ববচা বন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ববচা বন
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Angiosperms
বৰ্গ: Poales
পৰিয়াল: Poaceae
গণ: Eleusine
প্ৰজাতি: Eleusine indica
বৈজ্ঞানিক নাম
Eleusine indica

ববচা বন (বৈজ্ঞানিক নাম: Eleusine indica, ইংৰাজী নাম: Indian goosegrass,[1] yard-grass,[2] goosegrass, wiregrass, বা crowfootgras; হিন্দী নাম: মালুকুৰি) হৈছে প’এচি (Poaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বন।

বিস্তৃতি[সম্পাদনা কৰক]

ববচা বন পৃথিৱীৰ প্ৰায়বোৰ নাতিশীতোষ্ণ অঞ্চলত বিস্তৃত হৈ আছে। কিছু অঞ্চলত এই ঘাঁহ বহিৰাগত প্ৰজাতি (invasive species) হিচাপেও পৰিগণিত হৈছে।

বিৱৰণ[সম্পাদনা কৰক]

ববচা বন মূলতে এবছৰহে জীয়াই থাকে যদিও কোনো কোনো অঞ্চলত ই এবছৰৰ অধিক জীয়াই থকাও দেখা যায়।

এই বনৰ পুলিটো ডাঙৰ হৈ শাখা-প্ৰশাখা ওলাই জোপোহা ৰূপো ধাৰণ কৰা দেখা যায়। ইয়াৰ শিপাবোৰ চুলি একোছাৰ দৰে।[3]

ববচা বনৰ ফুলৰ বৰণ সেউজবুলিয়া। ইয়াৰ পুষ্প গুচ্ছ সামান্য হয়।[3]

ব্যৱহাৰ[সম্পাদনা কৰক]

ববচা বনৰ গুটি খাব পাৰি। এই বন বহু খেতি পথাৰ, ফুলনি আদিত অপতৃণ হিচাপে গণ্য কৰা হয়।

অসমৰ বহুতো ঠাইত ববচা বন বৰশীৰ মাছ গাঁথিবলৈ ব্যৱহাৰ কৰা হয়। বৰশীৰে ধৰা মাছৰ কাণেদি ভৰাই মুখেদি উলিয়াই গাঁথি লয়।[উদ্ধৃতিৰ প্ৰয়োজন]

তেনেদৰে ববচা বনবোৰৰ আগটো কাটি জোৰা দি দীঘলীয়া কৰি লৈ তলসৰা শেৱালি আৰু বকুল ফুলৰ মালাও গঁথা যায়! বিশেষকৈ ব'হাগৰ দ্বিতীয় দিনৰ 'গোঁসাই বিহু' ত অসমীয়াই ববচা বনেৰে গঁথা বকুলৰ মালা গোঁসাইঘৰত আঁৰি থোৱাৰ পৰম্পৰা আছে।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যউৎস[সম্পাদনা কৰক]

  1. "ববচা বন". প্ৰাকৃতিক সম্পদ সংৰক্ষণ সেৱা উদ্ভিদ তথ্যকোষ, ইউ.এছ.ডি.এ.ৰ পৰা 18 January 2016 তাৰিখে আহৰণ কৰা হৈছে।. https://plants.usda.gov/core/profile?symbol=ELIN3. 
  2. "BSBI List 2007" (xls). Botanical Society of Britain and Ireland. Archived from the original on 2014-10-23. https://web.archive.org/web/20141023044910/http://www.bsbi.org.uk/BSBIList2007.xls। আহৰণ কৰা হৈছে: 2014-10-17. 
  3. 3.0 3.1 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ

বাহ্যিক সংযোগ[সম্পাদনা কৰক]