বাৰ্তা:চাৰু মজুমদাৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

যান্ত্ৰিক অনুবাদ[সম্পাদনা কৰক]

@Pranamikaadhikary, এই প্ৰবন্ধটো “অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৪”-ৰ অংশ হিচাপে মোৰ দ্বাৰা সৃষ্টি কৰা প্ৰবন্ধটোত এগৰাকী বিচাৰকৰ দ্বাৰা “যান্ত্ৰিক অনুবাদত কেইটামান শব্দ যথাযথ হোৱা নাই” বুলি মন্তব্য কৰা হৈছিল। মই বুজি পোৱা নাই, ঠিক কোনবোৰ অংশ যান্ত্ৰিক অনুবাদ কৰা হৈছিল, যাক পৰিমাৰ্জন কৰা হোৱা নাছিল; আৰু যাৰ বাবে অনুদিত প্ৰবন্ধটোত অৰ্থৰ বিকৃতি ঘটিছে বা অসমীয়া ঠাঁচটো পৰিস্ফুট হোৱা নাই। অনুগ্ৰহ কৰি মাননীয় বিচাৰকগৰাকীয়ে মোক সংক্ষেপে কথাখিনি বুজাই দিলে ভৱিষ্যতে নিজকে সংশোধন কৰিবলৈ বা লেখাৰ শৈলী উন্নত কৰিবলৈ সক্ষম হম। লগতে আৰু এটা কথা জানিবলৈ পালে সুখী হম যে সাধাৰণতে কি কৌশল ব্যৱহাৰ কৰি যান্ত্ৰিক অনুবাদসমূহ পৰীক্ষা কৰা হয়। বাবুল বৈশ্য (বাৰ্তা) 17:07, 9 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সন্মানীয় সদস্য, আপুনি প্ৰবীণ সম্পাদক৷ বিচাৰকৰ দৃষ্টিৰে কথাখিনি লক্ষ্য কৰি মই মন্তব্য দিছিলোঁ৷ যান্ত্ৰিক অনুবাদ কিছুমান শব্দ অসমীয়া প্ৰচলিত শব্দ আৰু শৈলীত সলনি কৰিলে পৃষ্ঠাটোৰ মান বাঢ়ে৷ সেয়ে, কোৱা হৈছিল৷ পৃষ্ঠাবোৰ যিহেতু এবাৰ কৰি যোৱাৰ পিছত সহজে পুনৰীক্ষণ কৰা নহয়, সেয়ে, দৃষ্টিত থাকোঁতেই তাক সহজ সৰল ভাষাত উপস্থাপন কৰি গ’লে ৱিকি সন্ধানকাৰীৰ অধিক কাষলৈ যাব৷ এঠাইত “তেওঁলোকে স্থানান্তৰ হ’ল বা কৰিলে’’ ধৰণৰ বাক্য এটাও আছিল, যিটো কেৱল যান্ত্ৰিক অনুবাদতহে পোৱা যায়৷ বিচাৰক হিচাপে কথাখিনি উনুকিওৱাটো ভুল হ’লে, আগলৈ এনে দায়িত্ব পালনত অপাৰগ হ’ম৷ এই বিষয়ে অধিক ক’বলৈ ইচ্ছা নকৰোঁ৷ ধন্যবাদ৷ Pranamikaadhikary (বাৰ্তা) 17:21, 9 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
"ঠিক কোনবোৰ অংশ যান্ত্ৰিক অনুবাদ কৰা হৈছিল, যাক পৰিমাৰ্জন কৰা হোৱা নাছিল; আৰু যাৰ বাবে অনুদিত প্ৰবন্ধটোত অৰ্থৰ বিকৃতি ঘটিছে বা অসমীয়া ঠাঁচটো পৰিস্ফুট হোৱা নাই। অনুগ্ৰহ কৰি মাননীয় বিচাৰকগৰাকীয়ে মোক সংক্ষেপে কথাখিনি বুজাই দিলে ভৱিষ্যতে নিজকে সংশোধন কৰিবলৈ বা লেখাৰ শৈলী উন্নত কৰিবলৈ সক্ষম হম।"-মই জানিব বিচৰা কথা এইখিনি৷ বাকী দায়িত্ব পালনত পাৰগ হোৱা অপাৰগ হোৱা, সেয়া ব্যক্তিগত বিষয়৷ মোৰ দ্বাৰা উত্থাপিত বিষয়ৰ সৈতে তাৰ কোনো সম্পৰ্ক নাই৷ বাবুল বৈশ্য (বাৰ্তা) 17:36, 9 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
মহাশয়, মই কেইটামান শব্দৰ কথাহে উল্লেখ কৰিছিলোঁ৷ অযথা বিতৰ্ক সৃষ্টি নকৰিব৷ আপোনাৰ ইচ্ছা নাই সলনি নকৰিলেই হ’ল৷ বাদ-বিবাদ কৰি সময় নষ্ট কৰাৰ কোনো অৰ্থ নাই৷ Pranamikaadhikary (বাৰ্তা) 17:40, 9 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
বিতৰ্ক কৰা নাই। মাথো বিজ্ঞ বিচাৰকগৰাকীৰ পৰা মোৰ দ্বাৰা হোৱা ত্ৰুটিখিনিৰ বিষয়ে জানিবহে বিচাৰিছিলো। “The couple moved to Siliguri, which was the center of Majumdar's activities for a few years.”- এই ইংৰাজী বাক্যটোক গুগল ট্ৰেঞ্চলেটৰৰ সহায়ত অনুবাদ কৰিলে এনে হয়- “কেইবছৰমানৰ বাবে মজুমদাৰৰ কাম-কাজৰ কেন্দ্ৰবিন্দু হৈ পৰা শিলিগুৰিলৈ গুচি যায় দম্পতীহাল।” আনহাতে মই লিখিছো, “বিয়াৰ পাছত দম্পতিহাল শিলিগুৰিলৈ স্থানান্তৰ হয়, যিখন ঠাই পৰৱৰ্তী কেইবছৰমানৰ বাবে মজুমদাৰৰ কাম-কাজৰ কেন্দ্ৰবিন্দু হৈ পৰে।” “স্থানান্তৰ” শব্দটো ব্যৱহাৰ কৰা বাবেই ই যান্ত্ৰিক অনুবাদ কেনেকৈ হ’ল? প্ৰতিজন মানুহৰে লিখাৰ শৈলী ভিন্ন, শব্দ প্ৰয়োগো ভিন্ন। কোনোবা সম্পাদকে উচিত যেন পালে ইয়াক সহজেই সলনি কৰিব পাৰে। অভিযোগ কৰিলেই নহয়, ইয়াৰ যথাযথ কাৰণ উল্লেখ কৰাও উচিত। শেষত কওঁ, ১) (বিচাৰক হোৱাৰ) উৎসাহৰ আতিশয্যত কাকো হীন দেখুৱাব নাপায়। ২) সোধা প্ৰশ্নটোৰ পোনপতীয়া, চমু উত্তৰ দিয়া উচিত। তাৰ সলনি “দায়িত্ব পালনত অপাৰগ হম” জাতীয় আবেগিক কথা ক’লে যুক্তিৰ অভাৱ হোৱাটোক সূচায়। ৩) যান্ত্ৰিক অনুবাদ পৰীক্ষা কৰাৰ কিছুমান সহজ কৌশল আছে। নাজানিলে (নজনাটো ডাঙৰ কথা নহয়) কোনোবা জনা এজনক সুধি ললেই হয়। হ'ব, এই প্ৰসংগৰ ইমানতে সামৰণি মাৰিলো। বাবুল বৈশ্য (বাৰ্তা) 18:24, 9 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সন্মানীয় সদস্য, আপুনি কৰা অপমানখিনি গ্ৰহণ কৰিলোঁ৷ “বিচাৰক’’ জীৱনত অসংখ্যবাৰ হৈছোঁ৷ গতিকে এইবোৰ নগণ্য বিষয়ক উৎসাহৰ বিষয় বুলি নাভাবোঁ৷ আপোনাৰ দৰে বিজ্ঞলোকৰ ভুল আঙুলিয়াই দিয়াটো মোৰ ভুল হ’ল৷ কথা সিমানেই৷ Pranamikaadhikary (বাৰ্তা) 18:34, 9 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]