বিশেষ্য পদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিশেষ্য পদ (ইংৰাজী: Noun) কোনো নাম, জাতি, বস্তু বা প্ৰণালীৰ নাম, ঠাইৰ নাম বুজোৱা শব্দক বিশেষ্য পদ বোলে৷[1][note 1] চকুৰে দেখা সকলো বস্তুৱে বিশেষ্য৷[2] অসমীয়া ব্যাকৰণৰ পদৰ অন্য প্ৰকাৰবোৰ হ’ল— বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়া৷

যিবোৰ শব্দৰ পাছত শব্দ-বিভক্তি যোগ হয় সেইবোৰ বিশেষ্য শব্দ৷ এই বিশেষ্য-শব্দবোৰ স্বৰান্ত আৰু ব্যঞ্জনান্ত হ’ব পাৰে৷ মূল-শব্দ আৰু শব্দ-বিভক্তিৰ মাজত বচন আৰু লিংগবাচক প্ৰত্যয়, নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু পুৰুষবাচক-নিৰ্দিষ্টতাবাচক প্ৰত্যয়ো লগ লাগিব পাৰে৷ যেনে- মানুহ-বোৰ-এ>মানুহবোৰে৷[3]

সংজ্ঞা[সম্পাদনা কৰক]

  • যি পদে কোনো প্ৰাণী, বস্তু, ঠাই, গুণ, অৱস্থা, কাৰ্য্য আদিৰ নাম পোনপটীয়াকৈ বুজায় তাকেই বিশেষ্য পদ বোলে।[4]
  • জাতি, গুণ, দ্ৰব্য, নাম আৰু ক্ৰিয়া বুজোৱা পদ বিলাকক বিশেষ্য পদ বোলে৷[5]
  • যিকোনো নাম বুজোৱা পদেই বিশেষ্য৷[6]
  • যি শব্দই কোনো বস্তু বা গুণ বা প্ৰাণীক বুজায়, সেয়ে বিশেষ্য পদ৷[7]

শ্ৰেণীবিভাগ[সম্পাদনা কৰক]

বিশেষ্য পদৰ ভাগ পাঁচটা হ’ল:[2]

  1. নামবাচক বিশেষ্য (Proper Noun)
  2. জাতিবাচক বিশেষ্য (Class বা Common Noun)
  3. সমষ্টিবাচক বিশেষ্য (Collective Noun)
  4. বস্তুবাচক বিশেষ্য (Material Noun)
  5. গুণবাচক বিশেষ্য (Abstract Noun)

ড° গোলোকচন্দ্ৰ গোস্বামীয়ে অসমীয়া ব্যাকৰণ প্ৰৱেশত বিশেষ্য পদক গঠন, প্ৰয়োগ আৰু অৰ্থৰ ভিত্তিত চাৰিটা উপবিভাগত ভগায়৷[8] [note 2] আনহাতে সত্যনাথ বৰাবহল ব্যাকৰণত বিশেষ্য পদ তিনিবিধ বুলি উল্লেখ কৰে৷[note 3]

অসমীয়া ব্যাকৰণত আকৌ বিশেষ্য পদ পাঁচ প্ৰকাৰৰ পোৱা যায়৷ সেইবোৰ হ’ল:

  1. জাতিবাচক
  2. সংজ্ঞা বা নামবাচক
  3. বস্তুবাচক
  4. গুণবাচক
  5. ক্ৰিয়াবাচক

টোকা[সম্পাদনা কৰক]

  1. Example nouns for:
  2. বিশেষ্য পদৰ চাৰিটা উপবিভাগ:
    1. সংজ্ঞাবাচক বিশেষ্য
    2. সম্বন্ধবাচক বিশেষ্য
    3. গুণ বা ভাববাচক বিশেষ্য
    4. ক্ৰিয়াবাচক বিশেষ্য
  3. বিশেষ্য পদ তিনিবিধ:
    1. সংজ্ঞাবোধক বিশেষ্য
    2. গুণবোধক বিশেষ্য
    3. ক্ৰিয়াবোধক বিশেষ্য

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Noun". The Idioms Dictionary (online). The Idioms, Incorporated. 2013. https://www.theidioms.com/nouns/. 
  2. 2.0 2.1 Bora, S.N.; S.M. Sarma (2001 (23rd edition)). Good English Grammar & Composition. প্ৰকাশক Guwahati: Assam Publishing Company. পৃষ্ঠা. 14-20. 
  3. গোস্বামী, ড॰ উপেন্দ্ৰনাথ (2013). অসমীয়া ভাষাৰ ব্যাকৰণ. মণি-মাণিক প্ৰকাশ. পৃষ্ঠা. ১৫. 
  4. বৈশ্য, শ্ৰীউমেশ (1977). ৰচনা মালিকা. প্ৰকাশক গুৱাহাটী: পূৰ্ব্বাঞ্চল প্ৰকাশনী. পৃষ্ঠা. ৯. https://w.wiki/7A9s। আহৰণ কৰা হৈছে: 9 Sept, 2023. 
  5. তৰ্কালঙ্কাৰ, দীনবন্ধু (1890). অসমীয়া ল'ৰাৰ ব্যাকৰণ. প্ৰকাশক নগাঁও: গুণাভিৰাম বৰুৱা. পৃষ্ঠা. ৮. https://w.wiki/7RT3। আহৰণ কৰা হৈছে: 9 Sept, 2023. 
  6. Bardalai, Naba Kanta; Deka, Hitesh (Jan, 2020). Modern English Grammar & Composition. Assam Publishing Company. পৃষ্ঠা. 44. 
  7. পণ্ডিত তাৰানাথ বৰপূজাৰী. সংস্কৃত প্ৰৱেশ ব্যাকৰণ. অশোক বুক ষ্ট’ল. পৃষ্ঠা. ১৫. 
  8. গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ (Nov, 2000). অসমীয়া ব্যাকৰণ প্ৰৱেশ. বীণা লাইব্ৰেৰী. পৃষ্ঠা. ২২.