বাৰ্তা:চাংকেন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


একত্ৰীকৰণ তথ্য[সম্পাদনা কৰক]

পয়চাংকেন টাই বৌদ্ধসকলে পালন কৰা এটি উৎসৱ। ই তেওঁলোকৰ অন্যতম বসন্তোৎসৱ। টাই বৌদ্ধধৰ্মী লোকসকলে পয়চাংকেন উৎসৱৰ যোগেদি বসন্ত ঋতুক আদৰণি জনায়। চ'ত মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰাই এই উৎসৱ পতা হয় আৰু তেওঁলোকে এই উৎসৱক সংক্ৰান্তি উৎসৱ আৰু বুদ্ধমূৰ্তি ধুওৱা উৎসৱ হিচাপেও পালন কৰে। টাইসকলৰ গণনা অনুসৰি এই উৎসৱৰ দিন, ঘণ্টা, মিনিট আদি নিৰ্ধাৰণ কৰা হয়। তিনিদিনীয়াকৈ এই উৎসৱ অনুষ্ঠিত কৰা হয়। দক্ষিণ পূব এছিয়াৰ সকলোবোৰ টাই বৌদ্ধই এই পয়চাংকেন উৎসৱ বিভিন্ন নামেৰে পালন কৰি আহিছে।

ৰীতি নীতি উৎসৱৰ কেইদিনমান আগতেই তেওঁলোকে বৌদ্ধ বিহাৰসমূহৰ প্ৰাংগনত বৌদ্ধ মূৰ্তি স্থাপন কৰা ঘৰ 'ক্যংফ্ৰা ' তৈয়াৰ কৰে আৰু এই ঘৰটোৰ এফালে বিবিধ ৰঙীন সূতাৰে তৈয়াৰী বাঁহৰ চুঙাৰ চকৰি কোংপানেৰে সংযোগ কৰি এই চকৰিটো ক্যংফ্ৰাৰ এফালে কাঠৰ নেওকাখনৰ বিন্ধাত সুমুৱাই দি ইয়াৰ তলফালে এটি সৰু শিলৰ ওপৰত স্থাপন কৰা হয়। গণনা অনুসৰি নিৰ্ধাৰিত সময়মতে টাই বৌদ্ধধৰ্মী লোকসকলে ফ্ৰা অৰ্থাৎ ভগৱান বুদ্ধৰ মূৰ্তিসমূহ মাটিলৈ নমায়। এই কাৰ্যক তেওঁলোকে ‘ফ্ৰা লুং’ বোলে। তেওঁলোকে বৌদ্ধ বিহাৰৰ পৰা বৌদ্ধ মূৰ্তিসমূহ যথাবিহিতভাৱে আনি কাংফা ঘৰত প্ৰতিষ্ঠা কৰে। ইয়াৰ আগমুহূৰ্তত সকলোৱে সুগন্ধি পানী মূৰ্তিটোৰ ওপৰত ঢালি পূজা সেৱা কৰে। এটি এটিকৈ পৰিকল্পিতভাৱে বৌদ্ধ মূৰ্তিবোৰ ভক্তসকলে ক্যংফ্ৰাত স্থাপন কৰোঁতে সুগন্ধি তেল যুক্ত পানীৰে পুনৰ স্নান কৰোৱায়। এই স্নান পানীবোৰ মূৰ্তিবোৰৰ ওপৰত নেঢালি নেওৰাতহে ঢলা হয়। তাৰপৰা চকৰিটোৰ গাত থকা সৰু সৰু নলাৰ চুঙাৰে জোৰেৰে ওলাই যাওঁতে ঘূৰিবলৈ ধৰে। সেইদৰে ঘূৰোঁতে পানীবোৰ চিটিকি মূৰ্তিবোৰৰ ওপৰত পৰে। এই স্নান পৰ্বক 'চনফ্ৰা'বোলা হয়। এনেদৰে চনফ্ৰা কৰোঁতে মহিলাসকলে বিভিন্ন বৌদ্ধস্তুতি তথা চনফ্ৰাৰ গীত পৰিৱেশন কৰা দেখা যায়। এই সময়তেই সকলোৱে ৰং ধেমালিও কৰে। সন্ধিয়া এই স্নান পৰ্ব বন্ধ হয়। তাৰ পাছত আটায়ে ক্যংফ্ৰা ঘৰৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে প্ৰাৰ্থনাৰ আয়োজন কৰে। গোটেই নিশা ডেকা গাভৰুৱে বিহুগীত গাই আনন্দ কৰে আৰু মূৰ্তিবোৰ ৰখে। ইয়াৰ লগত সংগতি ৰাখি ধৰ্ম সভা, সাংস্কৃতিক অনুষ্ঠান আদিৰো আয়োজন কৰে। পিছদিনা পুৱা পুনৰ সকলো সমবেত হৈ অন্নদান, পূজা, পুষ্পদান আদি কৰে আৰু ভগৱান বুদ্ধক সমগ্ৰ মানৱ জাতি আৰু জীৱ জন্তুৰ কল্যাণৰ হকে প্ৰাৰ্থনা জনায়। তাৰ পাছত পুনৰ স্নান পৰ্ব বা চনফ্ৰা আৰম্ভ হয়। তেওঁলোকে তিনিদিনীয়াকৈ ৰং ৰহইচেৰে এই উৎসৱ পালন কৰে আৰু তাৰ পিছত পুনৰ বুদ্ধমূৰ্তিসমূহ যথা নিয়মেৰে পুনৰ বিহাৰসমূহলৈ ওভতাই নিয়া হয়। এই বিহাৰসমূহক চন্দনযুক্ত পানীৰে পৰিষ্কাৰ কৰি সেই পানী ৰাইজৰ গাটো চটিয়াই মংগল আৰু সুখ শান্তি কামনা কৰা হয়। ইয়াৰ কিছুদিনৰ পাছতে ৰাইজে ধৰ্মীয় অনুষ্ঠান ' চম্ চাংকেল' পাতি গঞা ৰাইজৰ মংগল কামনা কৰে আৰু পুৰণিক বিদায় দি নতুনক আদৰণি জনায়। এনেদৰেই পয়চাংকেন উৎসৱৰ সম্পূৰ্ণৰূপে সামৰণি পৰে। অতীতৰে পৰা টাই বৌদ্ধসকলে ৰঙালী বিহুৰ বহুবোৰ আচাৰ ব্যৱহাৰ পালন কৰি আহিছে, তেওঁলোকে বিহুহুঁচৰি, বিহুগীত গায়, নাচে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ টাই বৌদ্ধসকলৰ পয়চাংকেন উৎসৱৰ লগত ৰঙালী বিহু আৰু দৌলোৎসৱৰ বহুতো সাদৃশ্য লক্ষণীয়।[1]

তথ্য সংগ্ৰহ

ড॰ নাৰায়ণ দাস আৰু ড॰ পৰমানন্দ ৰাজবংশী সম্পাদিত অসমীয়া সংস্কৃতিৰ কণিকা গ্ৰন্থৰ পৰা উদ্ধৃত

পয়চাংকেন প্ৰবন্ধটোৰ পৰা তথ্যখিনি অবিকল তুলি আনি ৰখা হৈছে। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 19:09, 17 মে' 2021 (ইউ.টি.চি.)