সমললৈ যাওক

ফৰিংবোৰে বাটৰ কথা জানে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফৰিংবোৰে বাটৰ কথা জানে  

‘ফৰিংবোৰে বাটৰ কথা জানে’ গ্ৰন্থৰ প্ৰচ্ছদ
লেখক সমীৰ তাঁতী
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ কবিতা
প্ৰকাশক অলক অধিকাৰী, এন এল পাব্লিকেচন
প্ৰকাশ ২০২১ (প্ৰথম প্ৰকাশ)
২০২৪ (দ্বিতীয় প্ৰকাশ)
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৯২

ফৰিংবোৰে বাটৰ কথা জানে (ইংৰাজী: Pharingbore Bator Katha Jane) কিতাপখন কবি সমীৰ তাঁতীৰ দ্বাৰা ৰচিত এখন কাব্য গ্ৰন্থ।[1] ২০২৪ বৰ্ষত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা এই সংকলনটিত কবিৰ ৪২টা কবিতা সংকলিত হৈছে।[2] এন এল পাব্লিকেশ্বন্‌ছ, পাণবজাৰ, গুৱাহাটীৰপৰা প্ৰকাশ পোৱা কিতাপখন ২০২১ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ হৈছিল। ২০২৪ চনৰ ডিচেম্বৰ মাহত ইয়াৰ পুনৰ মুদ্ৰণ হয়। কিতাপখনৰ প্ৰচ্ছদ আঁকিছে সঞ্জীৱ বৰাই আৰু অঙ্গসজ্জা কৃষ্ণমণি নেওগৰ। ৯২ পৃষ্ঠাৰ এই কবিতা সংকলখনৰ মূল্য ২০০ টকা।

লেখক পৰিচয়

[সম্পাদনা কৰক]

গোলাঘাট জিলাৰ বিহৰা চাহ বাগিছাত ১৯৫৫ চনৰ ৬ ফেব্ৰুৱাৰীত সমীৰ তাঁতীয়ে জন্মগ্ৰহণ কৰিছিল। ১৯৮৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা তাঁতীয়ে হোমেন বৰগোহাঞিৰ দ্বাৰা সম্পাদিত ‘সাদিনীয়া নাগৰিক’ কাককত উপ-সম্পাদক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল।[3] বৰ্তমান তেওঁ অসম চৰকাৰৰ এগৰাকী জেষ্ঠ পৰ্যটন বিষয়া ৰূপে কৰ্মৰত। [4] ফৰিংবোৰে বাটৰ কথা জানে সংকলনটিৰ উপৰিও কবিৰ অন্য ১১টি কাব্য সংকলন, অনুবাদ আৰু গদ্য সংকলন প্ৰকাশ হৈছে। শেহতীয়াকৈ প্ৰকাশ পোৱা তেখেতৰ কিতাপ দুখন হৈছে;

  1. বিগলিত প্ৰাৰ্থনা, (কাব্য সংকলন, মাৰ্চ, ২০২৪) আৰু
  2. লগ পাম ক’ৰবাত এদিন, (সমালোচনাত্মক গদ্য, মাৰ্চ, ২০২৪)

দুয়োখন কিতাপ আমি বুকচে প্ৰকাশ কৰিছে। তাঁতীয়ে যোৱা ৪৭ বছৰ জুৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই আহিছে।[5] কবি তাঁতীয়ে ২০১২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল।[6]

বিষয়বস্তু

[সম্পাদনা কৰক]

ফৰিংবোৰে বাটৰ কথা জানে সংকলনটি কবি সমীৰ তাঁতীৰ এটি কাব্য সংকলন। ইয়াত কবিৰ ৪২ টি কবিতা সংকলিত হৈছে। অপৰূপ শোভাৰ মাজেৰে কবিতাটিৰে আৰম্ভ হোৱা সংকলনটিৰ শেষৰ কবিতাটি হৈছে- য’ত নিতউ বেলিয়ে পানীক চুমে

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Three Assam litterateurs honoured with Sahitya Akademi Award 2024". দ্য আসাম ট্ৰিবিউন. 18 December 2024. https://assamtribune.com/assam/three-assam-litterateurs-honoured-with-sahitya-akademi-award-2024-1561566 আহৰণ কৰা হৈছে: 10 January 2025.
  2. "https://assam.news18.com/news/assam/samir-tati-won-the-sahitya-akademi-award-for-his-poem-fringbore-bat-katha-jane-tv-biju-kd-430342.html". https://assam.news18.com/news/assam/samir-tati-won-the-sahitya-akademi-award-for-his-poem-fringbore-bat-katha-jane-tv-biju-kd-430342.html আহৰণ কৰা হৈছে: 18 December 2024.
  3. (১৩ জানুৱাৰী, ২০১৩). "সমীৰ তাঁতীলৈ ২০১২ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটা". জনমভূমি দৈনিক জনমভূমি. সংগ্ৰহ কৰা হৈছে: ১৬ জানুৱাৰী, ২০১২.
  4. (জানুৱাৰী ১৩, ২০১৩). "কবি সমীৰ তাঁতীলৈ অসম উপত্যকা বঁটা". অসম আমাৰ অসম. সংগ্ৰহ কৰা হৈছে: জানুৱাৰী ১৫, ২০১৩.
  5. "GU prof, Assamese Poet, Bodo novelist win Sahitya Academy award". দ্য টাইমচ্‌ অৱ ইণ্ডিয়া. 18 December, 2024. https://timesofindia.indiatimes.com/city/guwahati/gu-prof-assamese-poet-bodo-novelist-win-sahitya-akademi-award/articleshow/116447161.cms আহৰণ কৰা হৈছে: 10 January 2025.
  6. "Sameer Tanti : ‘ফৰিংবোৰে বাটৰ কথা জানে’ শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে সমীৰ তাঁতীলৈ সাহিত্য অকাডেমী বঁটা". News 18. প্ৰকাশক গুৱাহাটী. 18 December, 2024. https://assam.news18.com/news/assam/samir-tati-won-the-sahitya-akademi-award-for-his-poem-fringbore-bat-katha-jane-tv-biju-kd-430342.html আহৰণ কৰা হৈছে: 10 January 2025.