বাৰ্তা:সাঁজ পানী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


ফেচবুক আলোচনা[সম্পাদনা কৰক]

Prabhakar Sarma Neog:: প্রবন্ধটোৰ বিস্তৃত সংশোধনৰ প্রয়োজন আছে। অসমৰ অকল আহোম সপ্রদায়ে তৈয়াৰ কৰা চাউলৰ ৱাইনক হে সাঁজ বোলাহয়। ইয়াক তেওঁলোকে অত্যন্ত পৱিত্রভাবে গোঁসাইঘৰত তৈয়াৰ কৰে। কিন্তু অসমৰ সকলো জনগোষ্ঠীৰ মাজত ঘৰুৱা মদৰ সামাজিক প্রচলন আছে। সকলোৱে কিন্তু সেই মদক অত্যন্ত ধাৰ্মিক ভাৱে গ্রহণ কৰে। একে বস্তুটোকে আকৌ অৰুণাচলী সকলে "আপং" বোলে, বড়োসকলৰো নিৰ্দিষ্ট শব্দ আছে নিশ্চয়, মধ্যম অসমৰ কাৰ্বি সকলেও ইয়াক আকৌ খেৰৰ ছাঁইৰে treat কৰি ছাঁই সাঁজ বনায়। মই সকলো আহোম, বড়ো, কাৰ্বি, মিছিং আদি সদস্যক আগবাঢ়ি আহি প্রবন্ধটো ভাল কৰিবলৈ আহ্বান জনালোঁ। অসমীয়া সংস্কৃতিত, বিশেষকৈ ঊজনি অসমৰ ল'ৰা হিচাবে মই জানো, ঘৰুৱা মদৰ প্রচলন ওতঃপ্রোত ভাবে জড়িত আছে।

Subrat Gogoi:: লাওপানীক দেউৰী জনগোষ্ঠীত "পহন" বুলি কবও পাৰে , কিন্তু "চুজে" বুলি যে কয় সেয়া খাটাং।

বিষ্ণু বাৰ্তা  :: কিবা উত্স মানে লিংক দিব পাৰি নেকি? লাওপানী আৰু সাঁজ-পানীৰ মাজত কিবা পাৰ্থক্য আছে নেকি? প্ৰবন্ধত দিয়া চিত্ৰখনত পানীয়ৰ ৰঙ হালধীয়া| কিন্তু লাওপানী বগাহে?

Subrat Gogoi:: উৎস মানে আমাৰ গাঁৱৰ ওচৰৰ গাওঁখনৰ নাম মাজৰদেউৰী গাওঁ। সৰুৰে পৰা আপং , চুজে , সাঁজ খায়েই ডাঙৰ হৈছো। ঘৰৰ তিনি বছৰীয়াজনীয়েও পানী মিহলাই দিয়া সাঁজ চিনি পায় কাৰণে তাইকো ৰহী দিব লাগে। এইবাৰ ঘৰলে যাওঁতেও লগৰ দেউৰী এটাৰ সতে চুজেৰ সৈতে গাহৰীৰ ভাজি চুটাই থৈ আহিছিলো। মোৰ উৎস এইয়াই।

লাওপানী বগা বুলি একো কথা নাই , ছাঁই আপং ৰঙাও হ'ব পাৰে , ছাঁই ৰঙৰো হ'ব পাৰে। বৰা চাওলৰ সাঁজ সাধাৰণতে হালধীয়াই হয়। চুজে দেখিবলৈ পানীৰ নিচিনাও হ'ব পাৰে বা সাঁজৰ নিচিনাও হ'ব পাৰে।

নামলাও বা সাঁজপানীক মদ বুলি নকৈ দ্ৰব্য বুলি ক'লে উচিত হয় নতুবা ই বহুতকে মনোঘাত দিব।
 47.29.163.222 16:17, 17 December 2016 (ইউ.টি.চি.)মনোৰঞ্জন সন্দিকৈ ।[উত্তৰ দিয়ক]