সমললৈ যাওক

বাৰ্তা:খগেশ্বৰ দত্ত বৰুৱা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 4 বছৰৰ পূৰ্বে by দিব্য দত্ত

মাননীয়, মাননীয়া, মই প্ৰায় এমাহ আগতে খগেশ্বৰ দত্ত বৰুৱা নামৰ কুৰি শতিকাৰ আগ ভাগৰ এক অসমীয়া বৈজ্ঞানিকৰ ওপৰত তথ্য-পাতি (লাইব্ৰেৰী অফ কংগ্ৰেছৰ কেটালগ, বৈজ্ঞানিকজনৰ আঁচল চিঠিৰ নকল, তেওঁৰ প্ৰকাশিত বিজ্ঞানৰ কিতাপখনৰ বেটুপাতৰ ছবি আদি) দি পৃষ্ঠা এখন সৃষ্টি কৰিছিলোঁ। মোৰ ফালৰ পৰা তাত আৰু উল্লেখ কৰিবলগীয়া একো নাই। কিন্তু পৃষ্ঠাখন এতিয়াও ৰাজহুৱা ভাৱে প্ৰকাশ হোৱা নাই যেন লাগে। অথচ মই মন কৰিলো যে খগেন্দ্ৰনাথ নাথ বোলা পৃষ্ঠাত ইয়াতকৈয়ো কম তথ্য- পাতি আছে। সেই পৃষ্ঠাখন প্ৰকাশ পাইছে। আশাকৰোঁ খগেশ্বৰ দত্ত বৰুৱা পৃষ্ঠাখন প্ৰকাশ কৰিব। খগেশ্বৰ দত্ত বৰুৱা পাহৰণিৰ গৰ্ভত হেৰাই যোৱা এক উল্লেখ যোগ্য বৈজ্ঞানিক আৰু অসমী আইৰ এক সুসন্তান। আশা কৰোঁ এই পৃষ্ঠাটো অনতি পলমে প্ৰকাশ কৰিব। এই পৃষ্ঠাত মোৰ সম্পাদনা জুলাই মাহৰ আগ ভাগতে শেষ হৈছে। ইয়াত যোগ দিবলগীয়া মোৰ আৰু একো নাই। ধন্যবাদ

এইখন পৃষ্ঠা আপুনি যিদিনা লিখিলে সেইদিনাই প্ৰকাশ হল। ৱিকিপিডিয়াত বেলেগকৈ প্ৰকাশ কৰাৰ কোনো ব্যৱস্থা নাই। আপুনি ইচ্ছা কৰিলে ইয়াৰ পৰা লিংক কপি কৰি ফেচবুক বা হোৱাটছএপ বা অন্য ঠাইত প্ৰকাশ কৰিব পাৰে। ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) 03:07, 4 August 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক