সমললৈ যাওক

বনলতা সেন (কবিতা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বনলতা সেন বঙালী ভাষাৰ অতি জনপ্ৰিয় কবিতাসমূহৰ মাজত অন্যতম। কবিতাটোৰ ৰচয়িতা বিংশ শতাব্দীৰ আধুনিক বাঙালী কবি জীবনানন্দ দাস। এইটো প্ৰধানত এটি ৰোমান্তিক গীতি কবিতা হিচাবেই সমাদৃত। ১৯৯৯ খ্ৰীষ্টাব্দত কবিৰ জন্ম শতবাৰ্ষিকীত ঢাকা চহৰৰ ১০০০ কলেজত পঢ়া ছাত্ৰক লৈ কৰা এটি সমীক্ষাত এইটো প্ৰকাশ পাইছে যে তেওঁলোকৰ সকলোৱেই (১০০ ভাগ) এই কবিতা সম্পৰ্কে অবগত আৰু ৯৮৮ জনেই এবাৰ হ'লেও এই কবিতাটো পঢ়িছে। তদুপৰি ২১৯ জনে নিৰ্ভুলভাৱে কবিতাটো মুখস্থ গাব পাৰে।

ৰচনা-প্ৰকাশৰ ইতিহাস

[সম্পাদনা কৰক]

জীবনানন্দ দাসৰ "বনলতা সেন" কবিতাটি প্ৰথম প্ৰকাশ কৰিছিল কবি বুদ্ধদেৱ বসুৱে তেখেতৰ কবিতাৰ আলোচনীত, পুহ মাহৰ ১৩৪২ সংখ্যাত (ডিচেম্বৰ, ১৯৩৫)। পিছত ১৯৪২ খ্ৰীষ্টাব্দত জীবনানন্দই তেখেতৰ প্ৰকাশিত তৃতীয় কাব্যগ্ৰন্থ 'বনলতা সেন'ত ইয়াক অন্তৰ্ভুক্ত কৰে। পৰৱৰ্তীকালত ১৯৫৪ খ্ৰীষ্টাব্দৰ মে মাহত প্ৰকাশিত জীবনানন্দ দাসৰ 'শ্ৰেষ্ঠ কবিতা' গ্ৰন্থতো এই কবিতাটো সংকলিত হয়। ইয়াৰ উপৰিও আবু চৈয়দ আয়ুব আৰু হীৰেন্দ্ৰনাথ মুখোপাধ্যায়ৰ যৌথ সম্পাদনাত ১৯৩৯ খ্ৰীষ্টাব্দত প্ৰকাশিত আধুনিক 'বাংলা কবিতা' শীৰ্ষক গ্ৰন্থতো কবিতাটো সংকলিত হৈছিল। কলকাতাৰ জাতীয় গ্ৰন্থাগাৰত সুৰক্ষিত পাণ্ডুলিপিসমূহৰ ১৯৩৪ খ্ৰীষ্টাব্দত চিহ্নিত ৮ নং বহীতো এই কবিতাটো আছে। গতিকে পাণ্ডুলিপি হিচাবে ১৯৩৪ খ্ৰীষ্টাব্দত কবিতাটো লিখা হৈছিল বুলি প্ৰতীয়মান হয়। এই সময়ত চিটি কলেজৰ টিউটৰৰ চাকৰি হেৰুৱাই নিবনুৱা জীবনানন্দই কলকাতাত নিঃসহায় অৱস্থাত দিন অতিবাহিত কৰিছিল। মাত্ৰ কেইবছৰমান আগেয়ে তেওঁৰ বিয়া হৈছিল। তেওঁ কোনোদিনে পত্নীসুখ নাপায়, পাব নোৱাৰিব বুলি নিশ্চিত হৈ গৈছিল।[1] কবিতাটোৰ সঠিক লেখাক লৈ বিতৰ্ক আছে। কাৰণ ভিন-ভিন সংকলনত ভিন-ভিন ধৰণেৰে লিখা পোৱা যায়। অৱশ্যে সেয়া খুব এটা বেচি পাৰ্থক্য নহয়। তথাপি ভূমেন্ত্ৰ গুহৰদ্বাৰা সম্পাদিত পাণ্ডুলিপিৰ কবিতা শীৰ্ষক গ্ৰন্থত থকা লেখাটোক নিৰ্ভৰযোগ্য বুলি বিবেচনা কৰা হয়।

শিৰোনামা

[সম্পাদনা কৰক]

আপাত দৃষ্টিত 'বনলতা সেন' এটি প্ৰেমৰ কবিতা য'ত বনলতা সেন নামৰ নাৰীগৰাকীৰ স্মৃতি ৰোমন্থন আছে। আৰম্ভণিৰ পৰাই পাঠকৰ মনত কৌতুহল হয় যে বনলতা সেন বাস্তবৰ কোনো এক নাৰী নে সম্পূৰ্ণ কল্পিত এটি কাব্যচৰিত্ৰ। এই কবিতাটোৰ তিনিটা স্তবকৰ প্ৰতিটোৰে শেষৰ শাৰীত বনলতা সেন নামৰ নাৰী গৰাকীৰ উল্লেখ আছে।

  • প্ৰথম স্তবকৰ শেষৰ শাৰী-"আমাৰে দুদণ্ড শান্তি দিয়েছিল নাটোৰেৰ বনলতা সেন"
  • দ্বিতীয় স্তবকৰ শেষৰ শাৰী-"পাখিৰ নীড়েৰ মতো চোখ তুলে নাটোৰেৰ বনলতা সেন"
  • তৃতীয় স্তবকৰ শেষৰ শাৰী-থাকে শুধু অন্ধকাৰ, মুখোমুখি বসিবাৰ বনলতা সেন"

বনলতা সেনৰ বাহিৰেও জীবনানন্দৰ কাব্যত বহুসংখ্যক নাৰী চৰিত্ৰৰ উপস্থিতি আছে। যেনে-শ্যামলী, সুৰঞ্জনা, সুচেতনা, সৰোজনী, শেফালিকা বোস, সুজাতা আৰু অমিতা সেন। ১৯৩২ খ্ৰীষ্টাব্দত লিখিত আৰু প্ৰায় অৰ্ধশতাব্দীকাল অগোচৰে থকা 'কাৰুবাসনা' নামৰ উপন্যাসত প্ৰথম 'বনলতা সেন' নামটো পোৱা যায়। তাৰোপৰি হাজাৰ বছৰ ধৰে খেলা কৰে, একটি পোৰোনো কবিতা আৰু বাঙালী পাঞ্জাবী মাৰাঠী গুজৰাটী শীৰ্ষক আৰু তিনিটি কবিতাত এই নামটো আছে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে 'কাৰুবাসনা' উপন্যাসখন প্ৰথম প্ৰকাশিত হৈছিল ১৯৮৬ খ্ৰীষ্টাব্দত, কবিৰ মৃত্যুৰ বহুকালৰ পিছত। ইয়াৰ ভাৱ-ভাষা, অনবগুণ্ঠিত আত্মজৈবনিকতাই সেই সময়ৰ পাঠকৰ মনত বিশেষ কৌতুহলৰ সৃষ্টি কৰিছিল। বনলতা সেন কোনো ৰক্ত-মাংসৰ মানৱী নে নিতান্তই কল্পনাপ্ৰসূত কোনো কবিতা-নাৰী এই প্ৰশ্নটো অবাঞ্চিত নহ'লেও কিছু ৰহস্যৰ সুৰুঙা ৰৈ গৈছে। ২০০৭ খ্ৰীষ্টাব্দৰ জীবনানন্দৰ পাণ্ডুলিপি উদ্ধাৰ কৰোঁতা ড॰ ভূমেন্দ গুহই কবিৰ সাহিত্যিক টোকা গৱেষণা কৰি জনাইছে যে কবিৰ জীৱনলৈ প্ৰেম আহিছিল তাত কোনো সন্দেহ নাই। সাহিত্যিক টোকা বা লিটাৰেৰি নোটচত ওয়াই (Y) হিচাপে উল্লেখিত ছোৱালীজনীয়েই কবিৰ আকাংক্ষিত নাৰী। প্ৰকৃততে তাইৰ নাম শোভনা, কবিৰ এজন খুড়াক অতুলান্ত দাসৰ ছোৱালী, যাৰ ঘৰুৱা নাম বেবী। ১৯৩০ খ্ৰীষ্টাব্দত লাবণ্য দাসক বিয়া কৰোৱাৰ আগেয়ে এই ছোৱালীজনীৰ প্ৰতি যুৱক জীবনানন্দই গভীৰ অনুৰাগ অনুভৱ কৰিছিল। এখন উপন্যাসত এওঁক শশী নামেৰেও পোৱা যায়। শোভনাক লৈ জীবনানন্দৰ অনুৰাগ উন্নীত হৈছে অব্যক্ত প্ৰেমলৈ। লাবণ্য দাসৰ লগত দাম্পত্য জীৱন কিঞ্চিতমানো সুখকৰ নোহোৱাত এই প্ৰেম তীব্ৰতৰ হৈ ক্ৰমাৎ এক প্ৰকাৰ অনুভুতিলৈ পৰ্য্যবসিত হৈছিল।[2]

গঠন আৰু ৰচনা কৌশল

[সম্পাদনা কৰক]

নাতিদীৰ্ঘ ওঠৰ শাৰীৰ নিখুঁত স্থাপত্যৰ এই গীতিকবিতাত ছয়শৰীয়া তিনিটা স্তৱক আছে। প্ৰথম স্তৱকত কবিয়ে মূলতঃ নিজৰ কথা কৈছে। দ্বিতীয় স্তৱকত এক লহমাৰ বাবে দেখা পোৱা প্ৰিয় মুখখনৰ কথা আৰু তৃতীয় স্তৱকত কৈছে এটি সপোনৰ কথা। কবিতাটো জীবনানন্দ দাসৰ প্ৰিয় ছন্দ অক্ষৰবৃত্ত বা পয়াৰত ৰচিত। কিন্তু পৰ্ব বিন্যাসত সমতা ৰক্ষা কৰা হোৱা নাই। প্ৰথম স্তৱকৰ প্ৰতিটো শাৰী তিনি পৰ্বৰ, যাৰ মাত্ৰা বিন্যাস ৮+৮+৬। ৮ মাত্ৰাৰ একোটি পৰ্ব মাজভাগত থকাৰ কাৰণে এই স্তৱকৰ ছন্দবিন্যাসক মহাপয়াৰ পৰ্য্যায়ী বোলা হয়। দ্বিতীয় স্তৱকত বিভিন্ন শাৰীৰ পৰ্ব বিন্যাস বিভিন্ন ধৰণৰ। যেনে-৮+৮+২, ৪+৮+১০; ৮+৬, ৮+৮+১০; ৮+৪+৪+১০ আৰু ৮+৪+১০। তৃতীয় স্তৱকৰ পৰ্ব আৰু মাত্ৰা বিন্যাস এনেধৰণৰ ৮+১০, ৪+৮+৬; ৮+৪+১০, ৮+১০; ৮+৪+৮+৬ আৰু ৮+৮+৬। পয়াৰ বা অক্ষৰবৃত্তৰ এনেধৰণৰ সূত্ৰহীন ব্যৱহাৰ হোৱা স্বত্তেও কবিতাটোৰ সঙ্গীতময়তা অতুলনীয়। এই কাৰণে ভাৱ হয় যে শব্দবিন্যাস ইফাল সিফাল কৰি কবিতাটোৰ সঠিক পৰ্ববিন্যাস নিৰ্ণয় কৰা প্ৰয়োজন।

অৰ্থক্ৰম

[সম্পাদনা কৰক]

কবিতাটোৰ প্ৰথম স্তৱকত কবিয়ে সহস্ৰ বছৰ ব্যাপী কৰা এক ক্লান্তিকৰ ভ্ৰমণৰ কথা বৰ্ণনা কৰিছে। তেওঁ সহস্ৰ বছৰ ধৰি পৃথিৱীৰ পথে পথে ঘূৰি ফুৰিছে কবিয়ে, যাৰ যাত্ৰা পথ সিংহল সমুদ্ৰৰ পৰা মালয় সাগৰ পৰ্য্যন্ত বিয়পা। তেওঁ গৈ উপস্থিত হৈছিল বিম্বিসাৰ অশোকৰ ধূসৰ জগতত। এনেকি আৰু দূৰৱৰ্তী বিদৰ্ভ নগৰতো তেওঁৰ উপস্থিতিৰ কথা জনাইছে কবিয়ে। এই পৰিব্যাপ্ত ভ্ৰমণে তেওঁক দিছে অপৰিসীম ক্লান্তি। এই ক্লান্তিময় অস্তিত্বৰ মাজত ক্ষন্তেক সময়ৰ বাবে শান্তিৰ পৰশ লৈ উপস্থিত হৈছে বনলতা সেন নামৰ এক নাৰী। কবিয়ে কৈছে যে তেওঁ নাটোৰৰ বনলতা সেন।


কবিতাটোৰ দ্বিতীয় স্তৱকত বনলতা সেনৰ আচৰিত নান্দনিক বৰ্ণনা দিছে কবিয়ে। বনলতা সেনক কবিয়ে প্ৰত্যক্ষ কৰিছে অন্ধকাৰৰ মাজত। তাইৰ চুলিটাৰিৰ সম্পৰ্কত কবিয়ে লিখিছে- চুলি তাইৰ কোন কাহানিৰ বিদিশাৰ অন্ধকাৰ নিশাৰ দৰে। মুখাবয়বত প্ৰতিফলিত হৈছে শ্ৰাবস্তীৰ কাৰুকাৰ্য্য। গভীৰ সমুদ্ৰত মাস্তুল ভঙা জাহাজৰ দিশহাৰা নাবিকৰ এটি সেউজীয়া ঘাঁহেৰে পৰিপূৰ্ণ দালচেনীৰ দ্বীপ দৃষ্টিগোচৰ হোৱাৰ পাছত যি অনুভূতি হয়, সেই একে অনুভূতি বনলতা সেনক দেখি কবিৰো হৈছে। বনলতা সেনেও তাইৰ চৰাইৰ বাহৰ দৰে আশ্ৰয়ময় চকু দুটা মেলি জানিব খুজিছে, ইমান দিনে কবি ক'ত আছিল।

তৃতীয় স্তৱকত স্বগতোক্তিৰ দৰে মৃদু উচ্চাৰণত এটি সপোনৰ উন্মোচনৰ কথা শুনা যায়। কবিয়ে কৈছে, দিনৰ সমাপ্তিত গছৰ পাতত টুপ-টাপ নিয়ৰ সৰা শব্দৰ দৰে সন্ধ্যা নামে। দিনটো আকাশত উৰি থকা চিলনীয়ে ডেউকাৰ পৰা ৰ'দৰ গোন্ধ মচি পেলায়। এইসময়ত চৰাইবোৰৰ ঘৰলৈ উভতিবৰ বাবে খৰধৰ লাগে। এইসময়ত (যেন) নদীৰো ঘৰলৈ উভতিবৰ বাবে ব্যাকুলতা জাগে। অন্ধকাৰত মাত্ৰ কেইটামান জোনাকী জ্বলে। গোটেই দিনটোৰ সকলো জাগতিক লেন-দেন যেন সমাপ্ত হৈ গৈছে। গল্পৰ পাণ্ডুলিপিও তৈয়াৰ কৰা হৈ গৈছে; তেতিয়া (কেবল) অন্ধকাৰত বনলতা সেনৰ সৈতে মুখামুখিকৈ বহি গল্প কৰাৰ সময়।

সাহিত্যলোচনা

[সম্পাদনা কৰক]

'বনলতা সেন' কবিতাটো সম্ভৱত: বিংশ শতাব্দীৰ আটাইতকৈ বহুল পঠিত কবিতা বিলাকৰ মাজৰ এটা। জীবনানন্দৰ বিৰুদ্ধে দুবোৰ্ধ্যতাৰ অভিযোগ উত্থাপিত হোৱাৰ আগতেই কবিতাটো প্ৰকাশিত হৈছিল। অথচ শেষৰ ফালৰ কবিতাত যি দুৰ্গম সান্ধ্য ভাষা পৰিলক্ষিত হয় এই কবিতাও তাৰ ব্যতিক্ৰম নহয়। কিন্তু এই কবিতাটোৰ অবয়ৱত এনেকুৱা এক দুৰ্লভ ৰোমান্তিকতা পৰিব্যাপ্ত হৈ আছে যিয়ে পাঠকক সহজেই আকৰ্ষণ কৰে। ফলত কবিতাটোৰ অন্তৰ্ভাষা লৈ চিন্তাৰ দুবিধাই সহজতে পাঠকৰ হৃদয়ত প্ৰশ্ৰয় লাভ নকৰে। সাধাৰণ পাঠকৰ বাবে ই নিতান্তই এক প্ৰেমৰ কবিতা হিচাবে সমাদৃত হৈছে। অথচ ইয়াৰ মূলভাৱত আছে সুগভীৰ ঐতিহাসিকতা।

পো'ৰ 'টু হেলেন'ৰ সৈতে সাদৃশ্য

[সম্পাদনা কৰক]

এই কবিতাটোৰ বিভিন্ন আলোচনাত কোৱা হৈছে যে এড্‌গাৰ এলেন পো'ৰ 'টু হেলেন' (বাং: হেলেনৰ প্ৰতি) কবিতাটোৰ লগত 'বনলতা সেন' কবিতাটোৰ বিষয়্গত সাদৃশ্য আছে। য'ৰ পৰা এইটো প্ৰতীয়মান হয় যে জীবনানন্দ দাসে এই কবিতাটো পঢ়িয়েই 'বনলতা সেন' কবিতাটো ৰচনা কৰিবলৈ অনুপ্ৰাণিত হৈছিল। কিন্তু 'বনলতা সেন' আৰু 'টু হেলেন'ৰ মাজত যি মৌলিক পাৰ্থক্য আছে সেয়াও বিবেচনাৰ যোগ্য।

সেই পঞ্চাছৰ দশকৰ পৰা আৰম্ভ হৈ আজি পৰ্য্যন্ত নানানজনে 'বনলতা সেন' কবিতাটো বহুবাৰ অনুবাদ কৰিছে। প্ৰথম অনুবাদ কৰিছিল মাৰ্টিন কাৰ্কম্যানে, যাৰ কবিতা এটা সংকলনত গৃহীত হৈছিল। পৰৱৰ্তী কালত কবিয়ে নিজেই ইয়াৰ অনুবাদ কৰিছে। আৰু যিসকলে এই কবিতাটোৰ অনুবাদ কৰিছে সেইসকলৰ মাজত আছে-সনৎ ভাট্টাচাৰ্য, পুৰুষোত্তম লাল, শ্ৰামশ্ৰী দেৱী, ম্যাৰি ল্যাগো (তৰুণ গুপ্তৰ সহযোগত), চিদানন্দ দাসগুপ্ত, হায়াৎ চাইফ, মুকুল শৰ্মা, ক্লিনটন চিলি, আনন্দ লাল, সুকান্ত চৌধুৰী, ফয়জুল লতিফ চৌধুৰী, অনুপম বেনাৰ্জী, অঞ্জন বসু, ফখৰুল আলম, জো উইণ্টাৰ, অৰুণ চৰকাৰ, ডি কে বেনাৰ্জী, অমিতাভ মুখাৰ্জী আৰু জয়দেৱ ভট্টাচাৰ্য। অনুবাদসমূহ পাঠ কৰিলে অনুবাদকসকলৰ উপলব্ধিৰ ভিন্নতা আৰু অৰ্থোদ্ধাৰৰ ভিন্নতা পৰিলক্ষিত হয়। সুজিত মুখাৰ্জীয়ে তেখেতৰ ট্ৰেঞ্চলেচন এজ ডিচ্‌কভাৰী (১৯৯৮) শীৰ্ষক গ্ৰন্থত ৬টা অনুবাদৰ বিষয়ে আলোচনা কৰিছে[3]। জীবনানন্দ দাসে মাৰ্টিন কাৰ্কম্যানকৃত অনুবাদৰ 'পাখিৰ নীড়েৰ মতো চোখ' (চৰাইৰ বাহৰ দৰে চকু) কথাটোৰ আক্ষৰিক অনুবাদত আপত্তি জনাইছিল। অধিকাংশ অনুবাদকে প্ৰথম ছত্ৰৰ (হাজাৰ বছৰ ধৰে আমি পথ হাঁটিতেছি পৃথিৱীৰ পথে) হাজাৰ হাজাৰ বছৰ ব্যাপী পৃথিৱীৰ পথে পথে খোজকঢ়া ঘটনাক বৰ্তমান কাল হিচাবে অনুবাদ নাই কৰা। তৃতীয় স্তৱকৰ দুটি শাৰী (পৃথিৱীৰ সব ৰঙ নিভে গেলে পাণ্ডুলিপি কৰে আয়োজন/ তখন গল্পেৰ তৰে জোনাকীৰ ৰঙে ঝিলমিল)ৰ মৰ্মাৰ্থ ৰূপায়নত সফল নাই হোৱা অনেক অনুবাদক। 'পাণ্ডুলিপি কৰে আয়োজন' বা 'গল্পেৰ তৰে' কথাৰ অৰ্থ স্বতঃস্ফুৰ্ত নহয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]