বাহিৰে ৰং চং, ভিতৰে কোৱা ভাতুৰী
অৱয়ব
বাহিৰে ৰং চং, ভিতৰে কোৱাভাতুৰী (ইংৰাজী: Bahire rong song, Bhitare Kowabhaturi) এখন উদ্দেশ্যধৰ্মী আৰু উপন্যাসৰ সমপৰ্যায়ৰ এখনি ব্যংগ ভাৱধাৰাৰ পুথি। ই হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাই লিখা এখন পুথি। হেমচন্দ্ৰ বৰুৱাই এসময়ত “সোণাৰচাঁদ’’ ছদ্মনামেৰে লিখিছিল।[1] অৰুনোদইৰ কেইবাটাও সংখ্যাত তেওঁ এই ছদ্মনামেৰে লিখিছিল, যদিও কেতিয়া তেওঁ এই নাম পৰিহাৰ কৰিছিল জনা নাযায়। বাহিৰে ৰং চং, ভিতৰে কোৱাভাতুৰী নামৰ উপন্যাসধৰ্মী ৰচনাৰ প্ৰথম কেইটামান খণ্ড তেওঁ এই ছদ্মনামেৰে লিখিছিল।