সমললৈ যাওক

বঙালী থিয়েটাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বঙালী থিয়েটাৰ (ইংৰাজী: Bengali theatre) মানে হ’ল- সাধাৰণতে বাংলাদেশ আৰু ভাৰতপশ্চিমবঙ্গবঙালী ভাষাত পৰিবেশন কৰা থিয়েটাৰ। ব্ৰিটিছ শাসনৰ সময়ত, ঊনৈশ শতিকাৰ প্ৰথমৰ ফালে ব্যক্তিগত বিনোদন হিচাপে বঙালী থিয়েটাৰৰ উৎপত্তি হৈছিল। স্বাধীনতাৰ প্ৰাক কালত বঙালী থিয়েটাৰবোৰে ব্ৰিটিছ ৰাজৰ অপচন্দৰ বিষয়সমূহ প্ৰকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পিছত পশ্চিমবঙ্গৰ বামপন্থী আন্দোলনবোৰে সামাজিক সচেতনা বঢ়োৱাৰ বাবে থিয়েটাৰক সঁজুলি হিচাপে ব্যৱহাৰ কৰিছে।[1]

প্ৰকাৰভেদ

[সম্পাদনা কৰক]

পশ্চিমবঙ্গৰ থিয়েটাৰক সাধাৰণতে কলকাতা ভিত্তিক থিয়েটাৰ আৰু গ্ৰামীন থিয়েটাৰ- এই দুই ভাগত ভাগ কৰা যায়। বঙালীভাষী অঞ্চলৰ বাহিৰত বঙালী থিয়েটাৰ শব্দই মূলতঃ কলকাতা ভিত্তিক থিয়েটাৰকহে বুজায়; যিহেতু গ্ৰামীণ থিয়েটাৰ সিমান বিখ্যাত নহয়। দুয়ো ধৰণৰ থিয়েটাৰত কিন্তু শৈলী আৰু বিষয়-বস্তু একেই। কিন্তু কলকাতা ভিত্তিক থিয়েটাৰবোৰৰ বাজেট অধিক হয় আৰু স্বাভাৱিকতে তাত নামী-দামী অভিনয় শিল্পী জড়িত থাকে।[2]

ইয়াৰ বাহিৰেও বঙালী লোকনাট্য দলবোৰও আছে। এই লোকনাট্য দলবোৰৰ নাটকত পশ্চিমবঙ্গ আৰু বাংলাদেশৰ উপভাষাবোৰৰ বহুল ব্যৱহাৰ হয়। পশ্চিমবঙ্গ আৰু বাংলাদেশৰ গ্ৰামাঞ্চলত বাণিজ্যিকভাবে চলোৱা যাত্ৰা নামৰ আৰু এবিধ বঙালী থিয়েটাৰ আছে। যাত্ৰাৰ মূল বৈশিষ্ট্য হৈছে- উচ্চগ্ৰামৰ অভিনয় আৰু পৰম্পৰাগত বাদ্যযন্ত্ৰ ব্যৱহাৰ। বৰ্তমানে যাত্ৰাৰ আধুনিকীকৰণ কৰা হৈছে। বহুতো জনপ্ৰিয় চলচ্চিত্ৰৰ শিল্পীয়ে যাত্ৰাত অংশ লয়।[3][4][5]

১৭৯৫ চনত কলকাতাৰ এজৰা ষ্ট্ৰীটত আৰু তেতিয়াৰ ডোমতলাত ৰুচ ব্যক্তি লেবডফ-এ ‘বেঙ্গলী থিয়েটাৰ’ নামৰে এখন নাট্যমঞ্চ স্থাপন কৰি ‘কাল্পনিক সংবদনল’ নামৰ এখন বঙালী অনুবাদ নাটক মঞ্চস্থ কৰে। ইয়াৰ আগত কলকাতাত ইংৰাজসকলৰ দুখন নাট্যমঞ্চ আছিল, য’ত কেবল ইংৰাজী নাটকৰহে অভিনয় হৈছিল। বেঙ্গলী থিয়েটাৰৰ শেষ নাটক মঞ্চস্থ হৈছিল ১৭৯৬ চনৰ ২১মাৰ্চত। এই থিয়েটাৰত সপ্তাহত মাথোঁ দুটা দৰ্শনী হৈছিল। উল্লেখনীয় লেফদফৰ থিয়েটাৰত এছীয় ভাষাত প্ৰথম প্ৰচেনিয়াম মঞ্চশৈলীৰ প্ৰয়োগ কৰা হৈছিল।

লেবডফৰ সাফল্যত উৎসাহিত হৈ ঊনৈশ শতিকাত বঙালীসকলে কলকাতাত বহু কেইখন নাট্যমঞ্চ স্থাপন কৰিছিল, যেনে ‘হিন্দু থিয়েটাৰ’ (১৮৩১), ‘ওৰিয়েণ্টেল থিয়েটাৰ’ (১৯৫৩), ‘জোড়াসাঁকো নাট্যশালা’ (১৮৫৪), ‘বিদ্যোৎসাহিনী মঞ্চ’ (১৮৫৪) ইত্যাদি। ঊনৈশ শতিকাৰ শেষভাগত ঢাকাতো ‘পূৰ্ববঙ্গ ৰঙ্গভূমি’ (১৮৬৫), ‘ক্ৰাউন থিয়েটাৰ মঞ্চ’ (১৮৯০-৯২ৰ ভিতৰত), ‘ডায়মণ্ড জুবিলী থিয়েটাৰ’ (১৮৯৭) আদি কেইবাটাও নাট্যমঞ্চ স্থাপিত হয়। এই সময়ত মুঞ্চিগঞ্জ চহৰত ‘জগদ্ধাত্ৰী নাট্যমঞ্চ’ নামেৰে এখন মঞ্চ নিৰ্মিত হয়, যি এতিয়াও আছে। কুৰি শতিকাৰ প্ৰথম দুই দশকত ঢাকাৰ বাহিৰতো খুলনাত ‘খুলনা থিয়েটাৰ’ (১৯০৫), টাঙ্গাইলত ‘কৰোনেচন ড্ৰামাটিক ক্লাব’ (১৯১১) আদি বহু কেইখন মঞ্চ নিৰ্মিত হয়। এই সময়ত বঙ্গৰ বহুকেইজন জমিদাৰেও কিছুমান নাট্যমঞ্চ স্থাপন কৰে।[2]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Kundu, Pranay K. (1988). "Development of Stage and Theatre Music in Bengal". In Banerjee, Jayasri. The Music of Bengal. প্ৰকাশক Baroda: Indian Musicological Society. OCLC 19624659. 
  2. 2.0 2.1 Ganesh Mukhopadhyay. "নাট্যমঞ্চ". Banhlapedia. http://bn.banglapedia.org/index.php/নাট্যমঞ্চ। আহৰণ কৰা হৈছে: 26 February 2021. 
  3. Bhattacharjee, S.; Thomas, C. J. (2013). Society, Representation and Textuality: The Critical Interface. SAGE Publications. ISBN 978-81-321-0953-2. https://books.google.com/books?id=ZVC8kgEACAAJ. 
  4. Dharwadker, Aparna Bhargava (2005). Theatres of Independence: Drama, Theory, and Urban Performance in India Since 1947. University of Iowa Press. পৃষ্ঠা. 440. ISBN 0-87745-961-4. https://books.google.com/books?id=mLQaz-12Eo8C&pg=PA401. 
  5. Ahuja, Chaman (29 October 1997). "Calcutta,home to Hindi Theatre". The Hindu. http://www.cscsarchive.org:8081/MediaArchive/advertise.nsf/%28docid%29/70B426B140A9AA74652569420029534A. [সংযোগবিহীন উৎস]