ফৈজনুৰ আলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ফৈজনুৰ আলি (ইংৰাজী: Faijnur Ali) আসাম এশ্যোছিয়েছনৰ প্ৰতিষ্ঠাপক সদস্য আৰু পিছলৈ কংগ্ৰেছৰ এগৰাকী সক্ৰিয় কৰ্মী৷ তেওঁ কংগ্ৰেছ প্ৰাৰ্থী হৈ অসম বিধান সভা আৰু ভাৰতীয় সংসদৰ সদস্য হৈছিল৷ তেওঁ এগৰাকী গান্ধীবাদী নেতা আছিল৷

বংশ পৰিচয়[সম্পাদনা কৰক]

১৮৭৭ চনৰ ২ এপ্ৰিলত ফৈজনুৰ আলিৰ জন্ম হয়৷ তেওঁৰ পিতৃৰ নাম হাজী ফাননুৰ আলি আৰু মাতৃৰ নাম আলহাজ্জা জৰচানি বিবি৷ আদিতে হাজী ফাননুৰ আলি যোৰহাটৰ আছিল৷ পিছলৈ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত তেওঁলোক ডিব্ৰুগড়লৈ উঠি যায়৷ চাহ বাগিছাৰ মেনেজাৰ হোৱাৰ উপৰি ফাননুৰ আলিৰ বন্দুক-বাৰুদৰ ব্যৱসায় আছিল৷[1]

শিক্ষা[সম্পাদনা কৰক]

১৮৯৩ চনত ফৈজনুৰ আলি ডিব্ৰুগড় বালক হাইস্কুৰ পৰা এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰি কলিকতাৰ ইছলামীয়া কলেজৰ পৰা এফ,এম পাছ কৰে আৰু কলিকতাৰ প্ৰেছিডেন্সী কলেজত নাম ভৰ্তি কৰে৷ তাৰপৰাই তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে৷ এম,এ শ্ৰেণীত নামভৰ্তি কৰিও শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ পৰীক্ষা দিব নোৱাৰি ঘৰলৈ উভতি আহে৷ তেওঁ অসমীয়াৰ উপৰি হিন্দী, উৰ্দু, বাংলা আৰু ইংৰাজী ভাষা সলসলীয়াকৈ ক’ব পাৰিছিল৷[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯০৫ চনৰ পৰা তেওঁ ডিব্ৰুগড় কাছাৰীত ওকালতি আৰম্ভ কৰি ১৯২৪ চনলৈ তাতে নিয়োজিত হৈ থাকে৷ তেওঁক চৰকাৰী উকীলৰ পদ দিয়া হৈছিল যদিও তেওঁ সেই পদ দেশসৱাৰ প্ৰতি অনুপ্ৰাণিত হৈ ত্যাগ কৰে৷ তেওঁ ডিব্ৰুগড় পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ নিযুক্ত হৈ পিছলৈ চেয়াৰমেন পদ লাভ কৰিছিল৷ “কম্যুনেল ৰায়ত ইনকুৱাৰী কমিছন’’ৰ তিনিগৰাকী সদস্যৰ মাজত তেঁৱো এজন আছিল৷ ১৯৩৭ চনৰ পৰা ১৯৪২ চনলৈ অসম লোকসেৱা আয়োগৰ তেওঁ মনোনীত সদস্য আছিল৷[1]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

১৯২০ চনৰ ১১ অক্টোবৰত ফৈজনুৰ আলিৰ সভাপতিত্বত আসাম এশ্যোছিয়েছনৰ এখন বিশেষ অধিৱেশন অনুষ্ঠিত হৈছিল৷ এই অধিৱেশনতে কলিকতাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত গ্ৰহণ কৰা অসহযোগৰ প্ৰস্তাৱত পূৰ্ণ সমৰ্থন দিয়ে৷[2] আসাম এশ্যোছিয়েছনৰ পিছত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভ্য হৈ পৰে[3] আৰু ১৯২১ চনত কলিকতাত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত অসমৰ প্ৰতিনিধি হৈ গৈছিল৷ ১৯২৬ চনত অসমৰ পাণ্ডুত বহা অধিৱেশনৰ আদৰণী সমিতিৰ সদস্য আছিল৷ পিছত স্বৰাজ দল গঠন হোৱাত তেওঁ তাত যোগ দিয়ে৷ ১৯৪৬ চনত তেওঁ “কনষ্টিটুৱেণ্ট এছেম্বলী’’ৰ সদস্য হয়৷ ১৯৫০ চনত তেওঁ কংগ্ৰছ দলৰ প্ৰাৰ্থী হিচাপে সংসদলৈ মনোনীত হয়৷ ১৯৫২ চনত অসম বিধান সভাৰ সদস্য নিৰ্বাচিত হয়৷ অসমলৈ মুছলিম লীগৰ সোঁত বোৱাৰ সময়তো তেওঁ গান্ধীৰ আদৰ্শ মানি কংগ্ৰেছ দলৰে সদস্য হৈ আছিল৷[1] ডিব্ৰুগড় মেডিকেল কলেজ স্থাপনৰ ক্ষেত্ৰতি ফৈজনুৰ আলীয়ে যথেষ্ট কাম কৰিছিল৷ ডিব্ৰুগড়ৰ বৰবাৰীত থকা মিলিটাৰী হস্পিতালখনৰ ঠাইতে এখন পূৰ্ণাংগ চিকিৎসালয় পাতিবলৈ ফৈজনুৰ আলীৰ সভাপতিত্বত গঠিত সমিতিয়ে চৰকাৰৰ ওচৰত স্মাৰকপত্ৰ দিছিল আৰু এই ঠাই নিৰ্বাচন কৰিবলৈ ১৯৪৬ চনত চৰকাৰেই সমিতিখন গঠন কৰি দিছিল[4]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 ৰহমান, আবদুৰ (২০১৩). অসমৰ মুছলমানসকল. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ৩৬৭,৩৬৮,৩৬৯. ISBN 978-93-244-0318-6. 
  2. কলিতা, ড° ৰমেশ চন্দ্ৰ (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৮২. 
  3. ডেকা, কনকচন্দ্ৰ (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃষ্ঠা. ৬২৮. 
  4. "বেৰী হোৱাইটচ্ উইল". https://xahitya.org/%E0%A6%AC%E0%A7%87%E0%A7%B0%E0%A7%80-%E0%A6%B9%E0%A7%8B%E0%A7%B1%E0%A6%BE%E0%A6%87%E0%A6%9F%E0%A7%B0-%E0%A6%89%E0%A6%87%E0%A6%B2-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%9C%E0%A6%BF/। আহৰণ কৰা হৈছে: 22 August 2023.