বাৰ্তা:প্ৰসন্ন কলিতা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিলোপন প্ৰত্যাহ্বান[সম্পাদনা কৰক]

মই যুগুত কৰা সৰু লেখাটো বিলোপ নকৰিবলৈ অনুৰোধ জনালোঁ। অসমত বৰ্তমান বহুতো পৰিবেশ কৰ্মী আছে,যিসকলৰ বহুতোৱেই নিজৰ স্বাৰ্থ, আত্ম প্ৰতিস্থা আৰু বিভিন্ন সংস্থা খুলি ধন ঘটাৰ প্ৰতিযোগিতাত নামি পৰিছে, কিন্তু বহুদিনৰ পৰা পৰিবেশ সংৰক্ষণৰ সৈতে আমি জড়িত হৈ থাকি অনুভৱ কৰিব পাৰো যে প্ৰকৃতাৰ্থত মাত্ৰ কিছু সংখ্যক সৎ আৰু দায়িত্বশীল মানুহে অহৰহ কাম কৰি প্ৰকৃতিৰ সংৰক্ষনৰ হকে মাত মাতি আহিছে। তেনেকুৱা লোক সকলক আমি উৎসাহ দিব লাগে , সাহস দিব লাগে। এজন নিঃস্বাৰ্থ প্ৰকৃতি প্ৰেমী ৰূপে আমি প্ৰসন্ন কলিতাক ওচৰৰ পৰা দেখিছো। তেওঁৰ চৰাই নিৰীক্ষণ, সাপ উদ্ধাৰ আৰু সংৰক্ষণক লৈ যিখিনি কাম কৰি আছে সেয়া অতি আদৰণীয় আৰু আনতকৈ পৃথক। সেয়েহে আমি এনেকুৱা লোকক সন্মান প্ৰদান কৰিব লাগে যাতে তেঁও দুগুণ উৎসাহেৰে কাম কৰিবলৈ সাহস পায়।

এজন লোকক উৎসাহ দিয়াৰ বাবে যদিহে আপুনি প্ৰবন্ধটো লিখিছে তেন্তে ই গ্ৰহণযোগ্য নহয়। যদিহে আপুনি তেওঁক ব্যক্তিগতভাৱে ওচৰৰ পৰা জানে তেনেহ'লে প্ৰবন্ধটো আপুনি লিখাটোও উচিত নহয়। ৱিকিপিডিয়াত প্ৰবন্ধ হিচাপে স্থান পাবলৈ ব্যক্তি এগৰাকীয়ে কি কি চৰ্ত পূৰণ কৰাৰ প্ৰয়োজন সেই বিষয়ে জানিবলৈ ব্যক্তিবিশেষৰ উল্লেখযোগ্যতা সম্পৰ্কীয় এই পৃষ্ঠাখন চাওক। শুভেচ্ছাৰে।--চন্দন চিৰিং ফুকন ✉️ 12:19, 14 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]