বিবেকানন্দ কেন্দ্ৰ
অৱয়ব
বিবেকানন্দ কেন্দ্ৰ হৈছে স্বামী বিবেকানন্দৰ আদৰ্শৰে পৰিচালিত এটা হিন্দু আধ্যাত্মিক সংগঠন। শ্ৰী একনাথ ৰানাডেই ১৯৭২ চনৰ ৭ জানুৱাৰীত ভাৰতবৰ্ষৰ তামিলনাডু ৰাজ্যৰ কন্যাকুমাৰীত ইয়াক প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ বৰ্তমানৰ সভাপতি হৈছে পি পৰমেশ্বৰম।
প্ৰভাৱ
[সম্পাদনা কৰক]বিবেকানন্দ কেন্দ্ৰৰ সমগ্ৰ ভাৰতবৰ্ষ জুৰি ১৮ খন ৰাজ্যত ২০৫ টা শাখা আৰু ২০০তকৈও বেছি পূৰ্ণকালীন কৰ্মী আছে। উত্তৰ-পূব ভাৰতত এই সংগঠনটোৰ প্ৰভাৱ সৰ্বাধিক। কৰ্মীসকলক তিনিটা শ্ৰেণীত ভাগ কৰা হয়:
- জীৱনব্ৰতী (সংস্কৃত: जीवनव्रती) বা আজীৱন কৰ্মী, কেন্দ্ৰত জীৱনজুৰি কাম কৰিবলৈ যোগদান কৰা কম বসয়ৰ ল'ৰা-ছোৱালী;
- সেৱাব্ৰতী (সংস্কৃত: सेवाव्रती), যিয়ে কেন্দ্ৰ নিৰ্দিষ্ট সময়ৰ বাবে যোগদান কৰে;
- বানপ্ৰস্থী (সংস্কৃত: वानप्रस्थी), যিয়ে অৱসৰ গ্ৰহণৰ পিছত কেন্দ্ৰত যোগদান কৰে; আৰু
- কাৰ্যকৰ্তা (সংস্কৃত: कार्यकर्ता), স্থানীয় কৰ্মী যি ব্যক্তিগত কাম-কাজ বাদ নিদিয়াকৈ কেন্দ্ৰত নিয়োজিত হয়।
কৰ্মীসকলক গঢ় দিবৰ বাবে কেন্দ্ৰই 'যোগ বৰ্গ' (পাঠদান), 'বাল-সংস্কাৰ বৰ্গ', স্বধ্যায় বৰ্গ' আৰু প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে। ভাৰতৰ চাৰিও মণ্ডলতে প্ৰশিক্ষণ কেন্দ্ৰবোৰ বিয়পি আছে।