সমললৈ যাওক

বাসন্তী ফুল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাসন্তী ফুল
বাসন্তী ফুল
ফল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Tracheophytes
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Malpighiales
পৰিয়াল: Linaceae
উপপৰিয়াল: Linoideae
গণ: Reinwardtia
প্ৰজাতি: indica
বৈজ্ঞানিক নাম
Reinwardtia indica
Dumort.
বাসন্তী ফুল

বাসন্তী ফুল (বৈজ্ঞানিক নাম: Reinwardtia indica) হৈছে হিমালয় অঞ্চলত পোৱা লিনাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ উদ্ভিদ। ইয়াৰ ইংৰাজী নাম হৈছে য়েল্ল ফ্লাক্স (yellow flax) আৰু পিউলি (pyoli). ই হৈছে ৰেইনৱাৰ্ডটিয়া (Reinwardtia) গণৰ একমাত্ৰ উদ্ভিদ প্ৰজাতি।

হিমায়লৰ দুয়োকাশে চীন আৰু ভাৰতবৰ্ষৰ উত্তৰ অঞ্চলত বাসন্তী ফুল পোৱা যায়।[1]

ব্যৱহাৰ

[সম্পাদনা কৰক]

বাসন্তী ফুলৰ পৰা তৈয়াৰ কৰা ৰং (dye) কাপোৰত ৰং দিবলৈ আৰু ৰং (পেইণ্ট) প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।[2]

সংস্কৃতি

[সম্পাদনা কৰক]

বাসন্তী ফুল বা পিউলি ভাৰতীয় লোকগীত বিষয়বস্তু হিচাপে পোৱা যায়।

গঢ়ৱালী আৰু কুমাওঁনী লোককথা অনুসৰি পুৰণি কালত পিউলি নামৰ এগৰাকী যুৱতী অৰণ্যত বাস কৰিছিল। অৰণ্যৰ জীৱ-জন্তুবোৰে তাইক ডাঙৰ-দীঘল কৰিছিল। এবাৰ এজন ৰাজকুমাৰ চিকাৰ কৰিবলৈ গৈ বাট হেৰুৱাই আৰু পিউলিৰ লগত সাক্ষাৎ হয়। ইয়াৰ আগতে পিউলি কোনো মানুহৰ সংস্পৰ্ষলৈ অহা নাছিল। তাই ৰাজকুমাৰক দেখি মুগ্ধ হয় আৰু ৰাজকুমাৰো তাইৰ প্ৰেমত পৰে। ৰাজকুমাৰে তাইক বিয়া কৰাই আৰু বুজাই-বঢ়াই নিজৰ লগত ৰাজপ্ৰসাদলৈ লৈ আহে। প্ৰাকৃতিক পৰিৱেশৰ পৰা আঁতৰি অহাৰ ফলত তাই অসুস্থ হৈ পৰে। বহু চেষ্টা কৰিও কোনেও তাইক সুস্থ কৰিব নোৱাৰে আৰু অৱশেষত তাই মৃত্যুমুখত পৰে। মৃত্যুমুখত পৰা পিউলিৰ শেষ ইচ্ছা আছিল যে তাইক যেন তাইৰ বন্ধুবৰ্গৰ কাষতে সমাধিস্থ কৰা হয়। ৰাজকুমাৰে তাইক প্ৰথম লগ পোৱা ঠাইলৈ লৈ যায় আৰু তাতে তাইক সমাধিস্থ কৰে। কিছু সময়ৰ পাছত সেই ঠাইতেই এপাহ ধুনীয়া হালধীয়া ফুল ফুলি উঠে। প্ৰকৃতিপ্ৰেমী এই সুন্দৰী গৰাকীৰ নামেৰেই এই ফুলপাহিক পিউলি নামেৰে নামকৰণ কৰা হয়।

বৰ্গীকৰণ

[সম্পাদনা কৰক]

Reinwardtia indica ৰ অন্যান্য নামবোৰ হৈছে:

R. tetragyna, R. trigyna, Linum trigynum,[1] Linum cicanobum, Linum repens, Kittelocharis trigyna আৰু Macrolium trigynum[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  • "Tales and legends from India" (page 13) by Iris Macfarlane (1966)
  • Legends of the gods: strange and fascinating tales from around the world (page 33) by Noreen Shelley (1976), আই.এচ.বি.এন. 0-8448-1040-1

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]