বাৰ্তা:পৰাগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


নৰাছিগা বিহু হৈছে মিছিংসকলৰ এটা লোক উৎসৱ। এই উৎসৱ 'প-ৰাগ' নামেৰেও জনাজাত। সাধাৰণতে আহিন-কাতিমহীয়া আহুধান চপাই শেষ কৰি নৰাছিগা বিহু পতা হয়। ধান কাটি চপোৱাৰ অন্তত, অৰ্থাৎ, ধানৰ নৰা ছিগাৰ সময়ত অনুষ্ঠিত হোৱা বাবেই এই উৎসৱৰ নাম নৰাছিগা বিহু।

ঘাইকৈ গাঁৱৰ ডেকা-গাভৰুৰ উদ্যোগত এই উৎসৱ উদযাপিত হয় যদিও গাঁৱৰ আন সকলোৱে ইয়াত অংশগ্ৰহণ কৰে। এই উৎসৱ পালন কৰিবৰ বাবে গাঁৱৰ মূৰত নাইবা আহল-বহল ঠাইত মুৰং ঘৰ নামৰ এটা ঘৰ সাজি লয়। নৰাছিগা বিহুত মুৰং ঘৰ অপৰিহাৰ্য। এই উৎসৱ পতাৰ আগতে উৎসৱ পৰিচালনাৰ বাবে কেইজনমান বিষয়ববীয়া নিয়োগ কৰা হয়। এই বিষয়ববীয়াসকলৰ ভিতৰত মিগম বৰা, বৰ পুৱাৰী, সোধৰ বৰা, ডেকা বৰা আদি উল্লেখযোগ্য। নৰাছিগা বিহুত অংশগ্ৰহণ কৰিবৰ বাবে কাষৰীয়া চাৰি-পাঁচখন গাঁৱৰ ৰাইজক অতিথি হিচাপে আমন্ত্ৰণ কৰি অনাটো মিচিংসকলৰ এক পৰম্পৰা। সাধাৰণতে তিনিদিন ধৰি পালন কৰা উৎসৱত বিবিধ লোকাচাৰ পালন কৰাৰ উপৰিও মিচিং ডেকা-গাভৰুৱে ইয়াত প্ৰাণঢালি নাচে।

এই নাচ সামাজিক হ'লেও মূলতঃ ই আন এখন সমাজৰ মিলা-প্ৰীতি পাবৰ কাৰণে কৰা প্ৰচেষ্টা। কিয়নো এই উৎসৱত এখন গাঁৱৰ এদল ডেকা-গাভৰুৱে আন এখন গাঁৱৰ এদল ডেকা-গাভৰু-বয়োজেষ্ঠক নাচি-ধেমালি-উৎসৱৰ মাজেদি সন্তোষ দিবলৈ চেষ্টা কৰে। ঘাইকৈ গাঁৱৰ মানুহৰ কল্যাণ আৰু খেতি-শস্যৰ বৃদ্ধি কামনা কৰি নৰাছিগা বিহু পতা হয়।[1]


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-১২৫ (১)