বাটৰ নাট


বাটৰ নাট (ইংৰাজী: Street theatre) নাট্য পৰিবেশনৰ এটা ৰূপ আৰু বিনামূলীয়াকৈ ৰাজহুৱা স্থানত কৰা উপস্থাপন। এই ৰাজহুৱা স্থান যিকোনো ঠাই হ’ব পাৰে-শ্বপিং মল, পাৰ্কিং লট, বিনোদনমূলক স্থান, কলেজ বা বিশ্ববিদ্যালয়ৰ চৌহদ, ৰাস্তাৰ দাঁতি বা চ’ক আদি। এই নাটকবোৰ সাধাৰণতে তেনে ঠাইত কৰা হয়, য’ত বহু মানুহ গোট খায়। নাটকত জড়িত অভিনেতাসকল পথৰ শিল্পীৰ পৰা সংগঠিত থিয়েটাৰ কোম্পানী বা দলৰ যিকোনো মানুহ হ’ব পাৰে; যিয়ে প্ৰদৰ্শনৰ স্থান সম্পৰ্কে পৰীক্ষা-নিৰিক্ষা বা তেওঁলোকৰ মূলসূঁতিৰ কৰ্মৰ প্ৰচাৰ-প্ৰসাৰ কৰিব বিচাৰে। যেতিয়া দূৰদৰ্শন বা ৰেডিঅ’ নাছিল, তেতিয়া ৰাইজৰ মাজলৈ বিভিন্ন খবৰ বা তথ্য সৰবৰাহৰ ই এক উৎস আছিল। বৰ্তমান বাটৰ নাটৰ যোগেদি নাটক চাবলৈ গোট খোৱা দৰ্শকসকলক কিছু বাৰ্তা দিব বিচৰা হয়।[1]
বাটৰ নাটৰ বাবে সাধাৰণ পোচাক বা সা-সৰঞ্জামে যথেষ্ট। কেতিয়াবা অভিনেতাৰ শাৰীৰিক সক্ষমতা বা কণ্ঠস্বৰৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণ চাউণ্ড এম্পিফাইং যন্ত্ৰৰ ব্যৱহাৰ হয় বা কেতিয়াবা তাৰ প্ৰয়োজন নহবও পাৰে। শব্দৰ এই সমস্যাটোৰ বাবে নৃত্য, মূকাভিনয় আৰু স্লেপষ্টিককে (slapsticks) ধৰি শৰীৰি থিয়েটাৰ (physical theatre) মুক্তাঙ্গন পৰিবেশৰ বাবে এক জনপ্ৰিয় ধাৰা। দৰ্শকক আকৃষ্ট কৰিবলৈ প্ৰদৰ্শনবোৰ প্ৰকটভাবে দৃশ্যমান, উচ্চস্বৰৰ আৰু সাধাৰণ শৈলীৰ হ’ব লাগে। অন্য আনুষ্ঠানিক মুক্তাঙ্গণৰ নাট্য পৰিবেশন, যেনে পাৰ্ক বা বাগিছাৰ প্ৰদৰ্শন, য’ত ৰচী আদিৰে ঘেৰা এক সুনিৰ্দিষ্ট ঠাইত টিকট লৈ প্ৰদৰ্শন কৰা হয়, সেইবোৰৰ পৰা বাটৰ নাট অৱশ্যেই পৃথক। বহু সময়ত বাটৰ নাট অনুষ্ঠিত কৰিবলৈ প্ৰশাসনৰ অনুমতিৰ প্ৰয়োজন হয়[2]
বাটৰ নাট মঞ্চ প্ৰদৰ্শনীৰ আদিৰূপ বুলি বিবেচনা কৰা হয়। ধৰ্মীয় নাট বা অন্য সাধাৰণ বিনোদনৰ মাধ্যমৰ সূত্ৰপাত হয় বাটৰ নাটৰ পৰা। প্ৰখ্যাত অভিনেতা ৰবীন ৱিলিয়ামছ, ডেভিদ বোয়ি, জুৱেল আৰু হেৰী এণ্ডাৰচন সহ বহুতৰে কৰ্মজীৱনৰ সূত্ৰপাত হৈছিল বাটৰ নাটৰ পৰা। এই নাট্যধাৰাটোৱে এনে ব্যক্তিকো অভিনয় কৰাৰ সুযোগ দিয়ে, যি কেতিয়াও পৰম্পৰাগত থিয়েটাৰত অভিনয় কৰাৰ সুবিধা বা সামৰ্থ অৰ্জন কৰা নাই। যিকোনো ব্যক্তিয়ে মন কৰিলে বিনামূল্য এই প্ৰদৰ্শনী উপভোগ কৰিব পাৰে।[3]
পৰিবেশ্য কলাৰ শিল্পীসকলে সামাজিক উদ্দীপনা লাভৰ বাবে জনতাৰ সৈতে পোনপটীয়াকৈ মুখামুখি হবলৈ তেওঁৰ সাংস্কৃতিক কৰ্ম বাটত প্ৰদৰ্শন কৰিব বিচাৰে। উদাৰহণ স্বৰূপে ইম্পেৰিয়েল অৰ্গী নামেৰে জনাজাত মাল্টিমেডিয়া আৰ্টিষ্ট চিজাৰ পিংক আৰু তেওঁৰ দলে 'আৱাৰ ডেইলী ব্ৰেড' শিৰোনামৰে নিউয়ৰ্কৰ বাটত এটা প্ৰদৰ্শনী কৰিছিল। তেওঁলোকে প্ৰদৰ্শনীৰ সময়ত “চয়তানে ভৌতিক সম্পদৰ বিনিময়ত মানুহৰ আত্মাক ক্ৰয় কৰে” বুলি এটা বিজ্ঞাপন থকা 'ৱাইল্ডাৰ ব্ৰেড' নামৰ পাওৰুটি এবিধ আনুষ্ঠানিকতাৰে পদপথত পাৰি দিছিল। এই প্ৰদৰ্শনীয়ে এটা হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰিছিল, যেতিয়া পাওৰুটিবোৰত বিস্ফোৰক আছে নেকি, পৰীক্ষা কৰিবলৈ পুলিচে প্ৰশিক্ষিত কুকুৰ লৈ আহিছিল।[4]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ https://www.youthkiawaaz.com/2011/08/street-plays-a-means-of-spreading-awareness/
- ↑ International list of performers
- ↑ Robin Williams began his career on the streets of San Francisco as a street performer: https://movies.yahoo.com/movie/contributor/1800013042/bio
- ↑ Archive Video