বিপাক ক্ৰিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শক্তি­ৰ বিপাকৰ অন্যতম মুখ্য মাধ্যম বুছ " (এডিন'চিন ট্ৰাইফছফেট) গঠন

বিপাক (ইংৰাজী: Metabolism; গ্ৰীক: μεταβολή metabolē, "পৰিবৰ্তন") হৈছে কোনো জীৱৰ দেহত সংঘটিত সমষ্ট ৰাসায়নিক বিক্ৰিয়া

বিপাক ২ প্ৰকাৰ। বিশ্লেষণ বা কেটাবলিক, যি বৃহৎ জৈৱ পদাৰ্থক ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ বিভক্ত কৰে আৰু সংশ্লেষণ বা এনাবলিক, যি অসংখ্য ক্ষুদ্ৰ অংশ সংযুক্ত কৰি বৃহৎ পদাৰ্থৰ গঠন কৰে, যেনে প্ৰ'টিন আৰু নিউক্লিক এচিড[1]

বিপাকত সংঘটিত ক্ৰিয়া-বিক্ৰিয়াই বিপাকীয় পথ অনুসৰণ কৰে, য'ত এটা ৰসায়ন উৎসেচকৰ সহায়ত বিভিন্ন শ্ৰেণীৰ মাধ্যমেদি অন্য এটা ৰসায়নলৈ ৰূপান্তৰিত হয়। বিপাকৰ বাবে উৎসেচকৰ আবশ্যক।

কোনো উপাদান জীৱৰ বাবে পুষ্টিকৰ নে বিষাক্ত সেইটো বিপাকীয় পথে নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে­, কিছুমান প্ৰকোষকেন্দ্ৰী জীৱই হাইড্ৰ'জেন ছালফাইডক পুষ্টি হিচাপে ব্যবহাৰ কৰে, যদিও এই গেছ প্ৰাণীৰ বাবে ক্ষতিকৰ।[2] বিপাকৰ গতি, হাৰে এটা জীৱক কিমান খাদ্যৰ প্ৰয়োজন তাক নিৰ্ধাৰণ কৰে।

বিপাকৰ এটা আকৰ্ষণীয় বৈশিষ্ট্য হ'ল বিভিন্ন প্ৰজাতিৰ মাজত মৌলিক বিপাকীয় পথ আৰু উপাদান একে হয়।[3] উদাহৰণস্বৰূপে­ চাইট্ৰিক এচিড চক্ৰৰ intermediates নামে পৰিচিত কাৰ্বক্সিলিক এচিড যি ক্ষুদ্ৰাতিক্ষুদ্ৰ Escherichia Coliৰ দৰে এককোষী জীৱৰ পৰা হাতীৰ দৰে বৃহৎ জীৱৰ মাজতো পোৱা যায়।[4] এই আকৰ্ষণীয় মিলৰ কাৰণেই বিৱৰ্তনৰ ইতিহাসত ইয়াৰ প্ৰাচীন পদাৰ্পণ।[5][6]

প্ৰধান জৈবৰসায়নিক[সম্পাদনা কৰক]

ট্ৰাই আচাইলগ্লিচাৰল লিপিডৰ গঠন।

প্ৰাণী, উদ্ভিদৰ গঠনৰ অধিকাংশই এমিন' এচিড, কাৰ্ব'হাইড্ৰেট আৰু লিপিডঅণুৰ দ্বাৰা গঠিত। এই ৰসায়নবোৰ জীৱনৰ বিপাকীয় ক্ৰিয়া-বিক্ৰিয়াৰ বাবে অত্যাৱশকীয়, সংশ্লেষণৰ মাধ্যমত কোষ আৰু কলাৰ তৈয়াৰ কৰে বা বিশ্লেষণৰ মাধ্যমত শক্তিৰ উৎস হিচাপে ব্যবহাৰ কৰে। এই উপাদানবোৰ একত্ৰিত হৈয়ে প্ৰ'টিনৰ দৰে বহুযোগী তৈয়াৰ কৰে।

অনুৰ প্ৰকাৰ একযোগী গঠনৰ নাম বহুযোগী গঠনৰ নাম বহুযোগীৰ উদাহৰণ
এমিন' এচিড এমিন' এচিড প্ৰ'টিন (বা বহুপেপ্টাইড) আঁহযুক্ত প্ৰ'টিন আৰু গোলাকাৰ প্ৰ'টিন
শৰ্কৰা এক শৰ্কৰা বহু শৰ্কৰা স্বেতসাৰ, গ্লাইক'জেন আৰু চেলুল'জ
নিউক্লিক এচিড নিউক্লিঅ'টাইড বহুনিউক্লিঅ'টাইড ডি এন এ আৰু আৰ এন এ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Hothersall, J and Ahmed, A (2013). "Metabolic fate of the increased yeast amino acid uptake subsequent to catabolite derepression". J Amino Acids খণ্ড 2013: e461901. doi:10.1155/2013/­461901. PMID 23431419. 
  2. {­{cite journal |author=Friedrich C |title=Physiology and genetics of sulfur-oxidizing bacteria |journal=Adv Microb Physiol |volume=39 |issue= |pages=235–89 |year=1998 |pmid=9328649 |doi=10.1016/­S0065-2911(08)60018-1­ |series=Advances in Microbial Physiology |isbn=9780120277391}­}
  3. Pace NR (January 2001). "The universal nature of biochemistry". Proc. Natl. Acad. Sci. U.S.A. খণ্ড 98 (3): 805–8. doi:10.1073/­pnas.98.3.805. PMID 11158550. 
  4. Smith E, Morowitz H (2004). "Universality in intermediary metabolism". Proc Natl Acad Sci USA খণ্ড 101 (36): 13168–73. doi:10.1073/­pnas.0404922101. PMID 15340153. PMC 516543. http://www.pnas.org/­cgi/­pmidlookup?view=long&­pmid=15340153. 
  5. Ebenhöh O, Heinrich R (2001). "Evolutionary optimization of metabolic pathways. Theoretical reconstruction of the stoichiometry of ATP and NADH producing systems". Bull Math Biol খণ্ড 63 (1): 21–55. doi:10.1006/bulm.2000.0197. PMID 11146883. 
  6. Meléndez-Hevia E, Waddell T, Cascante M (1996). "The puzzle of the Krebs citric acid cycle: assembling the pieces of chemically feasible reactions, and opportunism in the design of metabolic pathways during evolution". J Mol Evol খণ্ড 43 (3): 293–303. doi:10.1007/BF02338838. PMID 8703096.