বদন বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জন্ম যোৰহাট
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা মুম্বাইত সাংবাদিকতাৰ ডিপ্লোমা গ্ৰহণ
বিষয় সাংবাদিক

বদন বৰুৱা একাধাৰে সাহিত্যিক, সাংবাদিক আছিল। তেখেতে মুম্বাইত সাংবাদিকতাৰ ডিপ্লোমা গ্ৰহণ কৰি আহি অসমৰ সংবাদ জগতখনক বিভিন্ন প্ৰকাৰে সমৃদ্ধ কৰিছিল। অসমৰ ভিতৰতে সৰ্বপ্ৰথম তেখেতৰ নামতেই বাতৰি কাকতত প্ৰকাশিত প্ৰথমটো একক বাতৰি প্ৰকাশ হৈছিল। ১৯৫১ চনত সাপ্তাহিক জনমভূমি কাকতত প্ৰথম সহকাৰী সম্পাদক হিচাবে যোগদান কৰিছিল। তেখেতৰ মৃত্যু হয় মৃত্যু ১৬ এপ্ৰিল,১৯৯৮ চনত।[1]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

বদন বৰুৱাৰ জন্ম হয় ২০ জুলাই,১৯২২ চনত। জন্মস্থান যোৰহাট জিলা। সৰুচৰাইখাত দুলিয়া গাঁও (সেনচোৱা গাঁও)। পিতৃৰ নাম মৌজাদাৰ তিলোৰাম বৰুৱা আৰু মাতৃৰ নাম ৰেবতি বৰুৱা।

শিক্ষা[সম্পাদনা কৰক]

  • প্ৰাথমিক শিক্ষা: ২ নং প্ৰাথমিক স্কুল, যোৰহাট টাউন।
  • হাইস্কুল: যোৰহাট গৱৰ্ণমেণ্ট হাইস্কুলৰ (১৯৩৫ চনৰ পৰা)
  • কলেজীয়া শিক্ষা: কটন কলেজ,গুৱাহাটী।
  • মুম্বাইত সাংবাদিকতাৰ ডিপ্লোমা গ্ৰহণ।

কৰ্মজীৱন[সম্পাদনা কৰক]

মুম্বাইৰ পৰা সংবাদিকতাত ডিপ্লোমা লৈ ঘূৰি আহি যোৰহাটত মজদূৰ কংগ্ৰেছৰ প্ৰথম অফিচ স্থাপন কৰি অফিচ পৰিচালনা আৰু মজদূৰৰ মাজত সংগঠনৰ কাম কৰিছিল। বৰুৱা INTUCৰ সক্ৰিয় সদস্য আছিল। [2] সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় মজদূৰ কংগ্ৰেছৰ কলিকতাত হোৱা প্ৰথমখন সভাত যোগদান কৰিছিল। তেখেতে কেইবাখনো কিতাপ সম্পাদনা আৰু প্ৰকাশ কৰিছিল। [1] তাৰ ভিতৰত কবি গণেশ গগৈ আৰু কবি অমূল্য বৰুৱাৰ কিতাপো আছিল। ১৯৫১ চনত সাপ্তাহিক জনমভূমি কাকতত প্ৰথম সহকাৰী সম্পাদক হিচাবে যোগদান কৰি ৬ বছৰ শ্বিলঙত কাকতখনৰ প্ৰতিনিধি হিচাবে সাংবাদিকতা কৰিছিল। ১৯৫৮ চনত যোৰহাটলৈ ঘূৰি আহি জনমভূমি প্ৰতিষ্ঠানৰ জেনেৰেল মেনেজাৰ হিচাবে যোগদান কৰি ১৯৭৩ চনলৈ কাম কিৰিছিল। ১৯৭৩ চনত কাকতৰপৰা অব্যাহতি লৈ নিজৰ ছপাশাল প্ৰতিষ্ঠা কৰে। ১৯৫৮ চনৰ পৰা অসম আৰু ভাৰতৰ বিভিন্ন কাকত আৰু নিউজ এজেনচিৰ লগত বাতৰি যোগানিয়াৰ, প্ৰবন্ধ আৰু স্তম্ভ লিখক হিচাবে জড়িত হয়। [2]

বদন বৰুৱা জড়িত সংবাদ প্ৰতিষ্ঠানসমূহ[সম্পাদনা কৰক]

  • ইউনাইটেড প্ৰেছ অফ ইণ্ডিয়া ( ইউ.পি. আই )
  • ইউনাইটেড নিউজ অফ ইণ্ডিয়া ( ইউ.এন.আই )
  • টাইমচ অফ ইণ্ডিয়া,কলিকতা সংস্কৰণ ( আৰম্ভণিৰ পৰা বন্ধ হোৱালৈ)
  • ষ্টেটছমেন ( ১৯৬৫ চনৰ পৰা ১৯৭২ চন)
  • দৈনিক অসম ( ১৯৬৫ চনৰ পৰা ১৯৮৬ চন)
  • দি চেণ্টিনেল ( ১৯৮১ চনত প্ৰকাশ হোৱাৰ পৰা ১৯৯২ চনলৈ)
  • আজিৰ অসম ( ১৯৮৭ চনত প্ৰকাশ হোৱাৰ পৰা ১৯৯৩ চনলৈ)

অৱদান[সম্পাদনা কৰক]

পৃথক শৈলীৰ সাংবাদিকতা হিচাবে দৈনিক অসম কাকতৰ তদানীন্তন সম্পাদক অনিল বৰুৱাৰ অনুৰোধত যোৰহাট নগৰৰ ওপৰত "যোৰহাটৰ গোলাপ ফুল" নামৰ এলানি প্ৰবন্ধ লিখিছিল, সেই প্ৰবন্ধ সমূহ পিছত ১৯৯৩ চনত কিতাপ আকাৰে প্ৰকাশ পায়। অসমৰ ভিতৰতে প্ৰথম তেখেতেই বাই লাইন ( By-Line) পাইছিল, মানে বদন বৰুৱাৰ নিজৰ নামত বাতৰি প্ৰকাশ হৈছিল। "দৈনিক অসম" কাকতত প্ৰথম তেখেতৰ নামত বাতৰি প্ৰকাশ কৰা হৈছিল। তেখেতৰ অসম নাগালেণ্ড সীমান্ত বিবাদৰ বাতৰিয়ে লোকসভাতো আলোড়নৰ সৃষ্টি কৰিছিল। অসমৰ কৃষি অৰ্থনীতি, কাজিৰঙা অভয়াৰণ্য, অসমৰ ৰাজনীতি আৰু ৰাজ্যখনৰ আৰু ৰাইজৰ সমস্যাৱলী সম্পৰ্কীয় আৰু বিভিন্ন বিষয়ত গভীৰ জ্ঞান আছিল। তেখেতৰ ছপাশালৰ পৰা যোৰহাটৰ কেইজনমান সাহিত্য অনুৰাগী লগ লাগি "ৰুণজুন" নামৰ এখন শিশু আলোচনী সম্পাদনা আৰু প্ৰকাশ কৰিছিল। [1][2] "অমূল্য বৰুৱা চিঠিৰ যোগে মানুহজন" আৰু "কবি অমূল্য বৰুৱাৰ ব্যক্তিত্ব আৰু প্ৰতিভা" নামৰ দুখন কিতাপ নিজেই সম্পাদনা আৰু প্ৰকাশ কৰি ক্ৰমে ৰজামইদাম সাহিত্য সভা আৰু যোৰহাট সাহিত্য সভাক দান কৰিছিল। বদন বৰুৱা ‘সদৌ অসম মইনামেল’ৰ প্ৰতিষ্ঠাপক সকলৰ মাজৰ এজন আছিল আৰু ১৯৫২ চনত যোৰহাটতত অনুষ্ঠিত হোৱা মইনামেলৰ বাৰ্ষিক অধিবেশনৰ অভৰ্থনা সমিতিৰ সম্পাদক আছিল। সেইখন অধিবেশনলৈ প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আহিছিল। যোৰহাটত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্য্যায়ৰ ৱৰ্কিং জাৰনেলিষ্ট এছচিয়েচনৰ অধিবেশনৰ সভাপতি আছিল। যোৰহাটৰ ২০০ বছৰীয়া জয়ন্তী উৎসৱৰ স্মৃতিগ্ৰন্থৰ সম্পাদনা সমিতিৰ সদস্য আছিল। চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি আছিল। [2]

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

  • যোৰহাটৰ গোলাপ ফুল
  • উকণি মৰা যন্ত্ৰ
  • শিক্ষাৰ ক্ষেত্ৰত অৰাজকতা

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ১৯৯২ চনত পুৰ্বত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱমঞ্চৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰতে শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা।
  • ১৯৯২ চনত চেণ্টিনেল গোষ্ঠী যে প্ৰদান কৰা শ্ৰেষ্ঠ অনুসন্ধানমূলক বঁটা।
  • ১৯৯৪ চনত এম এল কাঠবৰুৱা ন্যাসে প্ৰদান কৰা শ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিকতাৰ বঁটা।
  • ১৯৮৯ চনত অসম চৰকাৰৰ পৰা সাংবাদিক পেনছন লাভ।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 . প্ৰকাশক গুৱাহাটী. ২০ জুলাই, দেওবাৰ, ১৯৯৭. পৃষ্ঠা ৮. 
  2. 2.0 2.1 2.2 2.3 কে, এন, দত্ত বৰুৱা (১৯৯৩). বদন বৰুৱাৰ সোঁৱৰণত. প্ৰকাশক গুৱাহাটী: খগেন্দ্ৰনাৰায়ণ দত্ত বৰুৱা, লয়াৰ্ছ বুক ষ্টল.