বিয়নী সাবটা
অৱয়ব
| বিয়নী সাবটা | |
|---|---|
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Plantae |
| (অশ্ৰেণীকৃত): | Angiosperms |
| (অশ্ৰেণীকৃত): | Eudicots |
| (অশ্ৰেণীকৃত): | Rosids |
| বৰ্গ: | Fabales |
| পৰিয়াল: | Fabaceae |
| উপপৰিয়াল: | Faboideae |
| গোত্ৰ: | Desmodieae |
| Subtribe: | Desmodiinae |
| গণ: | Desmodium Desv. |
| Species | |
|
Desmodium laburnifolium | |
| সমাৰ্থক | |
| |
বিয়নী সাবটা (বৈজ্ঞানিক নাম: Desmodium laburnifolium) লেগুমিনেছি (Leguminaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বনৰীয়া গছ৷[1]
বিৱৰণ
[সম্পাদনা কৰক]বিয়নী সাবটাৰ মূল ঠাৰিডাল সৰু আৰু সেউজ-বুলীয়া হয়৷ এই ঠাৰিৰ মাজে মাজে সেৰেঙাকৈ গাঁঠিৰ উৎপত্তি হয়৷ প্ৰত্যেকটো গাঁঠিত দুখিলা দুখিলাকৈ বিপৰীতমুখী আৰু সেউজীয়া পাত ওলায়৷ পাতবোৰ পাতল চানেকীয়া, লেহুকা আৰু ডিম্বাকৃতিৰ হয়৷ পাতৰ সিৰ আৰু উপসিৰাবিলাক স্পষ্টকৈ বিকশিত নহয়৷ গাঁঠিত আৱিৰ্ভাৱ হোৱা পাত দুখিলা ওপৰৰ পৰা একো একোডাল দীঘল ঠানিৰ উৎপত্তি হয়৷ এই ঠানিবোৰৰ পৰা সৰু আকাৰৰ সেউজীয়া ফুলৰ পাহি ওলায়৷
বিয়নী সাবটাৰ ফুলৰ সন্মুখভাগ কাইটৰ দৰে জোঙা হয়৷ কাপোৰত এই ফুলবোৰ লাগি ধৰে৷[1]