বসন্তী হেমব্ৰাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বসন্তী হেমব্ৰাম
কাৰাঞ্জিয়া
ৰাজ্যপাল গণেশি লাল
সমষ্টি কাৰাঞ্জিয়া
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০১৯
পূৰ্বসূৰী বিজয় নাইক
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০১৯
সমষ্টি কাৰাঞ্জিয়া
ব্যক্তিগত তথ্য
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল বিজু জনতা দল
দাম্পত্যসঙ্গী বীৰ বীৰসিং হেমব্ৰাম[1]
বাসস্থান ঝাড়ঘোছাড়া
শিক্ষানুষ্ঠান কলা শাখাৰ স্নাতক

বসন্তী হেমব্ৰাম (ইংৰাজী: Basanti Hembram) বিজু জনতা দলক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৯ চনত তেওঁ ওড়িশাৰ কাৰাঞ্জিয়াৰ পৰা ৮৭৬৩ টা ভোটত জয়ী হৈ বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।[2][3] ইয়াৰ পূৰ্বে ২০০৯ চনৰ বিধানসভা নিৰ্বাচনত কাৰাঞ্জিয়া বিধান সভা সমষ্টিৰ পৰা বসন্তী হেমব্ৰামে বিজয় নাইকৰ হাতত পৰাস্ত হৈছিল। ২০২১ চনৰ জানুৱাৰী মাহত কদামোদকা গাঁৱৰ গাঁওবাসীয়ে তেওঁৰ গাড়ী ৰখাই অঞ্চলটোত হাতীয়ে কৰা ক্ষয়-ক্ষতি পৰিদৰ্শন কৰিবৰ বাবে ৭ কিলোমিটাৰ খোজ কাঢ়িবলৈ বাধ্য কৰাইছিল। কিন্তু পিছত তেওঁ কয় যে তেওঁ নিজেই ৰৈ সমস্যাসমূহৰ বিষয়ে সোধা-পোছা কৰিছিল আৰু জানিবলৈ বিচাৰিছিল।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]