সমললৈ যাওক

সাঁজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সাঁজ পানীৰ পৰা পুনঃনিৰ্দেশিত)
সাঁজ

কাঁহৰ বাতিত সাঁজ
অন্য নাম সাঁজপানী, সাজ্
প্ৰকাৰ পৰম্পৰাগত কিম্বন কৰা চাউলৰ মদ্যপানীয়
উৎপত্তিৰ স্থান ভাৰত
অঞ্চল অসম
মুখ্য উপাদান বৰা চাউল, সাঁজৰ পিঠা

সাঁজ বা সাঁজপানী বা সাজ্ (Xaj or Xajpani or Haaj), অসমৰ থলুৱা সমাজত পৰম্পৰাগতভাৱে, থলুৱা আঠাযুক্ত বড়া ধানৰপৰা চাউল উলিয়াই বিশেষভাৱে প্ৰস্তুত কৰা ই এবিধ মদ্যপানীয়।[1] ইয়াক চাউলৰ পৰা সিজোৱা ভাতৰ লগত, স্থানীয়ভাৱে উপলব্ধ বিশেষ কিছুমান বনৌষধিৰদ্বাৰা প্ৰস্তুত কৰা সাজৰ পিঠাৰ লগত নিৰ্দিষ্ট মাত্ৰাত মিহলাই কিম্বন কৰি তৈয়াৰ কৰা হয়। ইয়াকে স্থানীয়ভাৱে সাঁজ বনোৱা বা সাজ থোৱা বুলি কোৱা হয়। এই পানীয়সমূহক অসমৰ ‘ৰাইচ্-বিয়েৰʼ (Rice Beer) বা ‘ৰাইচ ৱাইনʼ (Rice Wine) বুলিও কোৱা হয়। প্ৰধানকৈ দুটা মুখ্য উপাদানৰদ্বাৰা সাঁজ তৈয়াৰ কৰা হয়; সেয়া হʼল বৰা চাউল বা তাৰ বিকল্প অন্য চাউল আৰু বনৌষধিৰে তৈয়াৰী সাঁজৰ পিঠা। অসমত উৎপন্ন হোৱা বিভিন্ন জাতৰ বৰাধান যেনে বকুলবৰা, ঘিউবৰা, শুংবৰা, জহাবৰা, জেঙনিবৰা, গৰুণ্ডপক্ষীবৰা, হলপোনাবৰা, চকুৱাধান আদি ধানৰ চাউল ইয়াৰ বাবে উত্তম। সিজালে আঠা হয়। [2]

অসমত প্ৰাচীন কালৰে পৰা বিভিন্ন জনগোষ্ঠীয় ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ লগতে শাক্ত-তান্ত্ৰিক উপাসনা-পদ্ধতিতো মদ্য নিবেদনৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে। ইয়াৰ উল্লেখ মধ্যযুগীয় শাক্ত আৰু তান্ত্ৰিক সাহিত্যতো পোৱা যায়। প্ৰায় দশম–একাদশ শতিকাত ৰচিত কালিকা পুৰাণত কামাখ্যা দেৱীৰ পূজাত মদ্য নিবেদনৰ নিৰ্দেশ আছে। গ্ৰন্থখনৰ ৭০ অধ্যায়ৰ ২১ নং শ্লোকত দেৱীক চেনি আৰু মৌৰ সৈতে মিহলোৱা সুৰা নিবেদন কৰাৰ কথা উল্লেখ কৰা হৈছে।[3] একেদৰে কালিকা পুৰাণত শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰৰ দিক্কৰবাসিনী বা কেঁচাইখাতী দেৱীৰ উগ্ৰৰূপ তীক্ষ্ণকান্তাৰ পূজাত মদ্য, মাংসৰ ব্যঞ্জন, মোদক, নাৰিকল আৰু কুঁহিয়াৰ আদি নিবেদনৰ বৰ্ণনা পোৱা যায়। ইতিহাসবিদ জে-ইউন শ্বিনে এই আচাৰসমূহক স্থানীয় জনজাতীয় তথা ব্ৰাহ্মণ্য-বহিৰ্ভূত ধৰ্মীয় পৰম্পৰাৰ সৈতে সম্পৰ্কিত বুলি ব্যাখ্যা কৰিছে।[4]

সাঁজ প্ৰস্তুত কৰাৰ দৃশ্য

জনগোষ্ঠীয় ভিন্নতা

[সম্পাদনা কৰক]

অসমৰ কেইবাটাও থলুৱা জনগোষ্ঠীয়ে ধান বা চাউলৰপৰা পৰম্পৰাগতভাৱে কিম্বন কৰা মদ্যপানীয় প্ৰস্তুত কৰে। জনগোষ্ঠীভেদে ইয়াৰ প্ৰস্তুত প্ৰণালী, ব্যৱহৃত বনৌষধি, সোৱাদ আৰু স্থানীয় নামৰ পাৰ্থক্য আছে। উদাহৰণস্বৰূপে, দেউৰীসকলৰ 'সুঁজে', মিচিংসকলৰ 'আপং', 'পৰোঁ আপং' বা 'চাই মদ', চুতীয়াসকলৰ মাজত 'সাঁজ' বা 'চুজে',[টোকা 1], বড়োসকলৰ 'জৌ', ডিমাচাসকলৰ 'জুডিমা', কাৰ্বিসকলৰ 'হৰলাং' আৰু ৰাভাসকলৰ 'চোকো' আদি নাম প্ৰচলিত। আহোমসকলৰ মাজতো সাঁজ বা সাঁজপানী প্ৰস্তুত আৰু সেৱনৰ পৰম্পৰা আছে। এই পানীয়সমূহৰ সামাজিক, ধৰ্মীয় আৰু উৎসৱ-অনুষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে।[8][9]

সাঁজপানীৰ সামাজিক আৰু সাংস্কৃতিক গুৰুত্ব

[সম্পাদনা কৰক]

অসমৰ বিভিন্ন থলুৱা জনগোষ্ঠীৰ সামাজিক আৰু ধৰ্মীয় জীৱনত সাঁজপানী আৰু ইয়াৰ সমজাতীয় পৰম্পৰাগত চাউলৰ মদ্যপানীয়সমূহৰ বিশেষ গুৰুত্ব আছে। এই পানীয়সমূহ উৎসৱ-পাৰ্বণ, অতিথি-সৎকাৰ, পূৰ্বপুৰুষৰ উপাসনা আৰু বিভিন্ন ধৰ্মীয় আচাৰ-অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। অৱশ্যে জনগোষ্ঠী আৰু ধৰ্মীয় পৰম্পৰাভেদে ইয়াৰ ব্যৱহাৰৰ ৰীতি-নীতি ভিন্ন।

  • অসমৰ বিভিন্ন থলুৱা জনগোষ্ঠীৰ ধৰ্মীয় পৰম্পৰাত সাঁজ আৰু ইয়াৰ সমজাতীয় চাউলৰ মদ্যপানীয়সমূহক পৱিত্ৰ নিবেদন হিচাপে ব্যৱহাৰ কৰা হয়।[টোকা 2] অসমীয়া ‘হেমকোষ’ অভিধান শ্ৰীহেমচন্দ্ৰ বৰুৱাৰদ্বাৰা সংগৃহীত,প্ৰকাশ ১৯০০চন, পৃষ্ঠা ৯৫৪ত ‘সাজ্’ শব্দৰ অৰ্থ দেৱতাক দিয়া খাদ্য, নৈবদ্য, প্ৰসাদ (সজাই দিয়া যায়,এতেকে সাজ্) বুলি লিখা অছে।
  • অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত ব’হাগ বিহু, মাঘ বিহু আৰু অন্যান্য উৎসৱ-পাৰ্বণৰ উপলক্ষে সাঁজ বা ইয়াৰ সমজাতীয় চাউলৰ মদ্যপানীয় প্ৰস্তুত আৰু সেৱনৰ পৰম্পৰা আছে। ঘৰলৈ অহা বিশেষ আলহী-অতিথিক সৎকাৰ কৰোঁতেও পৰম্পৰাগতভাৱে কাঁহৰ বাতিত সাঁজ আপ্যায়ন কৰা হয়। [টোকা 3]
  • দিনটো কঠোৰ পৰিশ্ৰমৰ পাছত শৰীৰ আৰু মনৰ অৱসাদ আঁতৰাবলৈ বা কোনো আনন্দোৎসবত সাঁজ সেৱন কৰা দেখা যায়। [19]

সাঁজৰ পিঠা

[সম্পাদনা কৰক]
বিভিন্ন আকাৰৰ সাঁজৰ পিঠা

প্ৰায় ২০-৩০ প্ৰকাৰৰ বনৌষধি আৰু চাউলৰ গুৰি মিহলাই সাঁজৰ পিঠা বনোৱা হয়। [20] এই বনৌষধিসমূহ স্থানীয় হাবি-বননিত উপলব্ধ। এইবোৰ যথাক্ৰমে-কঁঠাল পাত, জ্যেষ্ঠমধু, গপচুই, ঢেঁকীয়া, কপৌ ঢেঁকীয়া, কুকুৰাঠেঙীয়া, পাটিসুন্দা পাত, ভোমলতি, ভোৰাগছৰ পাত,জোনাকীলতা,তেজমুই, কুটুহা, মানিমুনি, বিহলঙনী, চেনিৰাম,পানীমধুৰী, কুঁহিয়াৰৰ পাত আদি। [21] এই ঔষধিগুণযুক্ত গছবোৰে পানীয় বিধৰ গুণাগুণ বৃদ্ধি কৰাত সহায় কৰে। বনৌষধি সমূহ ৰ'দত শুকুৱাই ঢেকীত খুন্দি গুৰি কৰি চাউলৰ গুৰিৰ লগত মিহলাই গোলকাৰ বা চেপেটা কৰি পিঠাৰ আকাৰ দি, পিঠাবোৰ দুই-তিনিদিন টান ৰ'দত শুকুৱাই লোৱা হয়। তাৰ পিছত জুহালৰ ওপৰৰ ধোঁৱা চাঙত বিহলঙনী পাতৰ ওপৰত ৰাখি ভালদৰে শুকুৱাই লৈ পুনৰ বতাহ চলাচলৰ সুবিধা থকা,পোক-পৰুৱাৰপৰা নিৰাপদ স্থানত টেকেলী, খালৈ আদিত ভৰাই আৰ্দ্ৰ নহ’বলৈ জুইৰ ওপৰত দীৰ্ঘদিনৰ বাবে ৰখা হয়। [22]

সাঁজৰ প্ৰস্তুত প্ৰণালী

[সম্পাদনা কৰক]

প্ৰথমে চাউলখিনি চাৰি-পাঁচ ঘণ্টা পানীত ডুবাই ৰাখি পানীৰপৰা উঠাইলৈ পানীত বা পানীৰ ভাপত সিজাই লোৱা হয়। এখন বহল মজিয়াত দলা বা কলপাতত সিজাই লোৱা ভাত মেলি দি ঠাণ্ডা হ’বলৈ দিয়া হয়। এতিয়া ভাতৰ পৰিমাণ অনুসৰি দুই-তিনিটা সাঁজৰ পিঠা গুৰি কৰি সিজোৱা বৰাভাতৰ লগত ভালদৰে মিহলাই এটা ফুটা থকা বাহৰ খৰাহিত তলে ওপৰে কলৰ পাত দি পাঁচৰপৰা দহদিন পৰ্যন্ত ঢাকি গাপ দি কিম্বন হোৱালৈকে ৰখা হয়। সাধাৰণতে গৰমকালি সোনকালে আৰু ঠাণ্ডাকালি দেৰিকৈ কিম্বন প্ৰক্ৰিয়া হয়। কিম্বনৰ ফলত মিশ্ৰণটোৰ সোৱাদ মিঠা হয়, সুগন্ধ বাহিৰ হয়, আৰু খৰাহিৰ তলৰ ফুটাইদি টোপ্ টোপ্ কৈ ৰস নিঃসৰিত হয়। এই ৰস পাতল হালধীয়া বা ক্ৰিম ৰংৰ হয় আৰু অতি সোৱাদযুক্ত। ইয়াকে ৰস বা ৰসি বা সোমৰস বুলি কোৱা হয়। এই ৰস চিচাৰ বটলত ভৰাই থলে বছৰ পৰ্যন্ত ৰাখিব পাৰি।[11]

এতিয়া কিম্বনহোৱা মিশ্ৰণটো এটা জুইৰ ধোঁৱা খোৱা শুকান পৰিষ্কাৰ মাটিৰ কলহত ভৰাই কুসুমীয়া পানী ঢালি ৰখা হয়। কেইঘণ্টামানৰ পিছত বা প্ৰয়োজন সাপেক্ষে কেইবাদিনৰো পিছত তাৰপৰা যি ৰস্ বা জোল ওলাব তাকে সাঁজ বা সাঁজপানী বা সাজ্ বুলি কোৱা হয়। সাঁজপানী আৰু ইয়াৰ সমজাতীয় চাউলৰ মদ্যপানীয় প্ৰস্তুত কৰাৰ পৰম্পৰা অসমৰ আহোম, চুতীয়া, দেউৰী, বড়ো, মিচিং, ডিমাচা, কাৰ্বি আদি বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত। জনগোষ্ঠীভেদে ইয়াৰ প্ৰস্তুত প্ৰণালী আৰু সামাজিক তথা ধৰ্মীয় ব্যৱহাৰত পাৰ্থক্য দেখা যায়।

বিশেষ সতৰ্ক বাণী

[সম্পাদনা কৰক]

সাঁজপানী আৰু আন জনগোষ্ঠীৰ পৰম্পৰাগত পানীয়সমূহত কিছু পৰিমাণে এলকহল থাকে। সেয়েহে ইয়াক প্ৰতিদিনে সেৱন কৰা স্বাস্থ্যৰ বাবে ক্ষতি কাৰক। [23]

  1. ↑ চুতীয়া সমাজত চাউলৰপৰা প্ৰস্তুত কৰা সাঁজ বা চুজে ধৰ্মীয় নিবেদন আৰু পূৰ্বপুৰুষৰ উপাসনাৰ সৈতে জড়িত। পৰম্পৰাগত দেউ-কুবেৰ পূজাত গিৰা-গিৰাচী দেৱতাৰ উদ্দেশ্যে হাঁহৰ মাংসৰ সৈতে দুবাটি চাউলৰ মদ নিবেদন কৰা হয়। ডাঙৰীয়া সবাহত পকাপন্থী চুতীয়াসকলে চাউলৰ মদ আৰু মাংস আগবঢ়ায়, আনহাতে বৈষ্ণৱ প্ৰভাৱিত কেঁচাপন্থীসকলে সাধাৰণতে পিঠাগুড়ি, পায়স আৰু কল আদি নিবেদন কৰে।[5][6] চুতীয়াসকলৰ 'মৃতকক দিয়া' বা 'হলিতা লগোৱা' পূৰ্বপুৰুষীয় আচাৰতো মৃত পৰিয়ালৰ সদস্যসকলৰ উদ্দেশ্যে খাদ্য, তামোল-পাণ আৰু ঘৰতে প্ৰস্তুত কৰা সাজ নিবেদন কৰা হয়। পকাপন্থীসকলৰ বৰ সেৱা বা বৰ সকাম, আই সকাম আৰু আন কিছুমান ধৰ্মীয় অনুষ্ঠানতো মাংসৰ সৈতে ঘৰতে প্ৰস্তুত কৰা মদ ব্যৱহাৰৰ উল্লেখ পোৱা যায়।[7]
  2. ↑ দেউৰীসকলে 'সুঁজে' বা 'চুজেন'ক পৱিত্ৰ বুলি গণ্য কৰে আৰু দেউৰী ভকতসকলে বিভিন্ন পূজা-পাৰ্বণত ইয়াক পৱিত্ৰ জল হিচাপে ব্যৱহাৰ কৰে। দেউৰীসকলৰ বিচু পূজাৰ লগতে দেৱ-দেৱী আৰু পূৰ্বপুৰুষৰ উদ্দেশ্যে সুঁজে নিবেদনৰ পৰম্পৰাও আছে।[10] আহোমসকলৰ কিছুমান পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠানৰ বাবে সাঁজ থোৱাৰ সময়ত পৱিত্ৰ সাজ-পাৰ পিন্ধি, দেৱতাৰ উদ্দেশ্যে তামোল-পাণৰ শৰাই আগবঢ়োৱাৰ ৰীতি আছে।[11] চুতীয়াসকলৰ পৰম্পৰাগত দেউ-কুবেৰ পূজাত গিৰা-গিৰাচী দেৱতাৰ উদ্দেশ্যে হাঁহৰ মাংসৰ সৈতে 'সাজ' বা 'চুজে' নিবেদন কৰা হয়। ডাঙৰীয়া সবাহ আৰু পূৰ্বপুৰুষৰ উদ্দেশ্যে অনুষ্ঠিত 'মৃতকক দিয়া' বা 'হলিতা লগোৱা' আদি আচাৰতো ঘৰতে প্ৰস্তুত কৰা চাউলৰ মদ ব্যৱহাৰ কৰা হয়।[12][13] মিচিংসকলৰ 'আপং' দেৱতা আৰু আত্মাৰ উদ্দেশ্যে নিবেদন কৰা হয়। বিশেষকৈ 'দবুৰ উই' নামৰ ধৰ্মীয় আচাৰত আপং বেদী আৰু অংশগ্ৰহণকাৰীসকলৰ ওপৰত ছটিয়াই পৱিত্ৰকৰণৰ ৰীতি পালন কৰা হয়।[14] বড়োসকলৰ পৰম্পৰাগত বাথৌ উপাসনাতো 'জৌ' নামৰ কিম্বন কৰা মদ্যপানীয় দেৱতাৰ উদ্দেশ্যে নিবেদন কৰা হয়।[15]
  3. ↑ দেউৰীসকলৰ বিচু উৎসৱত 'সুঁজে' নামৰ চাউলৰ মদ্যপানীয়ৰ বিশেষ গুৰুত্ব আছে। দেউৰীসকলৰ ব’হাগ আৰু মাঘ বিহুৰ লগতে বিভিন্ন ধৰ্মীয় অনুষ্ঠানতো এই পানীয় ব্যৱহাৰ কৰা হয়। দেউৰী পুৰোহিতসকলে সুঁজেক পৱিত্ৰ বুলি গণ্য কৰি বিভিন্ন ধৰ্মীয় আচাৰত ব্যৱহাৰ কৰে।[16][17] একেদৰে চুতীয়াসকলৰ পৰম্পৰাগত দেউ-কুবেৰ পূজাত গিৰা-গিৰাচী দেৱতাৰ উদ্দেশ্যে হাঁহৰ মাংসৰ সৈতে চাউলৰ মদ 'চুজে' নিবেদন কৰা হয়। ডাঙৰীয়া সবাহৰ দৰে আন কিছুমান ধৰ্মীয় অনুষ্ঠানতো পকাপন্থী চুতীয়াসকলৰ মাজত চাউলৰ মদ নিবেদনৰ প্ৰথা প্ৰচলিত।[18]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ Yumnam, H.; Nath, S.; Sharma, I. (2026). "Brewing Traditions of Northeast India, South Assam: Exploring Rice Beer's Cultural Significance and Indigenous Craftsmanship". Biotechnology and Applied Biochemistry খণ্ড 73 (3): 1501–1511. doi:10.1002/bab.70113. https://iubmb.onlinelibrary.wiley.com/doi/10.1002/bab.70113.
  2. ↑ Natural Beverages of Assam and its Ethno Medicinal Value. Academic Press. 2019. পৃষ্ঠা. 73–105. doi:10.1016/B978-0-12-816689-5.00003-1. https://www.sciencedirect.com/science/chapter/edited-volume/pii/B9780128166895000031.
  3. ↑ Goswami, Dilip Kumar. "Ethical Value of the Kalikapurana". The Kalika Purana (Literary Study) (Thesis). Gauhati University. p. 163. https://www.wisdomlib.org/hinduism/essay/the-kalika-purana-literary-study/ocr/1474317/12.
  4. ↑ Shin, Jae-Eun (2023). "Kecāikhāti, Eater of Raw Flesh: A Profile of the Multifaceted Goddess in the North-East". In Nag, Sajal. Black Magic, Witchcraft and Occultism: Secret Cultural Practices in India. Manohar. পৃষ্ঠা. 64–65. ISBN 9789391928032. https://www.scribd.com/document/758605814/Kecaikhati-Eater-of-Raw-Flesh-a-Profile.
  5. ↑ Baruah, Swarnalata (2007). Chutia Jatir Buranji. https://archive.org/details/chutiaburanji.
  6. ↑ Mahanta, Mamoni (2018). Social Rites and Rituals of the Chutiyas in Assam: A Study (PhD thesis). Gauhati University. p. 70. https://shodhganga.inflibnet.ac.in/handle/10603/284925.
  7. ↑ Mahanta, Mamoni (2018). Social Rites and Rituals of the Chutiyas in Assam: A Study (PhD thesis). Gauhati University. pp. 119–120, 122–129, 158–163. https://shodhganga.inflibnet.ac.in/handle/10603/284925.
  8. ↑ "Exploring the microbiota and metabolites of traditional rice beer varieties of Assam and their functionalities". Scientific Reports. 2019. https://pmc.ncbi.nlm.nih.gov/articles/PMC6458194/.
  9. ↑ "Ethno medicinal value of various plants used in the preparation of traditional rice beer by different tribes of Assam, India". Drug Invention Today খণ্ড 5 (4): 335–341. 2013. doi:10.1016/j.dit.2013.09.002.
  10. ↑ Deori, Chaya; Begum, Samim Sofika; Mao, A. A. (2007). "Ethnobotany of Sujen—A local rice beer of Deori tribe of Assam". Indian Journal of Traditional Knowledge খণ্ড 6 (1): 121–125. https://www.researchgate.net/publication/242292561_Ethnobotany_of_SujenA_local_rice_beer_of_Deori_tribe_of_Assam.
  11. 1 2 "Xaj: The Rich Tradition Rice Beer Brewing In Assam". GOYA. 22 November 2022. https://www.goya.in/blog/xaj-rice-beer-of-the-ahoms। আহৰণ কৰা হৈছে: 18 October 2026.
  12. ↑ Baruah, Swarnalata (2007). Chutia Jatir Buranji. https://archive.org/details/chutiaburanji.
  13. ↑ Mahanta, Mamoni (2018). Social Rites and Rituals of the Chutiyas in Assam: A Study (PhD thesis). Gauhati University. pp. 70, 119–129. https://shodhganga.inflibnet.ac.in/handle/10603/284925.
  14. ↑ "Ethnobotany of religious and supernatural beliefs of the Mising tribes of Assam with special reference to the 'Dobur Uie'". Journal of Ethnobiology and Ethnomedicine খণ্ড 7. 2011. doi:10.1186/1746-4269-7-16. https://link.springer.com/article/10.1186/1746-4269-7-16.
  15. ↑ "Methodology of ethnic cereal-based and fruit-based beverages of Bodo community of Assam". Journal of Ethnic Foods. 2025. doi:10.1186/s42779-025-00286-2. https://link.springer.com/article/10.1186/s42779-025-00286-2.
  16. ↑ Deori, Chaya; Begum, Samim Sofika; Mao, A. A. (2007). "Ethnobotany of Sujen—A local rice beer of Deori tribe of Assam". Indian Journal of Traditional Knowledge খণ্ড 6 (1): 121–125. https://www.researchgate.net/publication/242292561_Ethnobotany_of_SujenA_local_rice_beer_of_Deori_tribe_of_Assam.
  17. ↑ Duarah, Radali; Kalita, Pratap; Mishra, Angkita (2023). "Medicinal Plants Used in Rice Beer Starter Culture by Different Tribes in Assam: An Ethnobotanical Survey". International Journal of Pharmaceutical Sciences and Research খণ্ড 14 (6): 3012–3027. https://ijpsr.com/bft-article/medicinal-plants-used-in-rice-beer-starter-culture-by-different-tribes-in-assam-an-ethnobotanical-survey/.
  18. ↑ Baruah, Swarnalata (2007). Chutia Jatir Buranji. https://archive.org/details/chutiaburanji.
  19. ↑ Gogoi, Girish (2021). "Traditional knowledge on preparation of starter culture cakes and rice-beers by Chaodang community of upper Assam, India". Emergent Life Sciences Research. doi:10.31783/elsr.2021.716375. https://emergentresearch.org/index.php/ELSR/article/view/153.
  20. ↑ Duarah, Radali; Kalita, Pratap; Mishra, Angkita (2023). "Medicinal Plants Used in Rice Beer Starter Culture by Different Tribes in Assam: An Ethnobotanical Survey". International Journal of Pharmaceutical Sciences and Research খণ্ড 14 (6): 3012–3027. https://ijpsr.com/bft-article/medicinal-plants-used-in-rice-beer-starter-culture-by-different-tribes-in-assam-an-ethnobotanical-survey/.
  21. ↑ Ethno medicinal value of various plants used in the preparation of traditional rice beer by different tribes of Assam, India (2013). "Ethno medicinal value of various plants used in the preparation of traditional rice beer by different tribes of Assam, India". Drug Invention Today খণ্ড 5 (4): 335–341. doi:10.1016/j.dit.2013.09.002.
  22. ↑ "Ethnobotany of Sujen—A local rice beer of Deori tribe of Assam". Indian Journal of Traditional Knowledge খণ্ড 6 (1): 121–125. 2007. https://www.researchgate.net/publication/242292561_Ethnobotany_of_SujenA_local_rice_beer_of_Deori_tribe_of_Assam.
  23. ↑ "Assessment of microbial quality and health risks associated with traditional rice wine starter Xaj-pitha of Assam, India: a step towards defined and controlled fermentation". Journal of Ethnic Foods. 2020. https://pmc.ncbi.nlm.nih.gov/articles/PMC6977804/.