বাৰ্তা:ড° জলীন প্ৰকাশ চেতিয়া

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়াত কেৱল অসমীয়া লেখকৰে নহয়, জনগোষ্ঠীয় লেখকৰো গুৰুত্ব মনকৰিবলগীয়া । ডঃ জলীন প্ৰকাশ চেতিয়া অসমৰ এজন বিশিষ্ট জনগোষ্ঠীয় লেখক। বিশেষকৈ অসমৰ প্ৰাক-চ্যুকাফাকালীন মৰাণ জনসমাজৰ ওপৰত দীৰ্ঘকাল ধৰি তেওঁ গৱেষণা অব্যাহত ৰাখিছে । সেইক্ষেত্ৰত তেওঁৰ গৱেষণা গ্ৰন্থৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট ডিগ্ৰীও প্ৰদান কৰিছে । ডঃ চেতিয়াই কেৱল জনগোষ্ঠীয় ক্ষেত্ৰখনতেই নহয়, অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈও গুৰুত্বপূৰ্ণ লেখাৰে অৱদান আগবঢ়াই আহিছে। বৰ্তমান তেওঁৰ আঠখন গ্ৰন্থ গুৱাহাটীৰ পৰা প্ৰকাশিত হৈছে। প্ৰথম কাব্য সংকলন 'হেপীভিলাৰ সোণাৰু' অধ্যাপক ভৱপ্ৰসাদ চলিহাৰ দ্বাৰা ২০০৯ চনত উন্মোচিত হৈছিল। নীলিম কুমাৰৰ ভাষাত 'সাম্প্ৰতিক সময়ৰ আন তৰুণ কবিসকলৰ পৰা কবি চেতিয়াৰ কবিতা অলপ পৃথক । ভাষাৰ ক্ষেত্ৰতো তেওঁক একধৰণৰ পৰীক্ষা-নিৰীক্ষা কৰা দেখা গৈছে, য'ত শব্দসমূহৰ কৃত্ৰিম মসৃণতাৰ অহেতুক প্ৰয়োগ প্ৰায় অনুপস্থিত'। তেওঁৰ বৰ্তমান কেইবাখনো গ্ৰন্থ অসম বুক ট্ৰাষ্ট,পানবজাৰত যন্ত্ৰস্হ ।

ড° জলীন প্ৰকাশ চেতিয়া[সম্পাদনা কৰক]

লেখক, গৱেষক ৷ ইতিমধ্যে বিভিন্ন গুৰুত্বপূৰ্ণ লেখাৰে সমাদৃত ৷ মৰাণ জনসমাজৰো অগ্ৰণী লেখক ৷ অধ্যাপক ৰূপেও কৰ্মৰত ৷ লোকসংস্কৃতিৰ ক্ষেত্ৰত

গুৰুত্ব অধিক ৷ বৰ্তমান আঠখন গ্ৰন্থ প্ৰকাশিত হৈছে ৷[[:চিত্ৰ:|thumb|right|200px|]]]] ৷2409:4065:C:398B:0:0:20C6:C8A1 21:52, 4 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

̈*অসমকে ধৰি সমগ্ৰ বিশ্বৰ বিশ্ববিদ্যালয়সমূহত অগণন লেখক, অধ্যাপক, সহকাৰী অধ্যাপক আৰু গৱেষক থাকে। বহুতৰে গৱেষণামূলক কামৰ উল্লেখযোগ্য সংখ্যক প্ৰকাশিত প্ৰবন্ধ আছে যিবোৰ ইতিমধ্যে আন বহুতে উদ্ধৃত কৰিছে। আনকি ১০০ টা উচ্চমানৰ উদ্ধৃতিযুক্ত লেখা প্ৰকাশ কৰিলেও লেখক গৰাকী জীৱনীমূলক প্ৰবন্ধৰ বিষয়বস্তু হʼবলৈ যথেষ্ট নহʼব পাৰে। উল্লেখযোগ্যতাৰ বেৰ’মিটাৰটো হ’ল বিষয়বস্তুৰ পৰা স্বাধীন লোকে (জনগনে) স্বতন্ত্ৰভাৱে বিষয়টোক যথেষ্ট উল্লেখযোগ্য বুলি বিবেচনা কৰিছে আৰু ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। যদি এজন ব্যক্তিৰ বিষয়ে প্ৰবন্ধ এটা লিখিবলৈ পৰ্যাপ্ত বৈধ সমল থাকে, তেনেহ'লে সেই ব্যক্তিজনৰ নাম (যেনে “হোমেন বৰগোহাঞি”) এক উপযুক্ত শিৰোনাম হ'ব।

এজন ব্যক্তি জীৱনীমূলক প্ৰবন্ধৰ বিষয়বস্তু হোৱাৰ আগতে তেওঁ কিছুমান প্ৰাথমিক চৰ্ত পূৰণ কৰিব লাগিব:
সেইসকল লোককে উল্লেখযোগ্য বুলি ধাৰণা কৰা হয়, যিসকলে একাধিক প্ৰকাশিত গৌণ উৎসত গুৰুত্বপূৰ্ণ কভাৰেজ লাভ কৰিছে; যিবোৰ উৎস নিৰ্ভৰযোগ্য, ইটোৱে সিটোৰৰ পৰা বৌদ্ধিকভাৱে স্বতন্ত্ৰ, আৰু বিষয়বস্তুৰ ক্ষেত্ৰতো স্বতন্ত্ৰ হয়। যদিহে কোনো উৎসৰ কভাৰেজৰ গভীৰতা যথেষ্ট নহয়, তেনেহ'লে উল্লেখযোগ্যতা প্ৰতিপন্ন কৰিবলৈ একাধিক স্বতন্ত্ৰ উৎস একত্ৰিত কৰি প্ৰদৰ্শন কৰাৰ প্ৰয়োজন হ’ব পাৰে; গৌণ উৎসৰ দ্বাৰা বিষয় এটাৰ নগণ্য কভাৰেজ, উল্লেখযোগ্যতা প্ৰতিপন্ন কৰিবলৈ পৰ্যাপ্ত নহ'ব পাৰে।
ওপৰৰ কথাখিনিৰ বাহিৰেও কিছুমান অতিৰিক্ত চৰ্তও প্ৰযোজ্য হ’ব পাৰে:
যিকোনো জীৱনী
  1. ব্যক্তিজনে এক সুপৰিচিত আৰু গুৰুত্বপূৰ্ণ বঁটা বা সন্মান লাভ কৰিছে, বা এনে পুৰস্কাৰৰ বাবে কেইবাবাৰো মনোনীত হৈছে।
  2. ব্যক্তিজনে কোনো এটা নিৰ্দিষ্ট ক্ষেত্ৰত স্থায়ী ঐতিহাসিক অভিলেখৰ অংশ হিচাপে এক বহুল ভাৱে স্বীকৃত অৱদান আগবঢ়াইছে।
  3. ব্যক্তিজনে এখন দেশৰ ৰাষ্ট্ৰীয় জীৱনীমূলক অভিধানত স্থান লাভ কৰিছে (যেনে ৰাষ্ট্ৰীয় জীৱনী অভিধান)।
শিক্ষায়তনিক
প্ৰধান পৃষ্ঠা: Wikipedia:Notability (academics)
বহুতো বিজ্ঞানী, গৱেষক, দাৰ্শনিক আৰু অন্যান্য পণ্ডিতে (সুবিধাৰ বাবে এওঁলোকক সামগ্ৰিকভাবে "শিক্ষায়তনিক" বুলা হৈছে) তেওঁলোকৰ জীৱনী গৌণ উৎসৰ বিষয় নোহোৱাকৈ চিন্তাধাৰা জগতত উল্লেখযোগ্যভাবে প্ৰভাব বিস্তাৰ কৰিছে।
সৃষ্টিশীল বৃত্তিজীৱী
"WP:AUTHOR" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। information about the authorship of Wikipedia articlesৰ বাবে, Wikipedia:Ownership of content চাওক।
"WP:Notability (artists)" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। the failed proposalৰ বাবে, Wikipedia:Notability (artists) (failed proposal) চাওক।
লেখক, সম্পাদক, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা, ফটোগ্ৰাফাৰ, শিল্পী, স্থপতিবিদ আৰু অন্যান্য সৃষ্টিশীল পেছাদাৰীৰ ক্ষেত্ৰত, যদি
  1. ব্যক্তিজনক এক গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে গণ্য কৰা হয় অথবা সহকৰ্মী বা উত্তৰসূৰীৰ দ্বাৰা বহুলভাৱে উল্লেখ কৰা হয়।
  2. ব্যক্তিজন এক গুৰুত্বপূৰ্ণ নতুন ধাৰণা, তত্ত্ব বা কৌশলৰ উদ্ভাৱনৰ বাবে জনাজাত।
  3. ব্যক্তিজনে এক গুৰুত্বপূৰ্ণ বা সুপৰিচিত কাম বা সামূহিক কাম কৰাত মুখ্য ভূমিকা পালন কৰিছে। ইয়াৰোপৰি, সেইকাম এক স্বতন্ত্ৰ আৰু উল্লেখযোগ্য কাম (যেনে: কোনো কিতাপ, চলচ্চিত্ৰ বা দূৰদৰ্শন শৃংখলা, পিছে সাধাৰণতে দূৰদৰ্শন শৃংখলাৰ এটা খণ্ড হ'লে নহ'ব) অথবা একাধিক স্বতন্ত্ৰ সাময়িকীৰ প্ৰবন্ধ বা পৰ্যালোচনাৰ প্ৰাথমিক বিষয়বস্তু হ'ব লাগিব।
  4. ব্যক্তিজনৰ কামসমূহ: (ক) এক গুৰুত্বপূৰ্ণ স্মাৰক হৈ পৰিছে, (খ) এক গুৰুত্বপূৰ্ণ প্ৰদৰ্শনীৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল, (গ) গুৰুত্বপূৰ্ণ মনোযোগ লাভ কৰিছিল, বা (ঘ) কেইবাটাও উল্লেখযোগ্য গেলেৰী বা সংগ্ৰহালয়ৰ স্থায়ী সংগ্ৰহৰ ভিতৰত প্ৰতিনিধিত্ব লাভ কৰিছে।
অধিক তথ্যৰ বাবে তলত দিয়া লিংকটো পঢ়ক: ৱিকিপিডিয়া:উল্লেখযোগ্যতা (ব্যক্তি)
JonaliB (বাৰ্তা) 19:36, 5 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]