বগী জলকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বগী জলকীয়া
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Solanales
পৰিয়াল: Solanaceae
গণ: Capsicum
প্ৰজাতি: C. frutescens
বৈজ্ঞানিক নাম
Capsicum frutescens
L.

বগী জলকীয়া (বৈজ্ঞানিক নাম: Capsicum frutescens) এক প্ৰকাৰৰ জলকীয়া। এই জলকীয়াবোৰ সাধাৰণতে একবৰ্ষী বা কম আয়ুসৰ বহুবৰ্ষজীৱী উদ্ভিদ। ফুলবোৰ সেউজ-বগা বা সেউজ-হালধীয়া পাহীৰ সৈতে বগা বৰণৰ, আৰু পতংগ- অথবা স্ব-পৰাগনৰ দ্বাৰা বংশবৃদ্ধি হয়। আকাৰ প্ৰায় ১০-২০ মিলিমিটাৰ দীঘল আৰু ৩-৭ মিলিমিটাৰ পৰিধিৰ অতি ক্ষুদ্ৰাকৃতিৰ।[1] কুমলীয়া ফলবোৰ শেতা-হালধীয়া আৰু পুৰঠ হলে উজ্বল ৰঙা বৰণৰ হয়, কিন্তু অন্য ৰঙৰো হব পাৰে। অন্য কেপ্‌ছিকাম প্ৰজাতিৰ তুলনাত এই প্ৰজাতিটো নিচেই সৰু আকাৰৰ।

উৎপত্তি/বিতৰণ[সম্পাদনা কৰক]

Capsicum frutescensৰ ফুল

বগী জলকীয়াৰ উৎপত্তিস্থল দক্ষিণ অথবা মধ্য আমেৰিকা বুলি অনুমান কৰা হয়। ই অতি খৰতকীয়াকৈ সমগ্ৰ বিশ্বজুৰি বিস্তাৰ লাভ কৰে।[2] বগী জলকীয়া বৰ্তমান মধ্য আমেৰিকাৰ লগতে উত্তৰ আৰু পশ্চিম দক্ষিণ আমেৰিকাৰ থলুৱা উদ্ভিদ। বগী জলকীয়াচি. চাইনেনছি প্ৰজাতিৰ পূৰ্বজ বুলি বিশ্বাস কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]