বাৰুদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাৰুদ

বাৰুদ বা গানপাউদাৰ (ইংৰাজী: Gunpowder) হৈছে ৰাসায়নিক বিস্ফোৰক। ইয়াক ছালফাৰ (S), এঙ্গাৰ (C) আৰু যখাৰ (পটাছিয়াম নাইট্ৰেট, KNO3)-ৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। ছালফাৰ আৰু এঙ্গাৰে ইন্ধন বা প্ৰজ্বালক হিচাপে কাম কৰে, আনহাতে যখাৰে জাৰক ৰূপে কাম কৰে। [1][2] বাৰুদৰ জ্বলনময়ী বৈশিষ্ট্য তথা জ্বলনৰ ফলত উৎপন্ন হোৱা তাপ আৰু গেছৰ পৰিমাণৰ বাবে ইয়াৰ ব্যাপক ব্যৱহাৰ আগ্নেয়াস্ত্ৰ, আৰ্টিলেৰি, ৰকেট তথা আতচবাজীত হয়; লগতে বিস্ফোৰক পদাৰ্থ হিচাপে খনন, কুৱেৰিং আৰু পথ নিৰ্মাণত ব্যৱহৃত হয়।

বাৰুদ নৱম শতিকাৰ চীনৰ 'চাৰটি মহান আৱিষ্কাৰ'-ৰ মাজৰ এটা ৰূপে বিবেচনা কৰা হয়। ১৩ শতিকাৰ শেষৰফাললৈ বাৰুদৰ ব্যৱহাৰ ইউৰেছিয়াৰ প্ৰায়ভাগ অংশতে বিয়পি পৰিছিল। [3] আৰম্ভণিতে তাওবাদীসকলে ঔষধিয় উদ্দেশ্যেৰে তৈয়াৰ কৰা বাৰুদক প্ৰথম বাৰৰ বাবে যুদ্ধত ব্যৱহাৰ কৰা হয় প্ৰায় ৯০৪ খ্ৰীষ্টাব্দত। [4]

তুলনামূলকভাবে মন্থৰ গেলি যোৱা হাৰ আৰু ফলস্বৰূপে কম ব্ৰিচেন্স ক্ষমতাৰ বাবে বাৰুদক এক নিম্মখাপৰ বিস্ফোৰক হিচাপে শ্ৰেণীবদ্ধ কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Agrawal 2010, পৃষ্ঠা. 69.
  2. Cressy 2013.
  3. Buchanan 2006, পৃষ্ঠা. 2.
  4. Andrade 2016, পৃষ্ঠা. 31.