কেমব্ৰিজ বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নতুন পৃষ্ঠা: '''কেমব্ৰিজ বিশ্ববিদ্যালয়''' (The University of Cambridge - বিধিগতভাৱে ইয়াৰ নাম...
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
পৃষ্ঠা University of Cambridgeৰ পৰা কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ Priyankush Dekaয়ে স্থানান্তৰ কৰিলে
(কোনো পাৰ্থক্য নাই)

05:29, 2 May 2020ৰ সংস্কৰণ

কেমব্ৰিজ বিশ্ববিদ্যালয় (The University of Cambridge - বিধিগতভাৱে ইয়াৰ নাম "দ্য চেঞ্চেলৰ, মাষ্টাৰ্ছ্, এণ্ড্ স্কলাৰ্ছ্ অৱ্ দা ইউনিভাৰ্ছিটি অৱ্ কেমব্ৰিজ") ইংলেণ্ডৰ কেমব্ৰিজত অৱস্থিত এখন ৰাজহুৱা গৱেষণাকেন্দ্ৰিক কলেজিয়েট বিশ্ববিদ্যালয়। ১২০৯ চনত প্ৰতিষ্ঠা লাভ কৰা এই বিশ্ববিদ্যালয়খন বিশ্বৰ ইংৰাজী-ভাষী অঞ্চলসমূহৰ দ্বিতীয় পুৰণি আৰু আজিলৈ বৰ্তি থকা বিশ্ববিদ্যালয়সমূহৰ ভিতৰত চতুৰ্থ পুৰণি বিশ্ববিদ্যালয়। ১২৩১ চনত কিং হেনৰি ৩য়ে কেমব্ৰিজক ৰয়েল চাৰ্টাৰ অনুমোদন কৰিছিল। অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ কেইজনমান সদস্যৰ স্থানীয় লোকৰ সৈতে বিবাদ হোৱাৰ পিছত তেওঁলোকে কেমব্ৰিজত এই বিশ্ববিদ্যালয়খন গঢ় দিছিল। এই দুই পুৰণি বিশ্ববিদ্যালয়ৰ মাজত ভালেমান দিশত সাদৃশ্য আছে। দুয়োখন বিশ্ববিদ্যালয়ক একেলগে 'অক্সব্ৰিজ' শব্দটোৰে বুজোৱা হয়। কেমব্ৰিজৰ দীঘলীয়া ইতিহাস আৰু প্ৰভাৱে ইয়াক বিশ্বৰ শ্ৰেষ্ঠতম বিশ্ববিদ্যালয়ৰ এখন ৰূপে পৰিগণিত কৰিছে।

কেমব্ৰিজ বিশ্ববিদ্যালয়খন ৩১ খন সদস্য মহাবিদ্যালয় আৰু ১০০তকৈও অধিক বিভাগকে ধৰি ভালেমান অনুষ্ঠানৰ সন্মিলনত গঢ়ি উঠিছে। এই বিভাগসমূহক ৬খন স্কুলত বিভক্ত কৰা হৈছে। বিশ্ববিদ্যালয়খনৰ অন্যতম বিভাগ কেমব্ৰিজ ইউনিভাৰ্ছিটি প্ৰেছ বিশ্বৰ প্ৰাচীনতম প্ৰকাশন সংস্থা আৰু বিশ্বৰ দ্বিতীয় বৃহৎ বিশ্ববিদ্যালয় প্ৰকাশক। কেমব্ৰিজে ৮টাকৈ সাংস্কৃতিক আৰু বৈজ্ঞানিক সংগ্ৰহালয়ো পৰিচালনা কৰি আহিছে। ইয়াৰ ভিতৰত ফিট্জ্ৱিলিয়াম সংগ্ৰহালয় আৰু বোটানিক গাৰ্ডেন বিশেষভাৱে উল্লেখযোগ্য। কেমব্ৰিজৰ পুথিভঁৰালবোৰত সৰ্বমুঠ ১৫ নিযুত কিতাপ আছে। ইয়াৰে ৮ নিযুত কিতাপ বিশ্ববিদ্যালয়ৰ মূল পুথিভঁৰাল "কেমব্ৰিজ বিশ্ববিদ্যালয় পুথিভঁৰাল"ত সংৰক্ষিত হৈ আছে।