নেলছন মেণ্ডেলা
নেলছন মেণ্ডেলা | |
---|---|
নেলছন মেণ্ডেলা ২০০৮ চনৰ মে' মাহত জোহানছবাৰ্গত | |
প্ৰথম দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ১০ মে' ১৯৯৪ – ১৬ জুন ১৯৯৯ | |
সহকাৰী | Thabo Mbeki F. W. de Klerk |
পূৰ্বসূৰী | F. W. de Klerk (State President) |
উত্তৰসূৰী | Thabo Mbeki |
11th President of the African National Congress | |
কাৰ্যকাল 7 July 1991 – 20 December 1997 | |
সহকাৰী | Walter Sisulu Thabo Mbeki |
পূৰ্বসূৰী | Oliver Tambo |
উত্তৰসূৰী | Thabo Mbeki |
19th Secretary General of the Non-Aligned Movement | |
কাৰ্যকাল 2 September 1998 – 16 June 1999 | |
পূৰ্বসূৰী | Andrés Pastrana Arango |
উত্তৰসূৰী | Thabo Mbeki |
ব্যক্তিগত তথ্য | |
জন্ম | Rolihlahla Mandela ১৮ জুলাই, ১৯১৮ Mvezo, Cape Province, South Africa |
মৃত্যু | ০৫ ডিচেম্বৰ, ২০১৩ (৯৫ বছৰ) Johannesburg, Gauteng, South Africa |
মৃত্যুৰ কাৰণ | Respiratory infection |
সমাধিস্থল | Mandela Graveyard Qunu, Eastern Cape, South Africa |
ৰাজনৈতিক দল | African National Congress |
আন ৰাজনৈতিক সম্পৰ্ক |
South African Communist Party |
দাম্পত্যসঙ্গী |
|
সন্তান | 6 (including Makgatho, Makaziwe, Zenani and Zindziswa) |
পিতৃ-মাতৃ | Nosekeni Fanny Gadla Henry Mphakanyiswa |
শিক্ষানুষ্ঠান | |
পেচা |
|
জনা যায় | বৰ্ণবৈষম্য নীতি বিৰোধী আন্দোলন |
বঁটা |
|
Notable work(s) | Long Walk to Freedom |
ৱেবছাইট | nelsonmandela |
আন নাম |
|
নেলছন ৰোলিহলাহলা মেণ্ডেলা (ইংৰাজী: Nelson Rolihlahla Mandela, জন্ম: ১৮ জুলাই, ১৯১৮) বা চমুকৈ নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ এগৰাকী ৰাজনৈতিক ব্যক্তি আছিল যিজনে ৰাষ্ট্ৰপতি হিচাপে ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ কাৰ্য্যভাৰ চলাইছিল। দক্ষিণ আফ্ৰিকাত তেওঁ মাডিবা (Madiba) আৰু টাটা (Tata) নামেৰেও জনাজাত আছিল[1]। তেওঁ ১৯৯৩ চনত ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। মেণ্ডেলাই তেওঁৰ জীৱনত ২৫০ টাতকৈও অধিক বঁটা লাভ কৰিছিল[উদ্ধৃতিৰ প্ৰয়োজন]। তেওঁ দক্ষিণ আফ্ৰিকাৰ নেচনেল কংগ্ৰেছৰ নেতা আছিল।[2]
জন্ম আৰু পৰিয়াল
[সম্পাদনা কৰক]নেলছন মেণ্ডেলাৰ জন্ম হয় ১৯১৮ চনৰ ১৮ জুলাইত দক্ষিণ আফ্ৰিকাৰ ওমটাটা জিলাৰ (Umtata) মেভেজু (Mvezo) নামৰ এখন সৰু গাঁৱত[3]। তেওঁৰ পিতাকৰ নাম হেনৰি গিডলা। হেনৰি গিডলা এজন ৰাজনীতিজ্ঞ আছিল। তেওঁ ট্ৰানচকিয়ান ৰাজ্যৰ কাউন্সিলৰ এজন সদস্য আছিল। নেলছন মেণেলাই তিনিবাৰ কৈ বিবাহ পাশত আবদ্ধ হৈছিল, তেওঁৰ মুঠ ৬ টি সন্তানৰ আৰু ২টি নাতি আছিল। তেওঁৰ প্ৰথম গৰাকী পত্নীৰ নাম আছিল এভিলেন নেটকো মাচে, দ্বিতীয় গৰাকী পত্নীৰ নাম আছিল ৱিনি মেডিকিজেলা মেণ্ডেলা আৰু তৃতীয় গৰাকী পত্নীৰ নাম আছিল গ্ৰেকা মাচেল।[2]
শিক্ষা
[সম্পাদনা কৰক]নেলছন মেণ্ডেলাই সৰু কালৰ শিক্ষা মিছনেৰী বিদ্যালয় এখনৰ পৰা লাভ কৰিছিল। তেওঁৰ বিদ্যালয়ৰ পাঠ্যপুথি পঢ়ি মনত লাজ আৰু ধিক্কাৰ পাইছিল। পাঠ্যপুথি বিলাকত কৃষ্ণাংগসকল অশিক্ষিত আৰু বৰ্বৰ বুলি লিখা কথাষাৰে তেওঁৰ মনত দুখ দিছিল। এই কথায়ে তেওঁক সৰুৰে পৰা বিদ্ৰোহী কৰি তুলিছিল। ১৯৪১ চনত তেওঁ গোটেই দক্ষিণ আফ্ৰিকা ঘূৰি ফুৰি মানুহৰ দুখ-দুৰ্দশাবোৰ চাই ফুৰোতে ক'লা মানুহৰ বন্ধু ওৱাল্টাৰ চিচুলুক লগ পায় আৰু তেওঁৰ লগত আত্মীয়তা গঢ়ে। তেওঁৰ সহায়তে নেলছনে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উইট ওৱাটাৰ ষ্টেণ্ড বিশ্ববিদ্যালয়ত আইনো অধ্যয়ন কৰিবলৈ লয়। তেওঁৰ মনত ধৰণা হয় যে, ক'লা মানুহৰ মুক্তিৰ বাবে ৰাজনৈতিক শিক্ষা বা ৰাজনৈতিক বিশ্লেষণৰ প্ৰয়োজন আছে।[2]
আফ্ৰিকাৰ জাতীয় কংগ্ৰেছত নেলছন মেণ্ডেলাৰ ভূমিকা
[সম্পাদনা কৰক]১৯২১ চনত প্ৰতিষ্ঠা হোৱা আফ্ৰিকান নেচনেল কংগ্ৰেছত নেলছনে যোগদান কৰিলে। ১৯৪৪ চনত এই কংগ্ৰেছৰ পৰিকল্পনাৰ দায়িত্ব গ্ৰহণ কৰে নেলছন মেণ্ডেলাই। সেই সময়ত ভাৰতত স্বাধীনতা সংগ্ৰাম চলিছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। নেলছনে আফ্ৰিকান কংগ্ৰেছক গণতান্ত্ৰিক ৰূপ দি-ইয়াৰ সম্পাদক পাতিলে ওৱাল্টাৰ চিচুলুক। তাৰ পাছতেই জনসাধাৰণে প্ৰধানমন্ত্ৰী স্মাট চৰকাৰৰ অত্যাচাৰৰ বিৰুদ্ধে বিদ্যালয়, মহাবিদ্যালয়, হোটেল, হাট-বজাৰ, সকলো ত্যাগ কৰি ৰাজপথলৈ বিদ্ৰোহ কৰিবলৈ ওলায় আহে। চৰকাৰে এই আন্দোলন প্ৰতিহত কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা হাতত ললে। জনসাধাৰণে বিচাৰিলে নিজৰ দেশত নিজৰ স্বাধীনতা। আন্দোলনে তীব্ৰ জন জাগৃতি আনিলে। লগে লগে চৰকাৰে নেলছন মেণ্ডেলা, চিচুলু আৰু টেম্বোক কাৰাগাৰত আৱদ্ধ কৰিলে। তেওঁলোকক ৰাখিলেও ১৯৫৭ চনত stay at home ধৰ্মঘট পালন হল আৰু আন্দোলনে আফ্ৰিকান সংগ্ৰামী জনসাধাৰণে সমৰ্থন পালে। ১৯৬০ চনত আনকি কেইবাখনো ৰাজ্যলৈ স্বাধীনতা আহিল। লগে লগে নেলছন মেণ্ডেলাক কিছুদিনৰ বাবে মুক্তি দি, পুনৰ জেলত ভৰালে। এইবাৰ তেওঁক দক্ষিণ আফ্ৰিকাৰ কলিয়াপানী ৰোবেন দ্বীপত আবদ্ধ কৰি ৰখা হল। কাৰাগাৰত থাকিয়েই তেওঁ তেওঁৰ পুত্ৰ থেম্বিৰ মৃত্যুৰ বাতৰি আৰু ১৯৭৮ চনত জীয়াৰি জিন্দজিৰ কবি খ্যাতিৰ খৱৰ লৈছিল। ১৯৭০ চনত উইনীয়ে তেওঁক ৰোৱেন দ্বীপত দেখা কৰে। ১৯৭৫ চনত মোজাম্বিকে স্বাধীনতা পালে। ১৯৮০ চনৰ ১৩ জুনত ইউনাইটেড চিকিউৰিটি কাউন্সিলে প্ৰধানমন্ত্ৰী বোথো চৰকাৰক মেণ্ডেলাৰ মুক্তিৰ দাবী জনালে। ১৯৮২ চনত মেণ্ডেলাক ৰোবেন দ্বীপৰ পৰা পলাশমোৰ কাৰাগাৰলৈ স্থানান্তৰ কৰিলে। অৱশেষত ১৯৯০ চনৰ ১১ ফেব্ৰুৱাৰীৰ ৰবিবাৰে মেণ্ডেলাক ডব্লিউ এফ দি ক্লাৰ্ক চৰকাৰে মুক্তি দিলে। কাৰাগাৰৰ পৰা মুকলি হৈয়ে তেওঁ কৃষ্ণাংগ অধ্যুষিত অঞ্চলসমূহৰ পৰা জৰুৰী অৱস্থা প্ৰত্যাহাৰ আৰু সকলো ৰাজনৈতিক বন্দীক মুকলি কৰি দি শান্তি শৃঙ্খলা অটুট ৰাখিবলৈ চৰকাৰক দাবী জনায়।
১৯৯০ চনৰ ১৫ অক্টোবৰ তাৰিখে নেলছন মেণ্ডেলা ভাৰত ভ্ৰমণলৈ আহোঁতে ভাৰতে তেওঁৰ স্থিতিৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায়। তদুপৰি ২৭ বছৰ কাৰাবন্দী জীৱন কটোৱা আফ্ৰিকাৰ এই বাসত্তৰ বছৰীয়া জাতীয়তাবাদী নেতাগৰাকীক ১৯৯০ চনৰ বাবে ভাৰত চৰকাৰে শীৰ্ষতম বঁটা ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰে[4]। ১৯৯৪ চনৰ পৰা নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হৈ কাৰ্য্যনিবাহ কৰে।[2]
মেণ্ডেলা দিৱস
[সম্পাদনা কৰক]দক্ষিণ আফ্ৰিকাবাসীৰ বাবে আজীৱন ত্যাগ স্বীকাৰ কৰা বাবে নেলছন মেণ্ডেলাক সন্মান জনাই তেওঁৰ জন্ম দিন ১৮ জুলাই তাৰিখে প্ৰতি বছৰে আন্তৰাষ্ট্ৰীয় মেণ্ডেলা দিৱস উদযাপন কৰি আহিছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Madiba’s Many Names Archived 2012-01-02 at the Wayback Machine Nelson Mandela Foundation
- ↑ 2.0 2.1 2.2 2.3 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৮১,৮২,৮৩.
- ↑ "So, where do we come from?". beta.mnet.co.za. 19 September 2004. http://beta.mnet.co.za/carteblanche/Article.aspx?Id=2619। আহৰণ কৰা হৈছে: 11 October 2010.
- ↑ "ভাৰত-ৰত্ন বঁটা বিজয়ীৰ তালিকা (১৯৫৪ - ২০০৭". ভাৰতৰ গৃহ মন্ত্ৰালয়. Archived from the original on 2009-04-10. https://web.archive.org/web/20090410024701/http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf। আহৰণ কৰা হৈছে: ৭ ডিচেম্বৰ, ২০১০.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৱিকিমিডিয়া কমন্সত নেলছন মেণ্ডেলা সম্পৰ্কীয় মিডিয়া ফাইল।
- Nelson Mandela – Biography at Nobelprize.org
- Nelson Mandela Centre of Memory
- Nelson Mandela Children's Fund Archived 2016-03-04 at the Wayback Machine
- Nelson Mandela Children's Fund (Canada)
- Time 100 profile Archived 2009-04-22 at the Wayback Machine
- Mandela: An Audio History
- Mandela: Son of Africa, Father of a Nation Documentary & Soundtrack Archived 2006-10-15 at the Wayback Machine
- The Elders
- The Art of Nelson Mandela Archived 2009-05-16 at the Wayback Machine
- CBC Digital Archives – Nelson Mandela: Prisoner, president, peacemaker
- Nelson Mandela: A Hero's Way Archived 2010-08-19 at the Wayback Machine – slideshow by Life magazine
- Martin Meredith: Nelson Mandela: A Biography – Interview May 2010
- Nelson Mandela Day Archived 2012-08-26 at the Wayback Machine
- Nelson Mandela Day – official site