বাৰ্তা:যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান
Jorhat Institute of Science & Technology
স্থাপিত ১৯৭১
ধৰণ চৰকাৰী
শৈক্ষিক কৰ্মচাৰী ২০০
স্নাতক শিক্ষাৰ্থী ৭০০ (প্ৰায়)
স্থান যোৰহাট, অসম, ভাৰতভাৰত
চৌহদ মফচলীয়
Acronym JIST
ভুক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়
ৱেবছাইট jistassam.in

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (ইংৰাজী: Jorhat Institute of Science & Technology) হৈছে যোৰহাট জিলাৰ চেনীজানত অৱস্থিত স্নাতক পৰ্যায়ৰ এখন শিক্ষানুষ্ঠান। ১৯৭১ চনত অসম চৰকাৰে যোৰহাট বিজ্ঞান মহাবিদ্যালয় হিচাপে শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠা কৰিছিল।[1] ২০০৮ চনত ৰাজ্য চৰকাৰৰ দ্বাৰা মহাবিদ্যালয়খনৰ উন্নীতকৰণ কৰা হয় আৰু সমিতি পঞ্জীকৰণ আইনৰ অধীনত ইয়াৰ নাম সলনি কৰি যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান ৰখা হয়। ইয়াৰ পিছতে সৰ্বভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ চমুকৈ এ.আই.চি.টি.ই.ৰ অনুমোদন লাভ কৰাৰ পিছত ২০০৯-১০ শৈক্ষিক বৰ্ষৰ পৰা ইয়াত বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ উপৰিও আভিযান্ত্ৰিক শিক্ষাৰ ব্যৱস্থা কৰা হয়।[1] শিক্ষানুষ্ঠানটো যোৰহাটৰ পৰা ৯ কি:মি: দূৰত অৱস্থিত।

পাঠ্যক্ৰমসমূহ[সম্পাদনা কৰক]

সাধাৰণ স্নাতক

  • পদাৰ্থ বিজ্ঞান
  • ৰসায়ন বিজ্ঞানন
  • গণিত
  • তথ্য প্ৰযুক্তিবিদ্যা

আভিযান্ত্ৰিক স্নাতক পাঠ্যক্ৰম

  • ইলেক্ট্ৰ’নিকচ এণ্ড টেলিকমিউনিকেচন
  • পাৱাৰ ইলেক্ট্ৰ’নিকচ এণ্ড ইনষ্ট্ৰুমেণ্টেচন
  • চিভিল
  • মেকানিকেল

[2]
  1. 1.0 1.1 "আনুষ্ঠানিক ৱেবছাইট". http://jistassam.in/। আহৰণ কৰা হৈছে: 7 November 2015. 
  2. "আনুষ্ঠানিক ৱেবছাইট". http://jistassam.in/departments/। আহৰণ কৰা হৈছে: 7 November 2015.