বাৰ্তা:অসমৰ ৰেচম শিল্প

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


বিষয়টো গুৰুত্বপূৰ্ণ বাবে আৰম্ভনি কৰি থলো| কিন্তু আউল লাগিল| প্ৰবন্ধৰ নামটোতো খেলিমেলি আছে| জনাবুজাসকলে শুদ্ধৰাই দিলে ভাল পাম| বিষ্ণু শইকীয়া 18:17, 28 ডিচেম্বৰ 2012 (UTC)

অসমৰ ৰেচম শিল্প আৰু পৰ্যটন ক্ষেত্ৰত ইয়াৰ সম্ভাৱনীয়তা[সম্পাদনা কৰক]

পৰ্যটন আৰু অসমৰ ৰেচম ক্ষেত্ৰ

দেশ এখনৰ ‌সামাজিক, অৰ্থনৈতিক আদি সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত পৰ্যটনৰ গুৰুত্ব অনস্বীকাৰ্য ‌।   পৰ্যটন হৈছে মনোৰঞ্জন, অৱসৰ বিনোদন, ধৰ্মীয়, পাৰিবাৰিক বা ব্যৱসায়িক উদ্দেশ্যৰ বাবে সাধাৰণতে সীমিত সময়ৰ বাবে কৰা ভ্ৰমণ। পৰ্যটন সাধাৰণতে আন্তৰ্জাতিক ভ্ৰমণৰ সৈতে সম্পৰ্কিত যদিও একেখন দেশৰ ভিতৰত আন এখন ঠাইলৈ ভ্ৰমণো ইয়াৰ অন্তৰ্গত। পৰ্যটন বহুতো দেশৰ বাবে উপাৰ্জনৰ এক গুৰুত্বপূৰ্ণ উৎস। ১৯৮০ চনৰ বিশ্ব পৰ্যটনৰ ওপৰত মানিলা ঘোষণাপত্ৰত পৰ্যটনক গুৰুত্ব আৰোপ কৰি "ৰাষ্ট্ৰীয় সমাজৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ ৰখাৰ বাবে ৰাষ্ট্ৰসমূহৰ জীৱনৰ বাবে এক অত্যাৱশ্যকীয় কাৰ্যকলাপ" হিচাপে স্বীকৃতি দিয়া হৈছিল।

পৰ্যটন বিভিন্ন প্ৰকাৰৰ যেনে, দুঃসাহসিক পৰ্যটন, বন্যপ্ৰাণী পৰ্যটন, তীৰ্থযাত্ৰা পৰ্যটন, পৰিৱেশ পৰ্যটন, সাংস্কৃতিক পৰ্যটন, ব্যৱসায়িক পৰ্যটন, শৈক্ষিক পৰ্যটন, ঐতিহ্য পৰ্যটন আৰু বহুতো। ভাৰতত পৰ্যটনৰ অৰ্থনৈতিক দিশ: পৰ্যটন খণ্ডৰ পৰা ভাৰতে বহুতো বৈদেশিক মুদ্ৰা উপাৰ্জন অৰ্জন কৰে । বিশ্ব ভ্ৰমণ আৰু পৰ্যটন পৰিষদে গণনা কৰিছিল যে, পৰ্যটনে ২০১৮ চনত ভাৰতৰ জিডিপিৰ ₹ ১৬.৯১ লাখ কোটি বা ৯.২ শতাংশ আৰু ৪২.৬৭৩ নিযুত চাকৰিৰ সৃষ্টি কৰিছিল । এই নিযুক্তি মুঠ নিযুক্তিৰ ৮.১ শতাংশ। ২০২৮ চনৰ ভিতৰত এই খণ্ডটো বাৰ্ষিক ৬.৯% হাৰত বৃদ্ধি হৈ ₹৩২.০৫ লাখ কোটি (৪৫০ বিলিয়ন আমেৰিকান ডলাৰ) হ'ব বুলি ভৱিষ্যতবাণী কৰা হৈছে (জিডিপিৰ ৯.৯%)। ভাৰতে এতিয়া ২০১৩ চনৰ ৬৫ তম স্থানৰ পৰা বিশ্ব পৰ্যটন ৰেংকিঙত ৩৪ তম স্থানলৈ উন্নীত হৈছে আৰু গতি লাভ কৰিছে। ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উদযাপন কৰা হয় ।

কোবিড অতিমাৰীয়ে সমগ্ৰ বিশ্বৰ পৰ্যটন উদ্যোগৰ বাবে এক ডাঙৰ আঘাত সৃষ্টি কৰিছে। পৰ্যটনৰ ক্ষেত্ৰত দেখা গৈছে যে, বন্য জীৱনৰ পৰা ঐতিহ্য আৰু সংস্কৃতিলৈকে অসমত পৰ্যটন উদ্যোগৰ অসংখ্য সম্ভাৱনা আছে। কিন্তু এইটো দুৰ্ভাগ্যজনক যে, বহুতো সম্ভাৱনা থকা স্বত্বেও পৰ্যটন উদ্যোগত অসম এতিয়াও পিছ পৰি আছে । অসম পৰ্যটন বিভাগে তাৰকাযুক্ত হিন্দী কথাছবিৰ অভিনেত্ৰী প্ৰিয়ঙ্কা চোপ্ৰাক ব্ৰেণ্ড এম্বেচাদৰ মনোনীত কৰিও এই ক্ষেত্ৰৰ উন্নতি কৰিবলৈ সমৰ্থ নহ'ল। ভাৰতৰ পৰ্যটন ক্ষেত্ৰৰ‌ শীৰ্ষ স্থানৰ ৰাজ্য হৈছে মহাৰাষ্ট্ৰ, তামিলনাডু, দিল্লী, উত্তৰ প্ৰদেশ, ৰাজস্থান, পশ্চিম বংগ, বিহাৰ, কেৰালা, কৰ্ণাটক আৰু হিমাচল প্ৰদেশ।

পৰ্যটন ক্ষেত্ৰত ৰেচম ক্ষেত্ৰৰ সম্ভাৱনা: উত্তৰ-পূব ভাৰত জৈৱ বৈচিত্ৰ্য আৰু বিভিন্ন কীট পতংগ, জীৱ-জন্তু আৰু নানা প্ৰকাৰৰ উদ্ভিদৰ বাবে প্ৰাকৃতিক ভাবে সমৃদ্ধিশালী। উত্তৰ-পূব ভাৰতৰ উপ-ক্ৰান্তীয় পৰিৱেশে অঞ্চলটোক বিভিন্ন ধৰণৰ সূতা উৎপাদনকাৰী ৰেচম কীট-পতংগ আৰু ইয়াৰ নানা খাদ্য বৃক্ষৰ বাবে প্ৰাকৃতিক ৰূপে চহকী কৰি তুলিছে। মুগা এই অঞ্চলৰ বাবে একক আৰু অনন্য সম্পদ । ইয়াৰ উপৰিও মুগা আৰু এৰীশিল্প দুয়োটা উপলব্ধিৰ কাৰণে এই অঞ্চল গৌৰৱান্বিত । এৰী ভাৰতৰ জনপ্ৰিয় সৰ্বাধিক উৎপাদনকাৰী বন্যৰেচম । এইটো সত্য যে, ৰেচম পৰ্যটন উদ্যোগে ৰাজ্যৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। মুগা আৰু এৰী শিল্পৰ স্বকীয়তাৰ বাবে পৰ্যটনৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰাৰ যথেষ্ট সম্ভাৱনা আছে। এটা কথা উল্লেখ কৰিব লাগিব যে, ৰেচম শিল্প ‌তথা হস্ততাঁত আৰু বয়ন বিভাগ দুটা যদিও পৃথক ভাৱে‌ ৰখা হৈছে দৰাচলতে ‌দুয়োটা বিভাগ ইটোৰ লগত সিটোৰ ‌ওত:পোত: সম্পৰ্ক আছে । পৃথিৱীৰ ভিতৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় বিলাক ৰেচম পালক সকল পলু পালনৰ পৰা সূতা কটা, কাপোৰ ‌বোৱা, ডিজাইন কৰা আদি সকলো কামত নিয়োজিত ‌হৈ থাকে ।‌ এনে‌ নিদৰ্শন অন্য দেশত দেখিবলৈ পোৱা নাযায় । দক্ষিণ ভাৰতৰ নুনী পলু পোহা কৃষকসকলে ‌মাত্ৰ খোলা উৎপাদনলৈকে কাম কৰে । পৰবৰ্তী ‌কাৰ্য অন্য ‌মানুহে‌ সম্পাদন‌ কৰে ।‌ সম্ভাৱ্য পৰ্যটন ক্ষেত্ৰত কাজিৰঙা অঞ্চলত অৱস্থিত বাগৰি, ওদালগুৰি, মাজুলী, ডিফু আদিৰ দৰে সাম্ভাব্য পৰ্যটন ক্ষেত্ৰত "ৰেচম উদ্যোগ পাৰ্ক" স্থাপন কৰি এই উদ্যোগক আগবঢ়াই নিব পাৰি। ইতিমধ্যে মেঘালয় আৰু বিটিচি অঞ্চলত এনে অনুষ্ঠান স্থাপন কৰা হৈছে । কেৱল ৰেচম পলু পালকৰ দ্বাৰা পৰ্যটকক আকৰ্ষিত কৰিবলৈ পৰ্যাপ্ত নহ'ব পাৰে। এইকাৰণে, এনেধৰণৰ পাৰ্কে এৰী আৰু মুগা দুয়োটা শিল্পৰ প্ৰদৰ্শনী স্থল হিচাপে কাম কৰিব পাৰে। দেখা যায় যে, প্ৰাক খোলাৰ পৰা পশ্চাৎ খোলা স্তৰৰ মুগা আৰু এৰীশিল্পৰ প্ৰতিটো স্তৰতে স্বকীয়তা আছে আৰু ই সকলো স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকক আকৰ্ষিত কৰিব পাৰে। এৰী আৰু মুগা শিল্পৰ বিভিন্ন পদক্ষেপ যেনে বৃক্ষৰোপণ, পলু পালন, প্ৰতিপালন, সূতা কটা, বয়ন আৰু লেটা খাদ্যসহ বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰী এনে কেন্দ্ৰৰ আকৰ্ষণ হ'ব পাৰে। পৰম্পৰাৰ প্ৰতীক হোৱাৰ বাবে বেছিভাগ ক্ষেত্ৰতে মহিলাই এই কেন্দ্ৰত নিয়োজিত হ'ব পাৰে আৰু ‌এইদৰে নাৰী সৱলীকৰণৰ ক্ষেত্ৰতো অৰিহনা ‌যোগাব পাৰে। ইয়াৰ ওপৰিও, পৰম্পৰাগত ৰেচম গাওঁ পৰ্যটকৰ বাবে আকৰ্ষণৰ উৎস হ'ব পাৰে।কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে এই খণ্ডটোক গুৰুত্ব দিয়াৰ বাবে উদ্যোগ লোৱা উচিত । কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান নামৰ মুগা আৰু এৰী শিল্পৰ পৃথিৱীৰ ‌একমাত্ৰ গৱেষণা প্ৰতিষ্ঠান লাহদৈগড় যোৰহাটত‌ অৱস্থিত । এই অনুষ্ঠানটি পৰ্যটকৰ আকৰ্ষণ হ'ব পাৰে ।‌ কাৰণ অসমলৈ অহা বহু ‌পৰ্যটকে এই অনুষ্ঠান ভ্ৰমণ ‌কৰে । এইটো নিশ্চিত যে, ৰেচম পৰ্যটন ক্ষেত্ৰই ৰাজ্যৰ অৰ্থনীতি শক্তিশালী কৰাৰ লগতে পুৰণি কুটিৰ শিল্পটিক আগবঢ়াই নিব পাৰে আৰু বিশ্বদৰবাৰত অসমক প্ৰতিষ্ঠা কৰাত উল্লেখযোগ্য বৰঙনি আগবঢ়াবলৈ সক্ষম হ'ব। এটা অতি ‌ইতিবাচক কথা যে, অসমত ইতিমধ্যে বহুত শিক্ষিত যুৱক যুৱতীয়ে ৰেচম ক্ষেত্ৰত বিশেষকৈ বৈচিত্ৰময় বস্ত্ৰ উৎপাদন ক্ষেত্ৰত উদ্যোগ স্থাপন কৰি সফলতা ‌লাভ কৰিছে । দেশীয় বজাৰৰ ওপৰিও ‌নানা ৰেচমজাত সামগ্ৰী বিদেশলৈ ‌ৰপ্তানী কৰি সুনাম অৰ্জন কৰিছে ।‌ এই সকলৰ প্ৰতিষ্ঠান বিলাক পৰ্যটকৰ বাবে আকৰ্ষণৰ বিন্দু হোৱাৰ ‌পূৰ্ণ সম্ভাৱনা ইতিমধ্যে পৰিলক্ষিত হৈছে । এইদৰে ব্যক্তিগত উদ্যোগীসকলেও এই লাভজনক খণ্ডত অংশগ্ৰহণ কৰি লাভবান হোৱাৰ লগতে অসমৰ নিবনুৱা সমস্যা সমাধানত বৰঙণি আগবঢ়াব পাৰে।

ড° মৃদুল চন্দ্ৰ শৰ্মা অৱসৰপ্ৰাপ্ত বিজ্ঞানী যোৰহাট, অসম মোবাইল নম্বৰ ৭০০২৯২৭৬৪০ মৃদুল চন্দ্ৰ শৰ্মা (বাৰ্তা) 10:59, 24 August 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

উৎস: পৰ্যটন আৰু অসমৰ ৰেচম ক্ষেত্ৰ । দৈনিক জনমভূমি ৪ মাৰ্চ ২০২২ ড° মৃদুল চন্দ্ৰ শৰ্মা মৃদুল চন্দ্ৰ শৰ্মা (বাৰ্তা) 11:09, 24 August 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অসমৰ এৰী ৰেচম শিল্পৰ সম্ভাৱনীয়তা[সম্পাদনা কৰক]

অসমৰ এৰী ৰেচম শিল্প

আন্তৰ্জাতিক প্রেক্ষাপটত ৰেচমশিল্পত ভাৰত বৰ্ষৰ স্থান চীন দেশৰ পাছতে দ্বিতীয়। অসম তথা উত্তৰ পূব্বাৰ্ঞ্চলে সমগ্র পৃথিবীৰ ৰেচম মানচিত্রত এক সুকীয়া তথা অনন্য স্থান লাভ কৰি আহিছে । ব্যৱসায়িক ৰূপত পালন কৰা চাৰিত্ত বিধ ৰেচম এৰী,মুগা, পাট আৰু তচৰ এই অঞ্চলত পোৱা যায় । ৰেচম পলু বিলাকক সাধাৰনতে দুই ভাগত ভগোৱা হৈছেঃ পাট ৰেচম আৰু বন্য ৰেচম (মুগা, এৰী, তচৰ)। অসমত পাট পলুৰ উপৰিও মুগা তথা এৰী পলু পালন কৰা হয়। বন্য ৰেচমৰ ভিতৰত এৰী একমাত্র ঘৰৰ ভিতৰতে পোহা পলু । এৰী পলু বন্য ৰেচমৰ ভিতৰত সকলোতকৈ জনপ্রিয় আৰু ইয়াক "শতিকাৰ ৰেচম" আখ্যা দিয়া হয় । বছৰৰ প্রায় প্রতেক সময়তে ইয়াক পালন কৰিব পাৰি যদিও শৰত আৰু বসন্ত কাল অতি উত্তম সময় হিচাবে বিবেচনা কৰাা হৈছে । অনুকূল বাতাৱৰন তথা পয্যাৰ্প্ত পৰিমানে পোৱা খাদ্য বৃক্ষৰ কাৰনে এৰী পলু পালনত উত্তৰ পূব্বাৰ্ঞ্চল সমগ্র পৃথিবীৰ ভিতৰতে অগ্রণী । পলু পালনৰ সৰল কৌশল, সকলো জলবায়ুত তিষ্ঠি থকাৰ সহন ক্ষমতা, প্রচুৰ পাৰ্শ্ব উৎপাদন আৰু উৎপাদনৰ বিচিত্রতাৰ সম্ভাবনীয়াৰ বাবে এৰী শিল্পই জনপ্রিয় শিল্প ৰুপে পৰিগনিত হৈছে । পৰম্পৰাগত হিচাবে এৰীপলু পুহি খোলা উৎপাদন কৰি টাকুৰীৰে সূতা কাটি এৰীচাদৰ বোৱাতে এৰী শিল্পৰ প্রধান আৰু প্রাথমিক উৎপাদন সীমাবদ্ধ আছিল । এই দৰে প্রস্তুত এৰীবস্ত্র ঘৰুৱাভাবে ব্যৱহাৰ কৰা হয় । টাকুৰীৰে কটা সূতা সমজোখৰ তথা মিহি নোহোৱা বাবে ব্যৱসায়িক ভাবে উৎপাদন কৰি আশানুৰুপ সফলতা লাভ কৰিব নোৱাৰি । অন্য ৰেচমৰ তুলনাত এৰীৰেচমৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি।পলু পালন পদ্ধতিও তুলনামূলকভাবে যথেষ্ট সহজ।

এৰী ৰেচম পালনৰ প্ৰায়বোৰ কাম মহিলাসকলে কৰে সেয়ে নাৰী সবলীকৰনৰ তথা আৰ্থ-সামাজিক উন্নতিৰ ই এক উত্তম কৃষিভিত্তিক জীৱিকা । এৰী সূতা লেটা নমৰাকৈও কাটিব পৰা যায় বাবে ইয়াক অহিংসা ৰেচম হিচাবেও জনাজাত।এৰী লেটা উৎকৃষ্ট প্রটিনযুক্ত সুস্বাদু খাদ্য হোৱা কাৰণে জনজাতি ও অন্যান্য উত্তৰ পূৰ্বাঞ্চলৰ লোকৰ মাজত ই যথেষ্ট জনপ্রিয় খাদ্য। যোৱা দশকত এৰীৰেচমৰ উৎপাদন উল্লেখনীয় ভাবে বৃদ্ধি হৈছে । উদাহৰণ স্বৰুপে ২০১৫-১৬ বৰ্ষৰ পৰা ২০২০-২১ বৰ্ষলৈকে এৰী সূতা উৎপাদন ৫০৬০, ৫৬৩৭, ৬৬৬১, ৬৯১০, ৭২০৪, ৬৯৪৬ মেট্ৰিক টনকৈ ক্ৰমাগত বৃদ্ধি পৰিলক্ষিত হয় । গৱেষণা তথা সম্প্রসাৰণ ক্ষেত্রত লাভ কৰা উল্লেখ যোগ্য সফলতা, চৰকাৰী আচঁনি আদিয়ে এই উন্নতিত অৰিহনা যোগাইছে । কেন্দ্রীয় ৰেচম বৰ্ডে খাদ্য বৃক্ষ ৰোপন তথা পলু পালনৰ উন্নত কৌশল উৎভাৱণ কৰি উচ্চমানদন্দৰ খোলা উৎপাদনত অৰিহনা যোগাইছে । উন্নত জাতৰ এৰী গছৰ চিনাক্তকৰণ [এন,বি,আৰ-১ ; এন,বি,আৰ-২ ; এন,বি,আৰ-৩], উন্নত জাতৰ কেচেৰু গছৰ চিনাক্তকৰণ [এইচ এফ- ৫ ; [এইচ এফ- ৮], প্লেটফৰ্ম পলু পালন পদ্ধতি, উন্নত জালি [কাঠ তথা বাঁহ নিৰ্মিত] আদিয়ে এৰীশিল্পৰ উন্নতিত অৰিহনা যোগাইছে । সম্প্রতি উদ্ভাৱণ কৰা চি-২ নামৰ উচ্চ উৎপাদনক্ষম এৰীপলুৰ বৰ্ণ সংকৰ জাতে যোগান্তৰ সৃস্টি কৰিবলৈ সমৰ্থ হৈছে। সচৰাচৰ পলুপালকে এশজনী চকৰী পুহি ৭-৮ কিঃ গ্রাম সূতা কটা লেটা উৎপাদন ক্ষমতাৰ বিপৰিতে ১০-১৩কিঃ গ্রাম লাভ কৰিবলৈ সমৰ্থ হৈছে । মৃদুল চন্দ্ৰ শৰ্মা (বাৰ্তা) 11:21, 24 August 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এৰী খোলা বন্ধাৰ আহিলাৰ নৱতম উদ্ভাৱন[সম্পাদনা কৰক]

এৰীপলুৰ খোলা বন্ধাৰ উন্নত যতন এৰীপলুৰ ভাল খোলা উৎপাদন খোলা বন্ধাৰ যতনৰ ওপৰত নিৰ্ভৰ কৰে । পৰম্পৰাগত হিচাবে শুকান কল নাইবা অন্য গছৰ পাতৰ জালিত পকা পলুৰ খোলা বান্ধিবলৈ ব্যৱহাৰ কৰা হয় । অপৰম্পৰাগত ৰাজ্য বিলাকতো স্থানীয় ভাবে উপলব্ধ গছৰ পাত আদি ব্যৱহাৰ কৰা হয় ।খুব কম সংখ্যক পলু পালকে বাঁহেৰে বনোৱা চন্দ্রকী অথবা প্লাস্তিক চন্দ্রকী ব্যৱহাৰ কৰে । #জালি ব্যৱহাৰ কৰিলে বিশেষকৈ বৰষুণৰ দিনত শুকান পাতৰ যোগাৰ অসুবিধাজনক, তদুপৰি জালিৰ ক্ষেত্রত খোলা বিলাক অসমান হয় তথা ভাঙি উলিয়াওতে সময় বেচি লাগে । জালিৰ ক্ষেত্রত অধিক ঠাইৰ প্রয়োজন হয় আৰু পলু তলত পৰি যোৱা আৰু পলাই যোৱা সমষ্যা হয় ।সম্প্রতি কেন্দ্রীয় মুগা এৰী গৱেষণা আৰু প্রশিক্ষণ প্রতিষ্ঠান এটা নতুন কাঠেৰে নিৰ্মান কৰা আৰু খুলিব পৰা এৰী পলুৰ খোলা বন্ধাৰ উন্নত যতন উৎভাৱন কৰি উলিয়াইছে ।খোলা ভাঙি ওলাবলৈ প্রয়োজন হোৱা অতি সামান্য সময়, বনোৱা সহজ কৌশল তথা মহিলা সকলৰ ব্যৱহাৰৰ উপযোগীতা এই যতনৰ বিশেষত্ব ।পকা পলু বোৰ যতনৰ মাজত বাঁহ বান্ধিবলৈ দি কাগজৰে ঢাকি দিব লাগে ।পথালি কাঠৰ মাৰি বিলাক উলিয়াই দিলে সহজতে খোলা বোৰ সংগ্রহ কৰিব পাৰি । খোলা বন্ধাৰ এই উন্নত যতনৰ পৰা ৯৯ শতাংশৰ অধিক ভাল খোলা উৎপাদন কৰিব পাৰি । পৰম্পৰাগত জালিত ১০-২৫ শতাংশ দাগলগা খোলাৰ বাবে পলুপালকে প্রতি কিঃ গ্রাম খোলাত ৫০০- ৬০০ টকা লাভ কৰাৰ পৰিবৰ্তে এই উন্নত যতনৰ পৰা ১০০ শতাংশ অধিক ভাল খোলা লাভ কৰি প্রতি কিঃ গ্রাম খোলাত ৭০০-৮০০ টকা লাভ কৰিব পাৰে । তদুপৰি এই যতনৰ পৰা উৎপাদিত খোলা উপযুক্ত পৰিৱেশত হোৱা কাৰণে সঁচৰ খোলা হিচাবে ব্যৱহাৰ কৰিবলৈ উপযোগী । এটা ৩ ফুট আৰু ২ ফুট আকাৰৰ যতনত ৪০০ পকা পলু খোলা বনাবলৈ দিব পাৰি । জালিৰ তুলনাত ইয়াত নগণ্য ঠাইৰ প্রয়োজন হয় । এই যতনৰ সকলোতকৈ ডাঙৰ বিশেষত্ব এইযে ৩-৫ মিনিটৰ ভিতৰত ৪০০ খোলা ভাঙি উলিয়াব পাৰি, তাৰ ব্যতিৰকে পৰম্পৰাগত জালিৰ পৰা ৪০০ খোলা ভাঙি উলিয়াবলৈ কমেও ৩০-৩৫ মিনিট সময় লাগে ।#যৌথ প্রয়োগ খোলা বন্ধাৰ এই উন্নত যতনৰ লক্ষণীয় দিশ এইযে, পথালি কাঠৰ মাৰি বিলাক উলিয়াই দিলে ৩ ফুট আৰু ২ ফুট আকাৰৰ যতনত এই যতনত কনী ফুটিবলৈ দি প্রথম আৰু দ্বিতীয় স্তৰৰ ২৫ জনী চকৰীৰ চালুকীয়া পলু পুহিব পাৰি । প্রথম বনাওতে যদিও ৬০০ টকা মান খৰচ হয়, তথাপি ইয়াৰ বহুত দিন ব্যৱহাৰ কৰিব পাৰি ।অধিক সংখ্যক যতন বনালে ইয়াৰ মূল্য ৪০০ টকালৈ হ্রাস কৰিব পাৰি । #যতনৰ_বিস্তৃত_আৰ্হি এই যতনৰ আকাৰ দীঘে ৩ ফুট আৰু ২ ফুট বহল ৰখা হয় । ১.৫ ইঞ্চী বহল পথালি মাৰি বিলাক পৰস্পৰৰ পৰা ১.৫ ইঞ্চী ব্যৱধানত ৰখা হয় । যতনৰ বিপৰীত ফালে এখন প্লাস্তিকৰ জালি লগোৱা হয় । সম্প্রতি থলুৱা সামগ্রী ব্যৱহাৰৰ সুফল হেতু পৰিশোধিত বাঁহেৰে এই যতন নিৰ্মান কৰা হৈছে । পৰিশোধিত বাঁহ ব্যৱহাৰৰ ফলত এনেকুৱা যতন ২-৩ বছৰৰ সলনি ১০-১২ বছৰলৈকে ব্যৱহাৰ কৰিব পাৰি । মৃদুল চন্দ্ৰ শৰ্মা (বাৰ্তা) 11:28, 24 August 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]