3,780
টা সম্পাদনা
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল) |
||
| caption4 =সাগৰ তলিৰ জীৱন
}}
ব্যাপক অৰ্থত '''প্ৰকৃতি''' ({{Lang-en|Nature}}) বুলিলে প্ৰাকৃতিক, ভৌতিক বা বস্তুতাত্বিক পৃথিৱী বা বিশ্বব্ৰহ্মাণ্ডক বুজায়। "প্ৰকৃতি" শব্দই ভৌতিক পৃথিৱীত ঘটি থকা পৰিঘটনাবোৰ, লগতে জীৱনক নিৰ্দেশ কৰে। প্ৰকৃতিৰ অধ্যয়ন [[বিজ্ঞান]]ৰ এটা বৃহৎ অধ্যায়। যদিও মানুহৰ কামবোৰ প্ৰাকৃতিক পৰিঘটনাৰ পৰা পৃথক বুলি ভবা হয়, তথাপি মানুহো প্ৰকৃতিৰে এটা অংগ।
প্ৰকৃতিৰ ইংৰাজী ''nature'' শব্দটো লেটিন শব্দ''natura''ৰ পৰা আহৰণ কৰা হৈছে, ইয়াৰ অৰ্থ হৈছে "essential qualities, innate disposition", আৰু অতীজতে ইয়াৰ আক্ষৰিক অৰ্থ আছিল "জন্ম (birth)"। ''Natura'' হৈছে গ্ৰীক শব্দ ''[[physis]]'' (φύσις)ৰ লেটিন অনুবাদ। ই প্ৰকৃততে উদ্ভিদ, প্ৰাণী আদিৰ অন্তৰ্নিহিত
বৰ্তমান প্ৰকৃতি শব্দ বিশেষকৈ ভূগোল আৰু বন্য জীৱন বুজাবলৈ ব্যৱহাৰ কৰা হয়। জীৱিত উদ্ভিদ আৰু প্ৰাণীৰ সাধাৰণ
==পৃথিৱী==
[[File:The Earth seen from Apollo 17.jpg|thumb|left|১৯৭২ চনত এপল' ১৭ মহাকাশ যানে তোলা পৃথিৱীৰ চিত্ৰ। ]]
পৃথিৱী হৈছে জীৱন সম্ভৱ হোৱা বৰ্তমানলৈকে জনা একমাত্ৰ [[গ্ৰহ]], আৰু ইয়াৰ প্ৰাকৃতিক বৈশিষ্টবোৰ বহুতো বৈজ্ঞানিক অনুসন্ধানৰ গুৰুত্বপূৰ্ণ বিষয়। ই [[সৌৰজগত]]ত তৃতীয় গ্ৰহ; ই আটাইতকৈ ডাঙৰ [[ভূত্বকীয় গ্ৰহ]] (terrestrial planet) আৰু ই পঞ্চম বৃহৎ গ্ৰহ। ইয়াৰ আটাইতকৈ বৈশিষ্টপূৰ্ণ জলবায়ু হৈছে ইয়াৰ দুই মেৰু অঞ্চল, দুটা তুলনামূলক ভাবে [[শীতোষ্ণ]] অঞ্চল, আৰু এটা বহল [[অক্ষীয়]] নাতিশীতোষ্ণ আৰু অৰ্ধ নাতিশীতোষ্ণ অঞ্চল।<ref>
{{cite web
পৃথিৱী হৈছে [[মানুহ]] সহ কোটি কোটি প্ৰজাতি জীৱৰ আবাসস্থল। [[পৃথিৱীৰ বয়স|৪৫৪ কোটি বছৰ]] আগে পৃথিৱী গঠিত হৈছিল। এক বিলিয়ন বছৰৰ ভিতৰত পৃথিৱীৰ বুকুত প্ৰাণৰ আৱিৰ্ভাব ঘটে।<ref>Dalrymple, G. Brent (2001). "The age of the Earth in the twentieth century: a problem (mostly) solved". Special Publications, Geological Society of London. 190 (1): 205–221. Bibcode:2001GSLSP.190..205D. doi:10.1144/GSL.SP.2001.190.01.14.</ref> পৃথিৱীৰ [[জৈবমণ্ডল]] এই গ্ৰহৰ [[পৃথিৱীৰ বায়ুমণ্ডল|বায়ুমণ্ডল]] আৰু অন্যান্য [[অজৈৱিক]] অৱস্থাবোৰৰ গুৰুত্বপূৰ্ণ পৰিবৰ্তন আহিছে। ইয়াৰ ফলত এফালে যেনেকৈ বায়ুজীবী জীবজগতৰ বংশবৃদ্ধি ঘটিছে, আনফালে তেনেকৈ [[অ'জন স্তৰ]] গঠিত হৈছে। পৃথিৱীৰ চুম্বক ক্ষেত্ৰৰ লগত একেলগে এই অ'জন স্তৰে ক্ষতিকৰ সৌৰ বিকিৰণৰ গতিৰোধ কৰি গ্ৰহৰ বুকুত প্ৰাণৰ বিকাশ ঘটাৰ পথ প্ৰশস্ত কৰে।<ref>Burton, Kathleen (2002-11-29). "Astrobiologists Find Evidence of Early Life on Land"</ref> পৃথিৱীৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ ভূতাত্ত্বিক ইতিহাস আৰু কক্ষপথ প্ৰাণৰ অস্তিত্ব ৰক্ষাৰ সহায়ক হৈছে। মনে কৰা হৈছে, আৰু ৫০ কোটি বছৰ পৃথিৱী প্ৰাণধাৰণৰ সহায়ক অৱস্থাত থাকিব।<ref>Kunin, W.E.; Gaston, Kevin, eds. (31 December 1996). The Biology of Rarity: Causes and consequences of rare—common differences.</ref>
পৃথিৱীৰ [[ভূত্বক|উপৰিভাগ]] একাধিক কঠিন স্তৰত বিভক্ত। এইবোৰক [[ভূত্বকীয় পাত]] বোলা হয়। কোটি কোটি বছৰ ধৰি এইবোৰ পৃথিৱীৰ উপৰিভাগত আছে। পৃথিৱীতলৰ প্ৰায় ৭১% লৱণযুক্ত জলৰ মহাসাগৰৰ দ্বাৰা আবৃত।<ref>National Oceanic and Atmospheric Administration. "Ocean". NOAA.gov.</ref> অৱশিষ্টাংশ গঠিত হৈছে [[মহাদেশ]] আৰু অসংখ্য দ্বীপৰ দ্বাৰা। স্থলভাগতো আছে অজস্ৰ হ্ৰদ আৰু পানীৰ অন্যান্য উৎস। এইবোৰৰ দ্বাৰাই গঠিত হৈছে বিশ্বৰ [[জলভাগ]]। জীৱনধাৰণৰ বাবে অত্যাৱশ্যকীয় তৰল পানী এই গ্ৰহৰ ভূত্বকৰ কোনো ঠাইতে সমভাৰ অৱস্থাত পোৱা নাযায়। পৃথিৱীৰ ভৌগোলিক মেৰু সদায়ে কঠিন বৰফ বা সামুদ্ৰিক বৰফেৰে আবৃত থাকে। পৃথিৱীৰ অভ্যন্তৰভাগ সৰ্বদা ক্ৰিয়াশীল। এই অংশ এক আপেক্ষিকভাবে কঠিন মেণ্টেলৰ শকত স্তৰ, এক তৰল বহিঃকেন্দ্ৰ আৰু এক কঠিন লৌহ অন্তঃকেন্দ্ৰৰ দ্বাৰা গঠিত।
মহাবিশ্বৰ অন্যান্য বস্তুৰ সৈতে পৃথিৱীৰ সম্পৰ্ক বিদ্যমান। বিশেষকৈ সূৰ্য আৰু চন্দ্ৰৰ সৈতে এই গ্ৰহৰ বিশেষ সম্পৰ্ক আছে। বৰ্তমানে পৃথিৱী নিজ কক্ষপথত প্ৰায় ৩৬৫.২৬ [[সৌৰদিন|সৌৰদিনত]] বা এক [[নক্ষত্ৰ বৰ্ষ|নক্ষত্ৰ বৰ্ষত]] সূৰ্যক প্ৰদক্ষিণ কৰে।<ref>Yoder, Charles F. (1995). T. J. Ahrens, ed. Global Earth Physics: A Handbook of Physical Constants. Washington: American Geophysical Union. p. 8.</ref> পৃথিৱী নিজ অক্ষৰ ৬৬.১/২ ডিগ্ৰি কোণত হালি আছে। ইয়াৰ ফলত এক [[বিষুৱীয় বছৰ]] (৩৬৫.২৪ সৌৰদিন) সময়কালৰ ভিতৰত এই বিশ্বৰ বুকুত ঋতুপৰিবৰ্তন ঘটি থাকে।<ref>Williams, David R. (2004-09-01). "Earth Fact Sheet".</ref> পৃথিৱীৰ একমাত্ৰ বিদিত [[প্ৰাকৃতিক উপগ্ৰহ]] হল চন্দ্ৰ। ৪.৩৫ বিলিয়ন বছৰ আগত ই পৃথিৱীক প্ৰদক্ষিণ কৰা আৰম্ভ কৰিছিল। চন্দ্ৰৰ গতিৰ ফলতেই পৃথিৱীত সামুদ্ৰিক [[জোৱাৰ−ভাঁটা]] হয় আৰু পৃথিৱীৰ কক্ষৰ ঢাল সুস্থিত থাকে। চন্দ্ৰৰ গতিয়ে ধীৰে ধীৰে পৃথিৱীৰ গতিক কমাই আনিছে। ৩.৮ বিলিয়নৰ পৰা ৪.১ বিলিয়ন বছৰৰ ভিতৰত পৰবৰ্তী মহাসংঘৰ্ষৰ সময়ত একাধিক গ্ৰহাণুৰ সৈতে পৃথিৱীৰ সংঘৰ্ষত গ্ৰহৰ উপৰিভাগৰ পৰিৱেশৰ উল্লেখযোগ্য পৰিবৰ্তন সাধিত হৈছিল।
গ্ৰহৰ [[খনিজ]] সম্পদ আৰু জৈৱ সম্পদ উভয়ই মানৱজাতিৰ জীৱনধাৰণৰ বাবে অপৰিহাৰ্য।
<!-- [[File:Tectonic plate boundaries.png|thumb|left|upright=1.3|Three types of geological [[plate tectonic]] boundaries.]]
|