বাৰ্তা:নেলীৰ হত্যাকাণ্ড
বিষয় যোগ কৰকঅৱয়ব
এইটো অতি স্পৰ্শকাতৰ বিষয়। উপযুক্ত তথ্যসূত্ৰ আদি দিহে লিখে যেন। তেতিয়ালৈকে {{POV}} Templateটো নুগুচা্য যেন।
প্ৰভাকৰ শৰ্মা নেওগ 04:54, 14 অক্টোবৰ 2011 (UTC)
নেলী গণহত্যাৰপৰা (সদস্য:Kalamyaৰদ্বাৰা সম্পাদিত)
[সম্পাদনা কৰক]নেলী হত্যাকাণ্ড বুলিলে ১৯৮৩ চনত অসমৰ নগাঁও জিলাৰ 'নেলী' নামৰ ঠাইত সংঘটিত হোৱা নৃশংস, গাৰ নোম শিয়ৰি উঠা হত্যাকাণ্ডকত ৩,০০০ মানুহক (বেচৰকাৰী ভাবে ১০,০০০ জন) ৬ ঘণ্টাত হত্যা কৰাক বুজায়। সন্দেহজনক অবৈধ অনুপ্ৰৱেশকাৰীৰ নামত যি এক বৰ্বৰ হত্যাযজ্ঞ পাতা হৈছিল তাকে নেলী হত্যাকাণ্ড বুজায়।
১৮৮৩ চনত, অসম আন্দোলন চলি থকা সময়ত যেতিয়া এক সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিছিল চৰকাৰে তাৰ ফলস্বৰূপে অসমৰ বিভিন্ন ঠায়ে ঠায়ে বিভিন্ন হিংসাত্মক ঘটনা সংঘটিত হৈছিল তাৰে এক লোমহৰ্ষক হত্যাকাণ্ড আছিল নেলীৰ হত্যাকাণ্ড।
অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ কিছু নাম যেতিয়া ভাৰতীয় ভোটাৰ তালিকাত সোমাই পৰিছিল তেতিয়া এচাম উগ্ৰ জাতীয়তাবাদী গোটে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল এই অনুপ্ৰৱেশকাৰীসকলৰ নান নিৰ্বাচনী ভোটাৰ তালিকাৰপৰা কৰ্তন নকৰালৈকে নিৰ্বাচন স্বগিত ৰাখিবলৈ। কিন্তু ভাৰতীয় নিৰ্বাচনী আয়োগে আৰু চৰকাৰে যেতিয়া এই দাবী আওকাণ কৰি যেতিয়া নিৰ্বাচন অনুষ্ঠিত কৰিলে তেতিয়াই সংঘটিত হ'ল ভাৰতৰ ইতিহাস কলংকিত কৰা নেলী হত্যাকাণ্ড। চন ১৯৮৩, ১৮ ফেব্ৰুৱাৰীৰদিনা সুদীৰ্ঘ ছঘণ্টা সময় জুৰি চলিছিল নেলী হত্যা যজ্ঞ। কণ কণ শিশুৰপৰা গৰ্ভৱতী মহিলা, ৬০বছৰীয়া বৃদ্ধও বাদ পৰা নাছিল এই আক্ৰমণৰ পৰা! নৃশৃংসভাৱে হত্যা কৰা হৈছিল নিৰীহ লোকসকলক! এই হত্যালীলাত প্ৰায় ২,১৯১ জন লোকৰ প্ৰাণ হানি হৈছিল। (বেচৰকাৰী সূত্ৰৰ মতে এই সংখ্যা প্ৰায় ৫,০০০)। এই লোকসকলৰ ভুল কি আছিল? ভুল এটাই আছিল যে এওঁলোকৰ মাজত কিছু লোক বিদেশী অনুপ্ৰৱেশকাৰী আছিল কিন্তু বিদেশীসকলৰ লগতে দেশীয় লোকৰো প্ৰাণ কাঢ়ি লোৱা এই হত্যাকাণ্ডৰ আচল উদ্দেশ্য আছিল উগ্ৰ সাম্প্ৰদায়িকতাবাদীসকলৰ মনোবাঞ্চা পূৰণ কৰা!
নেলী হত্যাকাণ্ডত আক্ৰান্ত হৈছিল ১৪খন গাঁও। এই গাঁওসমূহৰ ভিতৰত আছিল আলিসিংহ, খোলাপথাৰ, বসুন্ধাৰী, বুগডুবা বিল, বুগডুবা হাবি, বৰজলা, বুতুনী, ইন্দুৰমাৰী, মাটি পৰ্বত, মুলাধাৰী, মাটি পৰ্বত নং ৮, শিলভেটা, বৰবুৰী আৰু নেলী।
আক্ৰান্তসকলৰ বেছিভাগেই অসমলৈ বাংলাদেশৰপৰা প্ৰব্ৰজন কৰা মুছলমান সম্প্ৰদায়ৰ লোক আছিল বুলি কোনো কোনো সূত্ৰই কয়। আন কিছুমানৰ মতে সংখ্যালঘু সম্প্ৰদায়ৰ লোকক পৰিকল্পিতভাৱে বিদেশী আখ্যা দিয়া হৈছিল আৰু এই হত্যাযজ্ঞ পৰিকল্পিতভাৱে ৰচা হৈছিল॥
চৰকাৰে নেলীৰ হত্যাকাণ্ডত নিহত লোকৰ পৰিয়ালক ৫,০০০ টকাকৈ সাহায্য প্ৰদান কৰে। এই ঘটনাৰ তদন্ত কৰিবলৈ ত্ৰিভুৱন প্ৰসাদ তিৱাৰীৰ অধীনত গঠন কৰা তিৱাৰী কমিচনে ১৯৮৫ চনত অসম চৰকাৰক ৬০০ পৃষ্ঠাজোৰা প্ৰতিৱেদন দাখিল কৰে। কিন্তু হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে এই প্ৰতিৱেদন ৰাজহুৱা নকৰিবলৈ সিদ্ধান্ত লয়। হত্যাকাণ্ডৰ পিছত ৬৮৮টা অপৰাধী গোচৰ ৰুজু কৰা হৈছিল আৰু ৩১০ জনকহে চাৰ্জশ্বীট দিয়া হৈছিল। বাকী ৩৭৮টা গোচৰ প্ৰমাণ নোহোৱাৰ দোহাই দি বন্ধ কৰা হয়। চাৰ্জশ্বীট দিয়া ৩১০টা গোচৰো অসম চুক্তিমতে ১৯৮৫ চনত গঠিত অসম গণ পৰিষদ চৰকাৰে বাতিল কৰে। নেলীৰ হত্যাকাণ্ডৰ লগত জড়িত কোনো লোকৰ সেইবাবে আজিলৈকে বিচাৰ হোৱা নাই।