বিতৰণ (অৰ্থনীতি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অৰ্থ[সম্পাদনা কৰক]

অৰ্থনীতিৰ ক্ষেত্ৰত বিতৰণ (Distribution) বুলি ক’লে সেই পদ্ধতিটোক বুজাই য’ত ভূমি. শ্ৰম. মূলধন আৰু সংগঠনৰ সংঘবদ্ধ বৰঙণিত অৰ্থনীতিত উপযোগী দ্ৰৱ্য সৃষ্টি হয় আৰু সেই দ্ৰৱ্যটোৰ পৰা আহৰণ কৰা উপাৰ্জন পুনৰ সিহঁতৰ মাজত বিতৰণ (Distribution) কৰা হয়[1] । জাতীয় আয়ৰ বিতৰণ ব্যৱস্থাক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়। এই ভাগ দুটা হৈছে - ১. ব্যক্তিগত বিতৰণ আৰু ২. কাৰ্য্যভিত্তিক বিতৰণ। ব্যক্তিগত বিতৰণ ব্যৱস্থাই উৎপাদন মাজত জাতীয় আয়ৰ বিতৰণৰ বিষয়ে ইংগিত দিয়ে ; কিন্তু,উপাৰ্জনৰ উৎসৰ বিষয়ে ইয়াত আলোচনা কৰা নহয়। কাৰ্য্যভিত্তিক বিতৰণ পদ্ধতিত উপাৰ্জনৰ উৎসৰ বিষয়ে আলোচনা কৰা হয়। এনে কাৰ্য্যভিত্তিক বিতৰণ ব্যৱস্থাত জাতীয় উপাৰ্জন উৎপাদনৰ উৎপাদনৰ চাৰিটা উপাদানৰ মাজত বিতৰণৰ বিষয়টোক লৈ জড়িত থাকে। কাৰ্য্যভিত্তিক বা ক্ৰিয়ামূলক বন্টন ব্যৱস্থাহে বিতৰণ তত্ত্বৰ বিষয় বস্তু।

ভাগ[সম্পাদনা কৰক]

কাৰ্য্যভিত্তিক বা ক্ৰিয়ামূলক তত্ত্ব সমুহক প্ৰধানকৈ সমষ্টিগত বিতৰণ তত্ত্ব (Macro Theories of Distribution) আৰু ব্যষ্টিগত বিতৰণ তত্ত্ব (Micro Theories of Distribution) এই দুটা ভাগত ভাগ কৰা হয়।

উৎপাদনৰ উপাদনসমূহৰ দৰ নিৰ্ধাৰণৰ বিষয়টোক লৈ বিতৰণৰ তত্ত্ব জড়িত হৈ আছে । উৎপাদন কাৰ্যত নিয়োজিত হৈ থকা উপাদানসমূহৰ দৰ নিৰ্ধাৰণৰ অৰ্থে পৃথক তত্ত্বৰ প্ৰয়োজনৰ প্ৰধান কাৰণ হৈছে ,উৎপাদিত দ্ৰব্যৰ চাহিদা আৰু যোগানৰ লগত উপাদানসমূহৰ চাহিদা আৰু যোগানৰ প্ৰকৃতিৰ পাৰ্থক্য । এটা দ্ৰব্যৰ প্ৰতি চাহিদা প্ৰতক্ষ্য চাহিদা; কিন্তু উপাদানসমুহৰ প্ৰতি থকা চাহিদা এক পৰোক্ষ চাহিদা । এটা দ্ৰব্য উৎপাদনৰ অৰ্থেহে উৎপাদানসমুহৰ চাহিদাৰ সৃষ্টি হয় । প্ৰত্যেক উপভোগৰ অৰ্থে উপাদানসমুহৰ প্ৰতি চাহিদাৰ সৃষ্টি নহয় । তদুপৰি কোনো দ্ৰব্যৰ চাহিদা স্বতন্ত্ৰ হব পাৰে ; কিন্তু উপাদানসমুহৰ প্ৰতি চাহিদাৰ সদায় সংযুক্ত চাহিদা । কাৰণ এটা দ্ৰব্য উৎপাদনৰ অৰ্থে একে সময়তে ভূমি ,শ্ৰম,মূলধন আৰু সংগঠন -এই চাৰিটা উপাদানৰ প্ৰয়োজন হয় [2]

সুকিয়া তত্ত্বৰ প্ৰয়োজনীয়তা[সম্পাদনা কৰক]

চাহিদাৰ দৰে উৎপাদনৰ উপাদনসমূহৰ যোগানৰ ক্ষেত্ৰটো সুকীয়া বৈশিষ্ট পৰিলক্ষিত হয় । এটা দ্ৰব্যৰ উৎপাদনৰ ব্যয় নিৰ্ধাৰণ কৰিব পৰা যায় ;কিন্তু উৎপাদনসমূহৰ যোগানৰ ব্যয় নিৰ্ধাৰণ কৰিব পৰা নাযায় । ইয়াৰোপৰি , এটা দ্ৰব্যৰ দৰ বৃদ্ধি হলে ,ইয়াৰ যোগান বৃদ্ধি হয় ; কিন্তু এটা উপাদানৰ দৰ বৃদ্ধি হলে ইয়াৰ যোগান সংকোচন ঘটা পৰিলক্ষিত হয় ।

উৎপাদনৰ উপাদনৰ চাহিদা আৰু যোগানৰ এনে পৃথক বৈশিষ্ট থকা কাৰণে এটা দ্ৰব্যৰ 'দৰ নিৰ্ধাৰণ নীতি'ৰ সহায়ত উপাদান সমুহৰ দৰ নিৰ্ধাৰণ কৰিব পৰা নায়ায় । উৎপাদনৰ উপাদনৰ দৰ নিৰ্ধাৰণৰ অৰ্থে পৃথক তত্ত্বৰ প্ৰয়োজন । উৎপাদনৰ উপাদনৰ দৰ নিৰ্ধাৰণৰ তত্ত্ব দুটা হৈছে -

  1. প্ৰান্তিক উৎপাদনশীলতাৰ তত্ত্ব আৰু
  2. আধুনিক তত্ত্ব

বিতৰণৰ প্ৰান্তিক উৎপাদনশীলতাৰ তত্ত্ব[সম্পাদনা কৰক]

বিতৰণৰ প্ৰান্তিক উৎপাদনশীলতাৰ তত্ত্ব : উৎপাদনৰ উপাদান সমূহৰ দৰ নিৰ্ধাৰণৰ অৰ্থে আগবঢ়োৱা প্ৰাচীন আৰু গ্ৰহণযোগ্য তত্ত্বটো হৈছে প্ৰান্তিক উৎপাদনশীলতাৰ তত্ত্ব। অৰ্থনীতিবিদ ডেভিদ ৰিকাৰ্ডই (Devid Ricardo) ভূমিৰ খাজনা নিৰ্ধাৰণৰ অৰ্থে প্ৰথমে এই তত্ত্বটো ব্যৱহাৰ কৰিছিল । পৰবৰ্তী অৰ্থনীতিবিদসকলে উৎপাদনৰ আন উপাদান সমূহৰ মূল্য নিৰ্ধাৰণৰ অৰ্থেও এই তত্ত্বটো ব্যৱহাৰ কৰে । অৰ্থনীতিবিদ জেভনচ্( Jevons) ,উইকষ্টিড( Wicksteed ), ৱালৰাচ (Walras ) আৰু বিশেষকৈ জে বি ক্লাৰ্কৰ ( J B Clerk ) প্ৰচেষ্টাত প্ৰান্তিক উৎপাদনশীলতাৰ তত্ত্বটোৱে ১৯ শতিকাৰ শেষত উৎপাদনৰ উপাদানৰ দৰ নিৰ্ধাৰনৰ এক পূৰণাংগ তত্ত্ব হিচাবে প্ৰতিষ্টা লাভ কৰে । অৰ্থনীতিবিদ জে বি ক্লাৰ্কৰ মতে স্থিতিশীল অৱস্থাত সংগঠককে ধৰি প্ৰতিটো উপাদানে নিজৰ প্ৰান্তিক উৎপাদন ক্ষমতাৰ সমান পাৰিশ্ৰামিক লাভ কৰিব।

উৎপাদনৰ উপাদান সমূহৰ দৰ নিৰ্ধাৰণৰ অৰ্থে আগবঢ়োৱা প্ৰাচীন আৰু গ্ৰহণযোগ্য তত্ত্বটো হৈছে প্ৰান্তিক উৎপাদনশীলতাৰ তত্ত্ব । অৰ্থনীতিবিদ ডেভিদ ৰিকাৰ্ডই (Devid Ricardo) ভূমিৰ খাজনা নিৰ্ধাৰণৰ অৰ্থে প্ৰথমে এই তত্ত্বটো ব্যৱহাৰ কৰিছিল । পৰৱৰ্তী অৰ্থনীতিবিদসকলে উৎপাদনৰ আন উপাদান সমূহৰ মূল্য নিৰ্ধাৰণৰ অৰ্থেও এই তত্ত্বটো ব্যৱহাৰ কৰে । অৰ্থনীতিবিদ জেভনচ্( Jevons) ,উইকষ্টিড( Wicksteed ), ৱালৰাচ (Walras ) আৰু বিশেষকৈ জে বি ক্লাৰ্কৰ ( J B Clerk ) প্ৰচেষ্টাত প্ৰান্তিক উৎপাদনশীলতাৰ তত্ত্বটোৱে ১৯ শতিকাৰ শেষত উৎপাদনৰ উপাদানৰ দৰ নিৰ্ধাৰনৰ এক পূৰণাংগ তত্ত্ব হিচাবে প্ৰতিষ্টা লাভ কৰে । অৰ্থনীতিবিদ জে বি ক্লাৰ্কৰ মতে স্থিতিশীল অৱস্থাত সংগঠককে ধৰি প্ৰতিটো উপাদানে নিজৰ প্ৰান্তিক উৎপাদন ক্ষমতাৰ সমান পাৰিশ্ৰামিক লাভ কৰিব [3]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. William D. Nordhaus (2004). Economics, 18th ed., [end] Glossary of Terms, "Distribution."
  2. ব্যষ্টিবাদী অৰ্থবিজ্ঞান তত্ত্ব, লিখক: ড: ননীগোপাল গোস্বামী, পৃষ্ঠা নং- ? , আহৰণ কৰা তাৰিখ: ০৪-০২-২০১৩
  3. ব্যষ্টিবাদী অৰ্থবিজ্ঞান তত্ত্ব, ড: ননীগোপাল গোস্বামী, পৃষ্ঠা - ৩৫০, আহৰণ কৰা তাৰিখ: ০৪-০২-২০১৩

বাহ্যিক সংযোগ[সম্পাদনা কৰক]