বসুন্ধৰা ৰাজে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বসুন্ধৰা ৰাজে
ৰাজস্থানৰ ১২তম মুখ্যমন্ত্ৰী
কাৰ্যকাল
১২ ডিচেম্বৰ ২০১৩ (2013-12-12) – ১৬ ডিচেম্বৰ ২০১৮ (2018-12-16)
পূৰ্বসূৰী অশোক গেহলট
উত্তৰসূৰী অশোক গেহলট
কাৰ্যকাল
৮ ডিচেম্বৰ ২০০৩ (2003-12-08) – ১১ ডিচেম্বৰ ২০০৮ (2008-12-11)
পূৰ্বসূৰী অশোক গেহলট
উত্তৰসূৰী অশোক গেহলট
বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী
কাৰ্যকাল
১৯ মাৰ্চ ১৯৯৮ (1998-03-19) – ১২ অক্টোবৰ ১৯৯৯ (1999-10-12)
সদস্য, ৰাজস্থান বিধানসভা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৮ ডিচেম্বৰ ২০০৩ (2003-12-08)
পূৰ্বসূৰী মোহনলাল
সমষ্টি ঝালৰাপতন বিধানসভা সমষ্টি
কাৰ্যকাল
১৯৮৫ (1985) – ১৯৮৯ (1989)
সমষ্টি ঢোলপুৰ
সাংসদ
লোকসভা
কাৰ্যকাল
১৯৮৯ (1989) – ২০০৩ (2003)
পূৰ্বসূৰী ঝুজৰ সিং
উত্তৰসূৰী দুস্মন্ত সিং
সমষ্টি ঝালৱাৰ লোকসভা সমষ্টি
ব্যক্তিগত তথ্য
জন্ম ০৮ মাৰ্চ, ১৯৫৩ (৭১ বছৰ)
বোম্বে, বোম্বে ষ্টেট, (বৰ্তমানৰ মুম্বাই, মহাৰাষ্ট্ৰ)
ৰাষ্ট্ৰীয়তা Indian
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী হেমন্ত সিং (বি. ১৯৭২; বিবি. ১৯৭৩)
সন্তান দুস্মন্ত সিং
সম্বন্ধীয় জীৱজীৰাও সিন্ধিয়া (দেউতাক)
বিজয়া ৰাজে সিন্ধিয়া (মাক)
মাধৱৰাও সিন্ধিয়া (ভায়েক))
যশোধৰা ৰাজে সিন্ধিয়া (ভনীয়েক)
জ্যোতিৰাদিত্য সিন্ধিয়া (ভতিজাক)
বাসস্থান ঢোলপুৰ, ৰাজস্থান
শিক্ষানুষ্ঠান মুম্বাই বিশ্ববিদ্যালয়
ৱেবছাইট http://vasundhararaje.in/

বসুন্ধৰা ৰাজে সিন্ধিয়া (ইংৰাজী: Vasundhara Raje Scindia; জন্ম ৮ মাৰ্চ ১৯৫৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ দুবাৰকৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ইয়াৰ পূৰ্বে অটল বিহাৰী বাজপেয়ীৰ কেন্দ্ৰীয় কেবিনেটত মন্ত্ৰী হিচাপে দায়িত্ব নিৰ্বাহ কৰিছিল আৰু ভাৰতৰ প্ৰথম ‘সুক্ষ্ম, লঘূ আৰু মজলীয়া উদ্যোগ’ মন্ত্ৰী আছিল। বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম ৰাষ্ট্ৰীয় উপ-সভাপতি। সিন্ধিয়া পৰিয়ালৰ সদস্য হোৱাৰ উপৰিও তেওঁ ঢোলপুৰৰ বামৰৌলিয়া পৰিয়ালৰ কুলমাতাও।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

বসুন্ধৰা ৰাজে সিঙৰ জন্ম হৈছিল ১৯৫৩ চনৰ ৮ মাৰ্চত বম্বেত (বৰ্তমানৰ মুম্বাই)। তেওঁ বিজয়ৰাজে সিন্ধিয়া-শিণ্ডে আৰু গোৱালিয়ৰৰ মহাৰাজা, বিশিষ্ট সিন্ধিয়া ৰাজকীয় মাৰাঠা পৰিয়ালৰ সদস্য জীৱজীৰাও সিন্ধিয়া-শিণ্ডেৰ কন্যা।[1]

ৰাজে তামিলনাডুৰ কোদাইকানালৰ ‘প্ৰেজেণ্টেচন কনভেণ্ট স্কুল’ত স্কুলীয়া শিক্ষা সমাপ্ত কৰে আৰু পিছলৈ মুম্বাইৰ ‘ছফিয়া কলেজ ফৰ উইমেন’ৰ পৰা অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে।[2]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৭২ চনৰ ১৭ নৱেম্বৰত ৰাজকীয় ঢোলপুৰ পৰিয়ালৰ মহাৰাজ ৰাণা হেমন্ত সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও এবছৰৰ পিছত তেওঁলোকৰ বিচ্ছেদ হয়।[3] তেওঁৰ পুত্ৰ দুষ্যন্ত সিং তেওঁৰ পূৰ্বৰ সমষ্টি ঝালাৱাৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়।[4] তেওঁৰ ভায়েক-ভনীয়েকসকল হৈছে মধ্যপ্ৰদেশৰ প্ৰাক্তন উদ্যোগ মন্ত্ৰী যশোধৰা ৰাজে সিন্ধিয়া; প্ৰয়াত মাধৱৰাও সিন্ধিয়া; প্ৰয়াত পদ্মাৱতী ৰাজে ‘আক্কাচাহেব’ বৰ্মন (১৯৪২–৬৪), যিয়ে ত্ৰিপুৰাৰ শেষ শাসক মহাৰাজা কিৰিট দেৱ বৰ্মনক বিয়া কৰাইছিল; আৰু উষা ৰাজে ৰাণা (জন্ম ১৯৪৩), যিয়ে নেপালৰ ৰাণা পৰিয়ালত বিবাহপাশত আবদ্ধ হয়। তেওঁৰ এজন পুত্ৰ দুষ্যন্ত সিং ঢোলপুৰৰ যুৱৰাজ আৰু লোকসভাৰ চাৰিবাৰৰ সাংসদ।

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

১৯৮৪ চনত ৰাজেই ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰে। প্ৰথম অৱস্থাত তেওঁ নৱগঠিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপে নিযুক্তি হয়। ঢোলপুৰৰ পৰা ৰাজস্থানৰ অষ্টম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়। সেই বছৰতে তেওঁক ৰাজস্থান বিজেপিৰ যুৱ মৰ্চাৰ উপ-সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হয়।[5]

বিধানসভাৰ সদস্য[সম্পাদনা কৰক]

১৯৮৫-৯০: সদস্য, ৮ম ৰাজস্থান বিধানসভা, ঢোলপুৰ বিধানসভা সমষ্টিৰ পৰা।
২০০৩-০৮: সদস্য, ১২তম ৰাজস্থান বিধানসভা, ঝালৰাপতন বিধানসভা সমষ্টিৰ পৰা।
২০০৮-২০১৩:, সদস্য, ১৩তম ৰাজস্থান বিধানসভা ৰাজস্থান বিধানসভা, ঝালৰাপতন বিধানসভা সমষ্টিৰ পৰা।
২০১৩-২০১৮: সদস্য, ১৪তম ৰাজস্থান বিধানসভা [6] ঝালৰাপতন বিধানসভা সমষ্টিৰ পৰা।
২০১৮-বৰ্তমানলৈ: ১৫তম ৰাজস্থান বিধানসভা, ঝালৰাপতন বিধানসভা সমষ্টিৰ পৰা।

লোকসভাৰ সদস্য[সম্পাদনা কৰক]


১৯৮৯-১৯৯১: সদস্য, ৯ম লোকসভা, ঝালৱাৰ লোকসভা সমষ্টিৰ পৰা।
১৯৯১-১৯৯৬: সদস্য, ১০ম লোকসভা
১৯৯৬-১৯৯৮: সদস্য, ১১তম লোকসভা
১৯৯৮-১৯৯৯: সদস্য, ১২তম লোকসভা
১৯৯৯-২০০৩: সদস্য, ১৩তম লোকসভা

তথ্যসূত্ৰ[সম্পাদনা কৰক]