29
টা সম্পাদনা
No edit summary |
No edit summary |
||
'''নাগৰিকত্ব (Citizenship)'''
নাগৰিকত্ব হৈছে এজন ব্যক্তিক এখন সাৰ্বভৌম দেশে ইয়াৰ নিজস্ব [[আইন]]ৰ অধীনত প্ৰদান কৰা সদস্যপদ। [[ৰাষ্ট্ৰসংঘ]]ৰ মতে নাগৰিকত্ব হৈছে “এখন দেশৰ [[ৰাজনীতি]]ত অংশ গ্ৰহণ কৰাৰ অধিকাৰৰ প্ৰতি স্বীকৃতি”। টি.এইচ. মাৰ্চালে নাগৰিকত্বৰ সম্পৰ্কে কৈছে-
এজন ব্যক্তিৰ নাগৰিকত্ব কেইবাটাও থাকিব পাৰে। ঠাইভেদে আৰু ৰাষ্ট্ৰযন্ত্ৰভেদে ইয়াৰ প্ৰকাৰ বিভিন্ন। উদাহৰণস্বৰূপে ইংলেণ্ড বা ইংলেণ্ডৰ দৰে এককেন্দ্ৰিক চৰকাৰ ব্যৱস্থাত নাগৰিকত্ব আৰু জাতীয়তা একেই ধাৰণা, কিন্তু আমেৰিকাৰ দৰে যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থাৰ বাবে নাগৰিকত্ব আৰু জাতীয়তা দুটা পৃথক বিষয়। নাগৰিকত্ব নথকা ব্যক্তিসকলক “ৰাষ্ট্ৰহীন ব্যক্তি” (Stateless) বুলি কোৱা হয়।
নাগৰিকত্বৰ ভিত্তি ৰাষ্ট্ৰভেদে নাগৰিকত্ব লাভ কৰাৰ ভিত্তিসমূহ পৃথক-পৃথক। তলত এই ভিত্তিসমূহ আলোচনা কৰা হৈছে—
# স্বাভাৱিকীকৰণ: দেশভেদে স্বাভাৱিকীকৰণ পদ্ধতিৰে নাগৰিকত্ব প্ৰদান কৰাৰ সময়সীমা আৰু চৰ্তাৱলী ভিন্ন-ভিন্ন। সাধাৰণতে স্বাভাৱিকীকৰণৰ যোগেদি দেশখনে ইয়াৰ ভূমিলৈ আইনসংগতভাৱে প্ৰৱেশ কৰা [[শৰণাৰ্থী]] বা ৰাজনৈতিক আশ্ৰয়গ্ৰহণকাৰীসকলক নিৰ্দিষ্ট সময়সীমাৰ পাছত নিৰ্দিষ্ট চৰ্তসাপেক্ষে নাগৰিকত্ব প্ৰদান কৰে।
# অৰ্থনৈতিক বিনিয়োগৰ জৰিয়তে: নিৰ্দিষ্ট পৰিমাণৰ ধনৰ বিনিয়োগৰ জৰিয়তে কিছুসংখ্যক দেশৰ নাগৰিকত্ব লাভ কৰিব পাৰি। এই আঁচনিখন অৱশ্যে যথেষ্ট বিতৰ্কপূৰ্ণ। <Ref>https://www.theguardian.com/world/2018/jun/02/citizenship-by-investment-passport-super-rich-nationality</Ref> কানাডা, নিউজিলেণ্ড, লটিভিয়া, বালজেৰিয়া, স্পেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰীচ, মাল্টা আদি দেশত এইদৰে নাগৰিকত্ব লাভ কৰিব পাৰি।
==নাগৰিকত্ব হেৰুৱাৰ ভিত্তি==
ঠিক সেইদৰে বিভিন্ন কাৰণত এজন ব্যক্তিয়ে নাগৰিকত্ব হেৰুৱাবও পাৰে। নাগৰিকত্ব হেৰুওৱাৰ কাৰণসমূহ তলত দিয়াধৰণৰ-
# অন্য দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিলে
# নাগৰিকত্বৰ চৰ্তাৱলী পূৰণ কৰিব নোৱাৰিলে
# ইচ্ছাকৃতভাৱে নাগৰিকত্ব প্ৰত্যাহাৰ
==তথ্যসূত্ৰ==
{{reflist}}
==লগতে চাওক==
#[[ভাৰতীয় নাগৰিকত্ব আইন]]
|
টা সম্পাদনা