আঁউসীৰ ঘিট্‌মিটিয়া আন্ধাৰতো ফেঁচাই এই সকলোবোৰ জ‌ল্‌জল্‌-পট্‌পট্‌কৈ দেখা পায়। ফেঁচাই তাৰ মূৰটো ১৮০ ডিগ্ৰীপৰ্যন্ত ঘূৰাব পাৰে। এই সুবিধাটোৱে চিকাৰটোৰ গতি-বিধি লক্ষ্য কৰি থকাত ফেঁচাক প্ৰচুৰ সহায় কৰে। এনেদৰে গতি-বিধি লক্ষ্য কৰি সাউত্‌ কৰে উৰি গৈ চিকাৰটো পোন পোনে ধৰি পেলায়। হাতোৰাৰ সুদৃঢ় আৰু তীক্ষ্ণ নখকেইটাৰ জৰিয়তে ফেঁচাই সহজতে চিকাৰ ধৰে আৰু গোটে গোটে গিলি পেলায়। আন চৰাই বা চিকাৰী জন্তুৰ দৰে ফেঁচাই তাৰ চিকাৰটো ফালি-ছিৰি খাবলগীয়া নহয়। সেই বাবেই নেকি ইয়াৰ ঠোঁটটো বৰশী এটাৰ দৰে বেঁকোৰা। ফেঁচাৰ পাখিবোৰো অতি কোমল। সেয়ে পাখি কোবাই উৰি যাওঁতে কোনোধৰণৰ ঢপঢপনি শব্দ নহয়। ফলত সি ধৰি খোৱা চিকাৰবোৰে তাৰ আগমনৰ কথা জানিব নোৱাৰে আৰু সি নি:শব্দে গৈ সিহঁতক ধৰি গিলি থয়। ফেঁচাৰ চকু দুটাৰ সমানে তাৰ শ্ৰৱণ শক্তিমান কাণ দুখনেও চিকাৰৰ গতি-বিধি নিৰ্ণয় কৰাত সহায় কৰে। চকুহাল ডাঙৰ ডাঙৰ হোৱা সত্ত্বেও ফেঁচাই চকুতকৈ কাণ দুখনৰহে অধিক সহায় লৈ চিকাৰ বিচাৰি উলিয়ায়। অতি সামান্য শব্দৰ পৰাই চিকাৰ কৰিবলগা প্ৰাণীটো ক’ত, কেনেকৈ আছে, তাৰ উমান পায়। তামবৰণীয়া দীঘলকলীয়া প্ৰজাতিৰ ফেঁচাবোৰে মানুহে শুনা সৰ্বনিম্ন ক্ষীণ আৱাজৰ শব্দটোৰ তুলনাত দহ্গুণ কম বা ক্ষীণ আৱাজৰ শব্দটোপৰ্যন্ত শুনা পায়।

প্ৰকাৰ আৰু গঠন[সম্পাদনা কৰক]

আমাৰ সমাজত জনা-শুনা লোকসকলে দুই জাতৰ ফেঁচা থকা বুলি কয়। ’সাধাৰণ জাতৰ ফেঁচা’ আৰু ’লক্ষ্মী ফেঁচা’। প্ৰাণীবিজ্ঞানীসকলৰ মতে ফেঁচাৰ জাত দুটা: ’বাৰ্ন-আউল’ (Barn Owl) আৰু ’টাইপিকেল আউল’ (Typical Owl)। ইংৰাজী ’বাৰ্ন’ শব্দই ’শষ্যৰ ভঁৰাল’ বা ’গুদাম’ক বুজায়। গতিকে ভঁৰাল বা গুদামত থকা ফেঁচাজাকে বোধহয় ’বাৰ্ন আউল’। এই জাতৰ ফেঁচাৰ আকৌ নটা প্ৰজাতি (Species) আছে। ভাৰতবৰ্ষকে ধৰি দক্ষিণ এছিয়াৰ দেশসমূহ ইউৰোপ, আমেৰিকা, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াত উক্ত প্ৰজাতিৰ ফেঁচাৰ বুকুৰ গঠন আৰু মুখৰ আকৃতি ঘূৰণীয়া। লগতে পাতল আৰু চেপেটা। প্ৰজাতি অনুসাৰে একোটা ফেঁচাৰ দেহৰ গঠন ১১ চেণ্টিমিটাৰৰ পৰা ৮৭ চেণ্টিমিটাৰ পৰ্যন্ত হোৱা বুলি প্ৰাণীবিজ্ঞানীসকলে কয়।

কিয় বিখ্যাত[সম্পাদনা কৰক]

পাঁচখনকৈ মহাদেশ ব্যাপী থকা ফেঁচাৰ দুৰ্কপাল এয়ে যে অনাদি কালৰ পৰাই ইয়াক সকলো দেশৰ লোকে ’অমংগলীয়া চৰাই’ বুলি অপযশ দি দুৰ্নাম ৰটি থাকে। ফেঁচাৰ নিজস্ব ভাষা আছে। সেই ভাষাৰে চিঞৰি, কিৰিলি পাৰি সিহঁতে সিহঁতৰ মাজত ভাবৰ আদান-প্ৰদান কৰে। জনামতে এণ্টাৰ্কটিকা অঞ্চলৰ বাবে বিশ্বৰ সকলো ঠাইতে ফেঁচা বা নিয়তি চৰাই আছে। সিহঁতে সমস্ত বিশ্বজুৰি চিঞৰি-কিৰিলি পাৰি ’নিউ নিউ’কৈ মাতি থাকে।

উপসংহাৰ[সম্পাদনা কৰক]

যাদিও অমংগলীয়া বুলিয়ে ফেঁচা বিখ্যাত কিন্তু সেই অমংগলীয়া মাতত এতিয়ালৈকে বিশ্ব জগত ধ্বংস হৈ যোৱা নাই। সকলো সুন্দৰভাৱে চলি গৈ আছে। ফেঁচা দৰাচলতে এবিধ নিমাখিত, নিশাচৰ প্ৰাণী আৰু কৃষিজীৱীসকলৰ উপকাৰী চৰাই। এটা ভ্ৰান্ত ধাৰণা বা অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ ফেঁচাক বধ কৰাৰ বিপৰীতে ইয়াক সংৰক্ষণ কৰি বিশ্বৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাতহে সকলোৱে মনোনিবেশ কৰিব লাগে। অন্যথা হয়তো কালক্ৰমত এই ফেঁচাও পৃথিৱীৰ পৰা হেৰাই যাব।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Lipton, James (1991) (en ভাষাত). An Exaltation of Larks. Viking. ISBN 978-0-670-30044-0. https://books.google.com/books?id=AVNazQEACAAJ.