বাৰ্তা:শৰণীয়া কছাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

শৰণীয়া জাতি গঠনৰ চমু আভাসঃ বিভিন্ন জাতি-জনজাতিৰে ভৰা বৈচিত্ৰপূৰ্ণ অসমৰ শৰণীয়া কছাৰীসকল এক অন্যতম জনগোষ্ঠী| এই শৰণীয়া কছাৰীসকলে অনাদি কালৰে পৰা অসমত বাস কৰি আহিছে| ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে পুৰণি গোৱালপাৰা, পুৰণি কামৰূপ, ধেমাজি, লক্ষীমপুৰ, শোণিতপুৰ জিলা আৰু দক্ষিণ পাৰে নগাঁও, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট জিলাৰ নৈ-উপনৈসমূহৰ পাৰত বাঁহ-বেত, কাঠ, খেৰ, ধানৰ নৰাৰে ঘৰ সাজি গাঁও পাতি শৰণীয়া কছাৰীসকলে বসবাস কৰে| গোটেই অসমত শৰণীয়া সকলৰ জনসংখ্যা বেচৰকাৰী হিচাপ মতে প্ৰায় পাঁচ লাখ| অসমীয়া সাহিত্য আৰু বুৰঞ্জী মেলি চালে আমি দেখা পাওঁ যে মাতৃভাষা অসমীয়াৰে ব্ৰাহ্মণ্য হিন্দু ধৰ্মাৱলম্বী যিসকল মংগোলীয় গোষ্ঠীৰ লোক আছে, সেইসকলেই শৰণীয়া কছাৰী| বিভিন্ন সময়ত মংগোলীয় জনগোষ্ঠীৰ বড়ো, ৰভা, মিকিৰ, লালুং, গাৰো, ডিমাচা আদি লোকে নিজ ধৰ্ম পৰিত্যাগ কৰি কোনো ধৰ্মগুৰুত শৰণ লৈ হিন্দুধৰ্ম গ্ৰহণ কৰি ধৰ্মান্তৰিত হয়| সেই ধৰ্মান্তৰিত লোক সকলেই কালৰ সোঁতত শৰণীয়া কছাৰী হিচাপে পৰিচিত হয়| বিভিন্ন জনজাতিৰ লোকসকল সংস্কাৰৰ দ্বাৰা শৰণীয়া কছাৰী গোষ্ঠী গঠন হোৱা প্ৰক্ৰিয়াসমূহ তলত আলোচনা কৰা হ’ল| শৰণীয়া গোষ্ঠী গঠনৰ প্ৰক্ৰিয়ালৈ লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ যে শৰণীয়াসকল আৰ্য আৰু অনাৰ্য মাজত ধৰ্ম আৰু সংস্কৃতিৰ সমন্বয়ত গঢ়ি উঠা জাতি| পণ্ডিত সকলে এই দেশৰ লোকসকলক তিনিটা ভাগত ভাগ কৰিছে| প্ৰথমে আৰ্য, যিবিলাক আৰ্যই ভাটিৰ ফালৰ পৰা আহি বসবাস কৰিছে আৰু যাৰ মাতৃভাষা সংস্কৃত মূলৰ; সেই সকলৰ মাজত আছে ব্ৰাহ্মণ, কলিতা, কেওট প্ৰভৃতি| দ্বিতীয়তে অনাৰ্য যিবিলাক লোক আৰ্য নহয় আৰু যি এই দেশত আগৰ পৰা বাস কৰি আছে যাৰ স্বতন্ত্ৰ ভাষা আছিল আৰু আছে| ইয়াৰ ভিতৰত বড়ো, ৰাভা, গাৰো, লালুং, চুতীয়া, দেউৰী, মেচ, ডিমাচা, মিকিৰ প্ৰভৃতি পৰে| তৃতীয়তে মিশ্ৰ জাতি, অৰ্থাত্‍ আৰ্য আৰু অনাৰ্য জাতিৰ সংমিশ্ৰণৰ দ্বাৰা হোৱা জাতি| তাৰ ভিতৰত শৰণীয়া, কোচ প্ৰভৃতিৰ অন্তৰ্গত| শৰণীয়া জাতি যে অসমৰ সমূহ জনজাতিৰ সংমিশ্ৰণত সৃষ্টি হৈছিল, সেই কথা তলত উল্লেখ কৰা পণ্ডিত সকলৰ লিখনিৰ পৰা জানিব পাৰি| য্থা-‘The name is Assam is no longer that of tribe but nation of a Hindu caste into which all convert to Hinduism from the different tribes Kachari, Garo, Lalung, Mikir, etc. are admitted on convertion. R.C.A.(1851:213).’ L.A. Wadell ডাঙৰীয়াই লিখিছে-‘This Semi-Hinduism people occupyingpeople occupying the plains of Brahmaputra between lower Assam and North-Eastern Bengali, are many ways interesting. They do not, as stated by colonel Dalton Mr. Risley and others, belong to the dark Dravirian aborigins of India are distinctly Mangloid, through somewhat heterogeneous, The term Koch has become more of a cast little that tribal appellation, so that the individuals of the Kachari, Garo, Rabha, Lalung and allied Indo-Chinese tribes are admitted as member. Thus any one of the tribes, can become Koch by establishing a Brahmanical priest and giving up eating beef, through he need not necessarily abjure animal food altogether. In this stage he is called Saraniya, which means ‘a refugee implying that he has taken refugee in Hinduism ’ (L.A. Waddel; The tribes of Brahmaputra Valley, 1901) গতিকে শৰণীয়াসকল বিভিন্ন জনজাতিৰ সংমিশ্ৰণত গঠিত বুলি ক’ব পাৰি| ইয়াৰ উপৰি আৰ্য আৰু অনাৰ্য ধৰ্ম আৰু সংস্কৃতিৰ সমন্বয়েও যে শৰণীয়া জাতি গঢ়ি উঠাত যথেষ্ট অৰিহণা যোগাইছে, সেই কথা তলৰ আলোচনাৰ পৰা ক’ব পাৰি| বুৰঞ্জীবিদসকলৰ মতে আৰ্যসকলৰ অসমলৈ প্ৰৱজন ঘটিছিল খ্ৰীঃপূঃ ৭ম শতিকাত পশ্চিম পিনেদি| এছ.এন. ভদ্ৰ নামৰ বুৰঞ্জীবিদে তেওঁৰ ‘উত্তৰ-পূৱ ভাৰতৰ ইতিহাস’ নামৰ গ্ৰন্থত লিখিছে যে আনকি খ্ৰীঃ ৬ষ্ঠ শতিকাতো সমুদ্ৰ হিমালয় পৰ্যন্ত বিয়পি আছিল| প্ৰাচীন কালত ভাৰত আৰু প্ৰাগজ্যোতিষৰ মাজত থকা সমুদ্ৰ খণ্ডক পূৰ্ব সাগৰ বুলি কৈছিল| সেই সময়ত বংগ সমুদ্ৰ গৰ্ভত থকাত খ্ৰীঃপূঃ ৭ম শতিকাত আৰ্যসকলে গংগাৰ পাৰেদি আহি ব্ৰহ্মপুত্ৰ উপত্যকাত এখন ৰাজ্য স্থাপন কৰিছিল| সেই আৰ্য্সকলে খ্ৰীঃপূঃ ৭ম শতিকাৰ পৰা খ্ৰীঃ ৪ৰ্থ শতিকালৈ ৰাজত্ব কৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে| সেই সময়তে আৰ্যসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত হিন্দুধৰ্ম প্ৰচাৰ কৰিছিল| সেই সময়ত ব্ৰাহ্মণসকলে জনজাতীয় মানুহক শৰণ দিয়াই কেনেদৰে ক্ষত্ৰিয়ত্ব দান কৰিছিল, তাৰ বৰ্ণনা ‘পুৰণি অসম’(৪৩) নামৰ পুথিত এইদৰে পাওঁ- নিম্ন বৰ্গ বা জনজাতীয় মানুহক ক্ষত্ৰিয় শ্ৰেণীত এক অভিনৱ পন্থাৰে অন্তৰ্ভুক্ত কৰা হয়| ব্ৰাহ্মণসকলে অৰ্থ আৰু সুবিধাৰ পিছত দৌৰে| নিৰ্দিষ্ট ৰজাজন বা বিষয়াজনক এটা ডাঙৰ সোণৰ কলহ বা সোণেৰে বনোৱা গৰুত ভৰাই পূজা কৰি উলিয়াই অনা হয়, গৰু বা কলহটোৰ পৰা উলিয়াই অনাৰ লগে লগে তেওঁ আৰু তেওঁৰ বংশ ক্ষত্ৰিয়লৈ ৰূপান্তৰিত হয়| সোণেৰে বনোৱা কলহ বা গৰুটো ব্ৰাহ্মণসকলে ভগাই লয়| এইদৰে সাতবাহনসকলৰ পৰা আৰম্ভকৰি কাছাৰৰ ডিমাচা ৰজাসকললৈকে এই অভিনৱ পন্থাৰে ব্ৰাহ্মণসকলে ক্ষত্ৰিয়ত্ব দান কৰিছিল| ধাতৱ আৱৰণ বা বৰ্মৰ মাজেৰে ওলোৱা বাৱে বৰ্মা বা বৰ্মন নামাংকিত হৈছিল| পিছত ৰাজবংশবিলাকক উচ্চ মৰ্যাদা দিবলৈ বা তেওঁলোকক তোষামোদ কৰি কিছুমান অলৌকিক কাহিনীৰ লগত এই ৰাজবংশসমূহৰ উত্প ত্তিৰ কাহিনী সংযুক্ত কৰিছিল| ৰাজতন্ত্ৰ আৰু পুৰোহিতৰ হাত শক্তিশালী কৰিবৰ বাবে ৰজা আৰু পুৰোহিত শ্ৰেণী দৈৱপ্ৰেৰিত বুলি মতবাদ সৃষ্টি কৰিছিল| সেইদৰে জনগোষ্ঠীৰ মুখিয়াল ৰজা আৰু প্ৰশাসনিক বিষয়ালৈ পৰিবৰ্তন হ’ল| এখন নতুন ৰাষ্ট্ৰৰ জন্ম হ’ল আৰু জনগোষ্ঠীসমূহৰ মাজৰ পৰা একোটা নতুন শ্ৰেণীৰ সৃষ্টি হ’ল| যেনেকৈ এক অষ্ট্ৰিক দেৱতাৰ নামেৰে শ্বিলং এখন ঠাই, তেনেকৈ এজন অষ্ট্ৰিক দেৱতা ‘কামৰূপ’ৰ নামেৰে নামাংকিত হৈ এখন ৰাষ্ট্ৰ হ’ল| এইদৰে নেতৃস্থানীয় কছাৰী ৰজাসকলক শৰণ দিয়া ‍হৈছিল| এই বৰ্মা বা বৰ্মন উপাধিধাৰী শৰণীয়াসকল খ্ৰীঃ চতুৰ্থ শতিকাত ইমান শক্তিশালী হৈ উঠিছিল যে এই বৰ্মা বংশৰে পুষ্য বৰ্মাই ৩৫৫ খ্ৰীঃত আৰ্য সকলক পৰাভূত কৰি এখন স্বাধীন ৰাষ্ট্ৰ গঠন কৰে| তেওঁক ৰাজ চক্ৰবৰ্ত্তী বুলি স্বীকাৰ কৰিছিল| এই কথা বুৰাঞ্জীবিদসকলে লিপিৱদ্ধ নকৰিলেও ঐতিহাসিকভাৱেই সত্য| এতিয়া আমি ক’ব পাৰো যে শৰণীয়া ৰজাসকলৰ ৰাজত্বকাল বা ৰাজনৈতিক দৰ্শন আৰম্ভ হৈছিল খ্ৰীঃ চতুৰ্থ শতিকাৰ পৰা| এই শৰণীয়া ৰজাসকলৰ পিনে চকু ফুৰালে আমি দেখিবলৈ পাওঁ যে বৰ্মা বা বৰ্মন বংশৰ প্ৰতিষ্ঠাতা পুষ্য বৰ্মা ৩৫৫ খ্ৰীঃৰ পৰা ৩৮০ খ্ৰীঃলৈ ৰাজত্ব কৰে| তেওঁৰ পুত্ৰ সমুদ্ৰ বৰ্মা (৩৮০-৪০৫ খ্ৰীঃ), তেওঁৰ পুত্ৰ বল বৰ্মা (৪০৫-৪২০ খ্ৰীঃ)| এই বল বৰ্মাৰ জীয়াৰী অমৃতপ্ৰভাক কাশ্মীৰ ৰাজ্যৰ ৰজা মেঘবাহনে বিয়া কৰায়| চতুৰ্থ ৰজা কল্যাণ বৰ্মা (৪২০-৪৪০ খ্ৰীঃ) তেওঁৰ পুত্ৰ গণপতি বৰ্মা (৪৪০-৪৫০ খ্ৰীঃ), ৬ষ্ঠ মহেন্দ্ৰ বৰ্মা (৪৫০-৪৮০ খ্ৰীঃ)| এই মহেন্দ্ৰ বৰ্মাই ৫ম শতিকাৰ শেষৰফালে সাম্ৰাজ্যবাদী গুপ্তসকল দুৰ্বল হৈ পৰাত দক্ষিণ-পূৰ্ব বংগ অধিকাৰ কৰি বংগোপ সাগৰৰ পাৰলৈকে কামৰূপ ৰাজ্যৰ সীমা বঢ়ায়| লগতে বিজয় কীৰ্তি ঘোষণা কৰিবলৈ দুটা অশ্বমেধ সমাধা কৰি কামৰূপ ৰাজ্যক গুপ্ত সাম্ৰাজ্যৰ পৰা মুক্ত কৰে আৰু পশ্চিমপিনে কামৰূপ ৰাজ্য বঢ়োৱাৰ পাতনি মেলে| মহেন্দ্ৰ বাৰ্মাৰ পিছত নাৰায়ণ বৰ্মা (৪৮০-৫১০ খ্ৰীঃ), মহাভুতি বৰ্মা (৫১০-৫৫৫ খ্ৰীঃ)| এই ৰজাৰ দিনতে দক্ষিণ-পশ্চিম পিনে ছিলেট, ত্ৰিপুৰা আৰু কাছাৰো কামৰূপ ৰাজ্যৰ অন্তৰ্ভুক্ত হয়| এই ৰজাৰ পিছত চন্দ্ৰমুখ বৰ্মা, সুস্থিত বৰ্মা (মৃগাংক), সুপ্ৰতিষ্ঠিত বৰ্মা আৰু কুমাৰ ভাস্কৰ বৰ্মা (৫৯৪-৬৫০ খ্ৰীঃ)| ভাস্কৰ বৰ্মাই হংসবেগ নামে কটকী পঠিয়াই হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা কৰিছিল| সেই সময়ত শশাংক নামেৰে এজন প্ৰভুত্বকামী ৰজাই ৰাজত্ব কৰিছিল| শশাংক হাতত হৰ্ষবৰ্ধনৰ কাকায়েক ৰাজ্যবৰ্ধন নিহত হ্য়| সেই দেখি হৰ্ষবৰ্ধনে ভাতৃহন্তা শশাংকৰ ৰাজ্য আক্ৰমণ কৰে| ভাস্কৰ বৰ্মাই তেওঁক সহায় কৰে| ভাস্কৰ বৰ্মা আৰু হৰ্ষবৰ্ধনৰ হাতত শশাংক পৰাস্ত হয়| শশাংকৰ ৰাজ্য কৰ্ণ, সুৱৰ্ণ আৰু গৌড় বা পৌণ্ডবৰ্ধন ভাস্কৰ বৰ্মাই পায়| কৰ্ণ, সুৱৰ্ণ আৰু গৌড় তললৈ অহাত ভাস্কৰ বৰ্মা এখন বিশাল ৰাজ্যৰ অধীশ্বৰ হৈ পৰে| ভাস্কৰ বৰ্মাৰ কামৰূপৰ সীমা পশ্চিমে বিহাৰ আৰু দক্ষিণে উৰিষ্যা পাইছিলগৈ| হিউৱেন চাঙে কৰতোৱা নৈ পাৰ হৈ কামৰূপত সোমোৱাৰ কথা লিখিছে| তাৰ পৰা বুজা যায় যে তেতিয়াৰ কামৰূপৰ সীমা কৰতোৱা নদী আছিল আৰু এই ৰাজ্যৰ ভিতৰত বৰ্তমান অসমৰ উপৰি ভূটান, উত্তৰ বংগ আৰু মৈমনসিং জিলাৰ এছোৱা আছিল| ৫৯৪ খ্ৰীঃত ভাস্কৰ বৰ্মাই সিংহাসনত আৰোহণ কৰি এটা নতুন চনৰ প্ৰচলন কৰে| ইয়াকে ভাস্কৰাব্দ বা কামৰূপী চন বুলি কোৱা হয়| কুমাৰ ভাস্কৰ বৰ্মা (হয়তো অবিবাহিত)ৰ মৃত্যুৰ পিছত কামৰূপত এটা ডাঙৰ বিপ্লৱ ঘটিছিল| এই বিপ্লৱৰ সুযোগতেই ভাস্কৰ বৰ্মাৰ ভতিজা ল’ৰা অবন্তী বৰ্মাই সিংহাসন অধিকাৰ কৰিছিল| এই অবন্তী বৰ্মাই শালস্তম্ভ বংশৰ প্ৰতিস্থাপক| তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তোলি নি বৰ্তমান তেজপুৰৰ ওচৰত হাৰূপেশ্বৰ নামে ঠাইত পাতে| কোনো কোনো পণ্ডিতৰ মতে অবন্তী বৰ্মাই ৰজা হৈ শালস্তম্ভৰ নাম লয়| সেয়ে তেওঁৰ বংশক শালস্তম্ভ বোলা হয়| শালস্তম্ভৰ পৰা ত্যাগ সিংহ পৰ্যন্ত এই বংশৰ একৈশ জন ৰজাই দশম শতিকালৈ (৬৫০-৯৯০খ্ৰীঃ) কামৰূপত ৰাজত্ব কৰে| বুৰঞ্জীত এই বংশৰ শালস্তম্ভ, হৰ্ষবৰ্ধন, হৰ্জৰ, বনমাল, জয়মাল, বীৰবাহু আৰু বলবৰ্মন আদি কেবাজনো ৰজাৰ নাম পাওঁ| ত্যাগ সিংহ সতি-সন্ততি নথকাত তেওঁৰ মৃত্যুৰ পিছত প্ৰজা সকলে ‘ব্ৰহ্মপাল’ নামেৰে পুৰণি নৰক বংশীয় কোঁৱৰ এজনক ৰজা মনোনীত কৰে| এই পাল বংশীয় ৰজাসকলেই দশম শতিকাৰ পৰা দ্বাদশ শতিকালৈ পুৰণি কামৰূপত ৰাজত্ব কৰে| এই শৰণীয়া ৰজাসকলেই খ্ৰীঃ ৪ৰ্থ শতিকাতে কামৰূপ ৰাজ্য প্ৰতিষ্ঠা কৰি নিপুনভাৱে ৰাজ্য শাসন কৰাৰে পৰা এই শৰণীয়া জাতিটোৰ স্বকীয় জাতিসত্তা আৰু ৰাজনৈতিক ধ্যান-ধাৰণাৰ জন্ম হয়| এই শৰণীয়া জাতিটোৱেই কামৰূপত ৪ৰ্থ শতিকাৰ পৰা ১০ম শতিকালৈ (৩৫৫-৯৯০খ্ৰীঃ) ৫৯৫ বছৰ কামৰূপ ৰাজ্য ৰাজত্ব কৰি ভাষাগত, কৃষ্টিগত, ধৰ্মগত আৰু সমাজগত এক সমন্বয়ক্ষেত্ৰত বান্ধ খুৱায়|

শৰণীয়া ভাষাঃ ভাষা আৰু সাহিত্যৰ বুৰঞ্জীৰ পাত মেলি চালে আমি দেখিবলৈ পাওঁ যে শৰণীয়া ভাষাটো দুশ্ৰেণী মানুহৰ ভাষাৰ সংমিশ্ৰণৰ ফলত সৃষ্টি হোৱা তৃতীয় ভাষা| আমি আগেয়ে উল্লেখ কৰি আহিছো যে অসমত তিনি শ্ৰেণীৰ মানুহ আছে| শৰণীয়া সকলে দাবী কৰিব পাৰে যে আৰ্য আৰু অনাৰ্য জাতিৰ সংমিশ্ৰণত শৰণীয়া জাতি সৃষ্টি হোৱাৰ নিচিনাকৈ আৰ্য ভাষা আৰু পুৰণি অসমত বাস কৰা বহুতো অনাৰ্য ভাষাৰ সংমিশ্ৰণৰ ফলত এটা মিশ্ৰিত ভাষা পুৰণি কামৰূপত সৃষ্টি হৈছিল| সেয়াই শৰণীয়া ভাষা আৰু সেই ভাষাটোৱেই কালক্ৰমত আধুনিক অসমীয়া ভাষাৰূপে প্ৰতিষ্ঠিত হয়| পণ্ডিত বিশ্বেশ্বৰ হাজৰিকাদেৱে এই ভাষাৰেই পুৰণি কালৰ অসম, সেই সময়ৰ নাম প্ৰাগজ্যোতিষৰ নামানুসৰে খ্ৰীঃপূঃ ১ম শতিকাৰ পৰা ৫ম শতিকালৈ ‘প্ৰাগজ্যোতিষ প্ৰাকৃত’ ৬ষ্ঠ শতিকাৰ পৰা ১০ম শতিকালৈ ‘কামৰূপ প্ৰাকৃত’ আৰু কামৰূপে তেৰশ শতিকাত ‘অসম’ নাম পোৱাৰ লগে লগে ভাষাৰ নামো অসমীয়া হ্য়| এই কথা অধ্যাপক হাজৰিকাই ‘এছামিজ লেংগুৱেজ অৰিজিন এণ্ড ডেভেলপমেন্ট’ত সুন্দৰকৈ বৰ্ণনা কৰিছে| অধ্যাপক হাজৰিকাই আলচ্য পুথিত বিচাৰ বিশ্লেষণেৰে অসমীয়া ভাষাৰ মূল হিচাপে যি তত্ত্ব প্ৰতিষ্ঠা কৰিছে, সি মৌলিক চিন্তাৰ ফল, তাত কোনো সন্দেহ নাই| ১| প্ৰত্ন ভাৰতীয় আৰ্য (ইণ্ডো এৰিয়ান, খ্ৰীঃপূঃ ১৫ শতিকাৰ পৰা খ্ৰীঃপূঃ ষষ্ঠ শতিকা)| ২| মধ্য ভাৰতীয় আৰ্য (মিডল এৰিয়ান, about 476AD পঞ্চম শতিকা)| ৩| নব্য ভাৰতীয় আৰ্য (নিউ ইণ্ডো এৰিয়ান)|