বাৰ্তা:কপিৰাইট

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰবন্ধটোৰ নাম "স্বত্বাধিকাৰ" কৰিব পাৰি নেকি। গীতাৰ্থ বৰদলৈ (talk)

অতি মাত্ৰাই আইনী কথা বাবে পট্‌কৈ নালাগে। লিখি গৈ থকাৰ সময়ত ভাৰতীয় কপিৰাইট এক্টত কি বুলি কোৱা হৈছে জানিব পাৰিলে, যিটো শব্দ দিয়া হৈছে সেইটো ব্যৱহাৰ কৰিম বুলি ভাবি থৈছোঁ। নাপালে 'স্বত্বাধিকাৰ'-এই কাৰিব লাগিব। কিন্তু কপিৰাইটৰপৰা 'ৰিডাইৰেক্ট' কৰিম বুলি ভাবি থৈছোঁ। কপিৰাইট হিচাপেও অসমীয়া অভিধানত আছে।উদ্দীপতালুকদাৰ (talk) 18:10, 9 মাৰ্চ 2012 (UTC)
  1. প্ৰথমেই এনে গুৰুত্বপূৰ্ণ প্ৰবন্ধ এটা লিখাৰ কাম আৰম্ভ কৰা বাবে ধন্যবাদ জনালো|
  2. ম‍ই স্বতাধিকাৰ শব্দটোৱেই ভাল যেন পাও, অসমীয়াত এই শব্দাটো নথকাহেতেন কপিৰাইটেই লিখিব লাগিলহেতেন, কিন্তু যিহেতু আমাৰ এটা ভাল সমাৰ্থক শব্দ আছে, তাত কপিৰাইটৰ প্ৰয়োজন আছে জানো?
  3. সম্পাদনা চলি থকা অৱস্থাত আপুনি যদি আন কোনোৱে সেইটো সম্পাদনা কৰাটো নিবিচাৰে তেন্তে {{সম্পাদনা দ্বন্দ}} বুলি লিখিব| যদি অন্য সদস্যৰ সৈতে মিলিজুলি কৰিব বিচাৰে তেন্তে {{under construction}} বুলি লিখি ৰাখক|

বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:31, 9 মাৰ্চ 2012 (UTC)

স্বত্বাধিকাৰ বুলি আইনী শব্দ এটা এতিয়ালৈ মই পোৱা নাই। 'প্ৰতিলিপি স্বত্ব' শব্দটোহে পাইছোঁ। এইবিলাক খুচৰি ফুৰোঁতে ক'ৰবাত ওলাব। যিটো পোৱা যায় সেইমতেই দিলে হ'ল। উদ্দীপতালুকদাৰ (talk) 18:56, 9 মাৰ্চ 2012 (UTC)
স্বত্বাধিকাৰ মানে proprietary rights (n. those rights which go with ownership of real property or a business.), মানে যিকোনো সম্পত্তিৰ ওপৰত আইনী অধিকাৰ। আনহাতে কপিৰাইটো এবিধ proprietary right, যদিও ইয়াৰ আওতা অকল স্ৰজনীমূলক কৰ্মতে সীমাবদ্ধ। এই আইনী শব্দবিলাক এনেকুৱাই! উদ্দীপতালুকদাৰ (talk) 19:03, 9 মাৰ্চ 2012 (UTC)
বেয়া নাপব, এইখিনি ম‍ই জনা নাছিলো| বুজাই দিয়া বাবে ধন্যবাদ| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:50, 9 মাৰ্চ 2012 (UTC)