সমললৈ যাওক

বড়ো-কছাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বড়ো-কছাৰী হৈছে অসমচীনা-তিব্বতীয় ভাষা পৰিয়ালবড়ো-গাৰো ভাষা কোৱা কেইবাটাও খিলঞ্জীয়া জনগোষ্ঠীক সামগ্ৰিকভাৱে বুজাবলৈ ব্যৱহাৰ কৰা নাম। পূৰ্বতে এই জনগোষ্ঠী সমূহৰ মাজত যথেষ্ট ভাষিক পাৰ্থক্য আছিল যদিও বৰ্তমান তেওঁলোকৰ মাজত অসমীয়া ভাষা আৰু বড়ো ভাষা কোৱা লোকৰ সংখ্যাই অধিক।

উৎপত্তি

[সম্পাদনা কৰক]

'বড়ো' নামটো অসমমেচ তথা কছাৰী ভাষিক গোষ্ঠীটোক সামগ্ৰিকভাৱে বুজাবলৈ পোন প্ৰথমে ব্যৱহাৰ কৰিছিল B H Hodgson-এ। অসমৰ পশ্চিমে বাস কৰা মেছ জনগোষ্ঠীৰ লোকসকলক ব'ৰ' নামেৰে জনা গৈছিল। কালক্ৰমত অসমলৈ আহি থিতাপি লোৱা এই মেছ সকলকে তেওঁ বড়ো (Bodo) নামেৰে অভিহিত কৰে। জনশ্ৰুতি অনুসৰি, ব্ৰহ্ম বা বাৰ্মী জনগোষ্ঠীৰ ঠাল এটা তিব্বতত সোমাই তাত তিষ্ঠিব নোৱাৰি দাৰ্জিলিঙৰ ঘন অৰণ্যত সোমাইহি আৰু তাতে কিছুদিন থাকি দুটা গোটত বিভক্ত হৈ এটা নামনিৰ মেছি নদীৰ পাৰত থাকিবলৈ লয় আৰু আনটো ওপৰলৈ পাহাৰৰ ফালে গুছি যায়। মেছি নদীৰ পাৰত বাস কৰা সকল পিছত মেছ নামেৰে আৰু নেপালৰ ফালে গুছি যোৱা গোটটো লিম্বু নামেৰে জনাজাত হয়। এই মেছ সকলেই লাহে লাহে বিস্তাৰ হৈ অসম, ত্ৰিপুৰা, উত্তৰ-বংগ আৰু বাংলাদেশৰ অঞ্চলবিশেষে বিয়পি পৰে আৰু অসমত তেওঁলোক বড়ো নামে জনাজাত হৈ পৰে। অসমৰ পূব অঞ্চলৰ হিন্দু অধিবাসী সকলে এই ব'ৰ' তথা মেছ সকলক কছাৰী নাম দিয়ে। Grierson-এ উল্লেখ কৰা মতে, কছাৰী নামটো প্ৰথমতে উত্তৰ কাছাৰত বসবাস কৰা ডিমাচা সকলৰ মাজতে আৱদ্ধ আছিল। কালৰ সোঁতত এই নামে আন আন ঠাইত থকা একে মূলৰ ব'ৰ' তথা মেছ সকলক সাঙুৰি লোৱাত বড়ো-কছাৰী নামটো জনপ্ৰিয় হৈ উঠে। মেছ তথা ব'ৰ' সকলৰ ভাষাৰ লগতে ৰাভা, লালুং, ডিমাচা, গাৰো, তিপুৰা আৰু চুতীয়া এই তিব্বত-বাৰ্মী ভাষাত ভিত্তি কৰি গঢ়ি উঠা গোষ্ঠীটোকে Hodgson-এ ১৮৪৭ চনত বড়ো নামেৰে নামাংকিত কৰে।

শ্ৰেণীকৰণ

[সম্পাদনা কৰক]

১৮৮১ চনৰ পিয়ল অনুসৰি, বড়ো-মেছ, দেউৰী, ডিমাচা, ঢিমাল, গাৰো, হাজং, কোচ, লালুং(তিৱা), মেছ, মৰান, মটক, ফুলগৰিয়া, চুতীয়া, ৰাভা, সোনোৱাল, শৰণীয়া, সোলেমিয়া ঠেঙ্গাল আৰু তিপ্ৰাচা- এই সকলো জনগোষ্ঠীকে কছাৰী বুলি শ্ৰেণীভূক্ত কৰা হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]