বাট বুলনিৰ গীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বাট বুলনিৰ গীত (ইংৰাজী: Baat Bulanir Geet) বা “বাট ফুৰা নাম’’ অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মী সমাজখনত গোৱা এবিধ নাম যাৰ সৈতে কিছু সংস্কৃতি জড়িত হৈ আছে৷ বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈ যওঁতে আইসকলে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যাওঁতে বাটৰ কষ্ট নোহোৱা কৰিবলৈ আধ্যাত্মিক ভাবাপন্ন গীত গাই বাট বুলে, সেইবোৰেই বাট বুলনিৰ গীত৷ মহাপুৰুষ দুজনাৰ জন্মোৎসৱৰ শোভাযাত্ৰা, কীৰ্তন মহোৎসৱৰ কৰভাৰ[1] আৰু “ঘাটসেৱা’’ অনুষ্ঠান আদিত আইসকলে বাট বুলনিৰ গীত গাই যায়৷ সুন্দৰীদিয়া সত্ৰৰ চৰিত তোলা অনুষ্ঠানলৈ যাওঁতে মূল কীৰ্তনঘৰৰ পৰা আইসকলে বাট বুলনিৰ গীত গাই যায়৷[2] এই গীতসমূহ কীৰ্তন, দশম, নামঘোষাৰ উপৰি পুৰাণ, ভাগৱত, ৰামায়ণ, মহাভাৰতৰ কাহিনীৰ মুখপৰম্পৰাৰূপে চলি অহা গীত পদো গোৱা হয়৷ কেইটিমান বাট বুলনি গীতৰ অংশ:

শংকৰ মাধব এ, হে ভৈলা অৱতাৰ,
ইবাৰ কৰিব হৰি জগত উদ্ধাৰ৷

কৰুণা ৰাখো ৰাখো প্ৰাণ,
নেৰো হৰি চৰণ তোমাৰ৷

যাদৱ এ নাযাবা এৰি,
গোপিনীৰ লগতে আহিছে হৰি৷ আদি৷[1]

অসমৰ আন কিছুমান ঠাইত একেই ধৰণে “বাট ফুৰা নাম’’ নামে এবিধ নাম পোৱা যায়৷ ইয়াৰো ধৰ্মীয় তাৎপৰ্য আছে৷ এই বাট ফুৰা নাম মানৰ আক্ৰমণ আৰু অত্যাচাৰ, মহামাৰী আদিৰ পৰা ৰক্ষা পাবলৈ ভগৱানৰ আশীষ কামনাৰে পুৰুষ-মহিলাই বাটে বাটে নাম গাই ফুৰে৷ এই পৰম্পৰা মানৰ আক্ৰমণৰ সময়ৰ পৰাই আৰম্ভ হোৱা বুলি বহুতে ক’ব খোজে৷ বহু গাঁৱত প্ৰচলন থকা বাট ফুৰা নাম সাধাৰণতে ব’হাগ বা জেঠ মাহত গোৱা হয়৷ মুনিহ-তিৰোতা সকলোৱে মিলি কীৰ্তনঘৰত লগ হৈ “হৰিধ্বনি’’ কৰি নামৰ আৰম্ভণি কৰে৷ বাটে বাটে গাই ফুৰোঁতে যাৰ যাৰ পদূলিয়েদি নামৰ সমদল যায় তেওঁলোকে ধূপ-ধুনা-বন্তি জ্বলাই শৰাইত মাননী দি সেৱা কৰে৷ বহুতে বছৰেকত “বাট ফুৰা নাম’’ গালে গাঁৱলৈ অপায়-অমংগল আহিব নোৱাৰে বুলি বিশ্বাস কৰে৷ নামনি অসমৰ জাগাৰা অঞ্চলত জেঠ মাহৰ পূৰ্ণিমা তিথিত দুদিনীয়াকৈ এই নাম গায়৷[3]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 দাস, দিগম্বৰ (১৯৯৫). বৰপেটাৰ বুৰঞ্জী. জীৱন জেউতি প্ৰকাশন. পৃষ্ঠা. ১৫৫. 
  2. মেধি, ডিম্বেশ্বৰ (২০১৮). লোকসংস্কৃতিৰ লেছেৰী বোটলা. বিশ্বাম্ৱা প্ৰকাশন. পৃষ্ঠা. ৫৩. 
  3. বৰা, ভদ্ৰকান্ত (২০১৪). অসমীয়া সমাজৰ লোকাচাৰ আৰু লোকবিশ্বাস. Hornbill. পৃষ্ঠা. ৬৪.