বাঢ়নী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
নাৰিকল পাতৰ কাঠিৰে তৈয়াৰ কৰা বাঢ়নী।

বাঢ়নী এবিধ ঠাই পৰিষ্কাৰ কৰাত ব্যৱহাৰ হোৱা বাঁহৰ কাঠিৰে তৈয়াৰ কৰা সঁজুলি। মানুহৰ দৈনন্দিন জীৱনত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে থাকিবলৈ বাঢ়নী এবিধ অতি আৱশ্যকীয় উপাদান। বাঁহৰ কাঠি বা খেৰৰ টান অংশ তমাল বা ৰছীৰ সহায়ত এফালে মুঠা মাৰি বান্ধি বাঢ়নী তৈয়াৰ কৰা হয়।

প্ৰকাৰ[সম্পাদনা কৰক]

খেৰৰ সহায়ত তৈয়াৰ কৰা শোটা

বাঁহ সংস্কৃতি বুলি জানাজাত অসমীয়া সংস্কৃতিত[1] বিভিন্ন জাতৰ বাঁহ পোৱা যায়। এই বাঁহবোৰৰ মাজৰ সাধাৰণতে জাতি আৰু ভলুকা বাঁহৰ পৰা বাঢ়নী প্ৰস্তুত কৰা হয়। বাঢ়নীৰ সমাৰ্থক শব্দ হিচাপে ঝাৰু, শোটা আদি ব্যৱহাৰ কৰা হয়। ব্যৱহাৰৰ দিশলৈ চাই বাঢ়নীক কেইবা ভাগতো ভাগ কৰা হৈছে। চুৱা বাঢ়নী, চোতাল সৰা বাঢ়নী, শুচি বাঢ়নী, শোটা বাঢ়নী, বঢ়নী বা লুৰি বাৰি,[2] বুটী বাঢ়নী, কুচি আদি।

প্ৰস্তুত বিধি[সম্পাদনা কৰক]

আফ্ৰিকা মহাদেশৰ ঘানাৰ কেইজনমান শিশুৱে নাৰিকল পাতৰ কাঠিৰে বাঢ়নী প্ৰস্তুত কৰাৰ দৃশ্য।

সাধাৰণতে বাঢ়নী প্ৰস্তুত কৰিবলৈ পুৰঠ জাতি বাঁহ এডালৰ দুটা গাঁঠিৰ মাজৰডোখৰ ল’ব লাগে। পাবটোৰ দীঘলে ২০টা মান ভাগ কৰি বুকুখন চাঁচি সৰু সৰুকৈ ফালি লৈ প্ৰত্যেক ফালৰ এটা মূৰে আধামানলৈ চিৰিলি চিৰিলি কৰি কাঠি উলিয়াব লাগে। চিৰিলি চিৰিলি ভাগটোৰ বিপৰীত দিশবোৰ একেলগ কৰি প্ৰায় ২৫-৩০টা কাঠি মুঠা কৰি বান্ধি বাঢ়নী প্ৰস্তুত কৰা হয়। কিছুমানে খেৰৰ টান অংশৰেও বাঢ়নী তৈয়াৰ কৰে। [2] আজিকালি নাৰিকল পাতৰ সিৰা আৰু প্লাষ্টিকৰ কাঠিৰেও বাঢ়নী প্ৰস্তুত কৰা দেখা যায়।

ব্যৱহাৰ[সম্পাদনা কৰক]

বাঢ়নী সাধাৰণতে ঠাই পৰিষ্কাৰ কৰা কামতে ব্যৱহাৰ কৰা হয় যদিও, বিভিন্ন শৈলীৰে তৈয়াৰ কৰা বাঢ়নীৰ ব্যৱহাৰো ভিন ভিন হয়। চোতাল সৰা বাঢ়নীৰে যিদৰে চোতাল পৰিষ্কাৰ কৰা হয়, চুৱা বাঢ়নীৰে তুনামূলকভাৱে বেছি লেতেৰা ঠাই বা অশুচি অৱস্থাত থকা মহিলাই ব্যৱহাৰ কৰে। শোটা বাঢ়নী পাকঘৰ সৰা কামত ব্যৱহাৰ কৰা হয়। শুচি বাঢ়নী পিঠাগুড়ি, চিৰ, সান্দহগুড়ি ভাজিবলৈ পাকঘৰৰ ধোঁৱাচাঙত তুলি থৈ সময়ত ব্যৱহাৰ কৰা হয়। কুঁচি বাঢ়নী তাঁতত তাহোন দিয়া কামত ব্যৱহাৰ কৰা হয়। বঢ়নী বা লুৰি বাৰি ঢেঁকীত ধান বনা। পিঠাগুড়ি খুন্দা কাম অকলশৰীয়াকৈ কৰিলে ঢেঁকী দিওঁতাগৰাকীয়ে ব্যৱহাৰ কৰে।[2] অসমত প্ৰচলিত কিছুমান জনবিশ্ৱাসৰ লগতো বাঢ়নী জড়িত। বেজ-বেজালি আদিৰ লগতো বাঢ়নীৰ সম্পৰ্ক আছে। ভূত খেদিবলৈ, মুখলগা ভাঙিবলৈ, ন-কৈ সজা বাৰীত মানুহৰ কুদৃষ্টি নপৰিবলৈ বাঢ়নী বা বাঢ়নীৰ কাঠি ব্যৱহাৰ কৰা হয়।[2]

লোকসাহিত্যত বাঢ়নী[সম্পাদনা কৰক]

ই অসমীয়া লোকসংস্কৃতিৰো অংগ। অসমীয়া সমাজত বাহীবন কৰাৰ অৰ্থই হৈছে বাঢ়নীৰে চোতাল-ঘৰ সাৰি পৰিষ্কাৰ কৰা। লোকসাহিত্যৰ বিভিন্ন বিষয়ত বাঢ়নী শব্দৰ উল্লেখ আছে। মানুহে মানুহক দিয়া শাও-শপনিৰ পৰা কবিৰ কবিতালৈ বাঢ়নীৰ উল্লেখ পোৱা যায়। ’বাঢ়নীৰে কোবাই খেদিম’ বুলি কোনো লোকক লঘু কৰা গালিৰ লগতে আনৰ বস্তুলৈ অতি লোভ কৰা লোকক ঠাট্টা কৰি কোৱা হয়,

“নিয়মেই নিয়ম কৰে দম্হী, একাদশী,

চপৰাতি পুৰা মাছ খাএ, (চপৰাতি=ওৰেৰাতি)

চুৱা বান্নীত বহি। (বান্নি=বাঢ়নী)[3]

বিহুগীতৰ মাজতো বাঢ়নীয়ে ঠাই পাইছে-

“কাহিনীকৈ আহিবা আমাৰ পিছে পিছে

দীঘলকৈ ওৰণী লৈ।
কেতিয়ানো সাৰিবা মোৰে বাহি চোতাল
হাততে বাঢ়নী লৈ’’[4]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. বৰদলৈ, নিৰ্মলপ্ৰভা (১৯৮৭). অসমৰ লোকসংস্কৃতি. বীণা লাইব্ৰেৰী. পৃষ্ঠা. ২০৯. 
  2. 2.0 2.1 2.2 2.3 গগৈ, চাও লোকেশ্বৰ (২০১১). অসমৰ লোকসংস্কৃতি. ক্ৰান্তিকাল. পৃষ্ঠা. ৬৫৪. 
  3. মেধি, ডিম্বেশ্বৰ (২০১৮). লোকসংস্কৃতিৰ লেছেৰী বোটলা. বিশ্বাম্ৱা প্ৰকাশন. পৃষ্ঠা. ১২৮. 
  4. চক্ৰৱৰ্তী, নীতা. "অসমীয়া সংস্কৃতিত বাঢ়নী". https://voice24x7.in/culture/broom-in-assamese-culture/। আহৰণ কৰা হৈছে: ২৭ মাৰ্চ, ২০২২.