বাৰ্তা:ৰঙাবক্ষৰ পখিলা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

তদ্ভৱ বা অন্য ভাষাৰ শব্দ ('ৰঙা) আৰু তৎসম বা সংস্কৃত ভাষাৰ শব্দ (বক্ষ)-ৰ মাজত হেনো সমাস হ'ব নোৱাৰে। সেয়ে প্ৰবন্ধৰ নাম "ৰঙাবুকুৱা পখিলা" "ৰক্তবক্ষ প্ৰজাপতি" "ৰঙা বক্ষৰ পখিলা" "ৰঙা বুকুৰ পখিলা" আদি ৰাখিব পাৰি।

প্রভাকৰ শৰ্মা নেওগ (talk)‌~

  • নেওগ ডাঙৰীয়াই ভবাৰ দৰে ময়ো ভাবিছো। মোৰ মতে "ৰঙাবুকুৱা পখিলা" হ'লে বেছি ভাল হয়; নহ'লে "ৰঙা বুকুৰ পখিলা"।

বাবুল বৈশ্য (talk)‌~

--আচলতে মই তথ্যসুত্ৰত দিয়া প্ৰান্তিকত প্ৰকাশিত প্ৰবন্ধটোৰ পৰা নামবোৰ সংগ্ৰহ কৰিছোঁ৷ আপুনি কোৱা কথাটো সঁচা, কিন্তু ঘপহকৈ প্ৰকাশিত নামটো সলাই দিয়াতকৈ লেখকৰ সৈতে এবাৰ যোগাযোগ কৰি পাতি ল'লে ভাল হয় বুলি ভাবো৷ মই জনাত তেওঁলোকে কিছুবছৰ ধৰি পখিলাৰ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন কৰি আছে৷ ফেচবুকত ইতিমধ্যে তেওঁলৈ এটা বাৰ্তা দিছোঁ৷ উত্তৰ পালে ইয়াতে জনাম৷ Joli (talk) 06:38, 11 অক্টোবৰ 2013 (UTC)