বলো সুত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বলো সুত
জন্ম বলো সুত
চলচলি বিৰহী গাঁও, নগাঁও
মৃত্যু বঢ়মপুৰ, নগাঁও
পেচা স্বাধীনতা সংগ্ৰামী
সংস্থা ভাৰতীয় জাতীয় কংগ্ৰেছ
জনা যায় শ্বহীদ


বলো সুত(ইংৰাজী: Bolo Sut) ওৰফে বালিৰাম সুত[1] নগাঁও জিলাৰ চলচলি বিৰহীগাঁৱৰ৷ তেওঁৰ পিতৃৰ নাম আছিল ভেবেলা সুত আৰু মাতৃ শুকুৰী৷ কৃষক সন্তান বলো সুত বিয়াল্লিছৰ গণ-আন্দোলনত নগাঁৱৰ বঢ়মপুৰত “পঞ্চবীৰ শ্বহীদ দিৱস’’ পালনৰ কাৰ্যসূচীত আৰক্ষীৰ অতৰ্কিত আক্ৰমণত নিহত হয়৷ শ্বহীদ হোৱাৰ পৰত তেওঁ পত্নী বাউলী, দুটি ল’ৰা, ক’লাই আৰু সৰুল’ৰা আৰু একমাত্ৰ কন্যা পাতৈক এৰি যায়৷ তেওঁৰ পত্নী বাউলীৰ ১৯৮৩ চনত মৃত্যু হয়৷[2] বলো সুত আনুষ্ঠানিক শিক্ষাত বেছি আগুৱাব পৰা নাছিল, কিন্তু অসমৰ থলুৱা বাদ্যযন্ত্ৰ বজোৱাত পাকৈত হোৱাৰ উপি বিহুনাম গোৱাতো পাৰ্গত আছিল৷ সকলো ৰাজহুৱা কামতে আগবঢ়া বলো সুতে আনসকলৰ লগত কংগ্ৰেছৰ আহ্বানত দেশৰ হকে ওলাই আহিছিল৷ ১৯৪২ চনৰ ১৬ আগষ্টত পালন কৰা “পঞ্চবীৰ শ্বহীদ দিৱস’’ৰ দিনা ভোগেশ্বৰী ফুকননী আৰু পুলিচ-মিলিটাৰীৰ সৈতে হোৱা টনা-আজোঁৰাত কামাণ্ডাৰ ফিন্সৰ টুপী খুলি পৰাৰ অপৰাধত ভোগেশ্বৰীক গুলীয়াই আহত কৰা উন্মত্ত হৈ বলো সুত, ঠগী সুত আৰু লক্ষী হাজৰিকাই পুলিচক আগচি ধৰাত পুলিচে নিৰ্বিচাৰে গুলী কৰিবলৈ ধৰে আৰু আনসকলৰ লগতে বলো সুতো পুলিচৰ গুলীত বাগৰি পৰে৷[1] মৃত্যুৰ সময়ত বলো সুতৰ বয়স আছিল ২৭ বছৰ৷ [2]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 কলিতা, ৰমেশচন্দ্ৰ (২০২০). স্বাধীনতা আন্দোলন আৰু অসম. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১৩৮. 
  2. 2.0 2.1 কলিতা, বেণুধৰ (১৯৮৯). বিয়াল্লিছৰ নগঞা ছহীদ. লক্ষেশ্বৰ, যুগল, যুক্তিকুমাৰ, হিৰণ্য কলিতা. পৃষ্ঠা. ১৯.