সমললৈ যাওক

বড়ো পিপুলছ প্ৰগ্ৰেছিভ ফ্ৰন্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বড়ো পিপুলছ প্ৰগ্ৰেছিভ ফ্ৰন্ট
সভাপতি ৰবিৰাম নাৰ্জাৰী
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
মূখ্য কাৰ্যালয় কোকৰাঝাৰ, অসম

বড়ো পিপুলছ প্ৰগ্ৰেছিভ ফ্ৰন্ট (চমুকৈ বি পি পি এফ-BPPF) ২০০৫ চনৰ ১২ এপ্ৰিলত গঠন হোৱা এটা আঞ্চলিক ৰাজনৈতিক দল। ২০০৫ চনত প্ৰথমবাৰৰ বাবে হোৱা বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াজ ডিষ্ট্ৰিক্টৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ উদ্দেশ্য এই দলটো গঠন কৰা হৈছিল।

এই দলটোৰ উলম্ব বিভাজন ঘটি দুটা গোটৰ গঠন হৈছিল। ৰবিৰাম নাৰ্জাৰীৰ নেতৃত্বত বি পি পি এফ(ৰ) আৰু হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বি পি পি এফ(হ) এই দুটা দল গঠন হয়। [1].

বি পি পি এফ(হ)

[সম্পাদনা কৰক]

২০০৬ চনৰ এপ্ৰিলত অসম বিধানসভাৰ নিৰ্বাচনত হাগ্ৰামা নেতৃত্বাধীন বি পি পি এফ-এ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জোঁট গঠন কৰি ১১ জন বিধায়ক নিৰ্বাচিত কৰিবলৈ সক্ষম হয়। কংগ্ৰেছৰ সৈতে ই অসম চৰকাৰৰ শাসনভাৰ গ্ৰহণ কৰে।

বি পি পি এফ(ৰ)

[সম্পাদনা কৰক]

ৰবিৰাম নেতৃত্বাধীন বি পি পি এফ-এ অসম গণ পৰিষদৰ সৈতে মিত্ৰতা কৰি বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও এখনো অসন লাভ কৰিবলৈ সক্ষম নহ'ল।