বীৰেন্দ্ৰ শৰ্মা
অৱয়ব
বীৰেন্দ্ৰ শৰ্মা | |
---|---|
জন্ম | অসম, ভাৰত |
পেচা | সুত্ৰধাৰী, ভাৱৰীয়া ওজাৰ শিল্পী |
বীৰেন্দ্ৰ শৰ্মা অসমৰ এগৰাকী বিশিষ্ট লোকশিল্পী, দৰঙী ব্যাস সংগীতৰ ওজা, সূত্ৰধাৰী আৰু ভাৱৰীয়া ওজাৰ শিল্পী৷ শেহতীয়াকৈ তেওঁলৈ বিশিষ্ট অৱদনৰ বাবে ২০১৪ বৰ্ষৰ বকুল বনৰ বঁটা প্ৰদান কৰা হৈছে৷ বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ স্মৃতিত বকুল বন ন্যাসে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰে৷[1]
জীৱন
[সম্পাদনা কৰক]বীৰেন্দ্ৰ শৰ্মা (ওজা) ছিপাঝাৰৰ ঘাৰোৱা সোণাপুৰৰ গোপালঝাৰ গাঁৱৰ মাজৰচুব্বাৰ বাসিন্দা৷ তেওঁ বিগত ছটা দশক জুৰি অসমৰ লোক-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অৱদান আগবঢ়াই আহিছে৷ তেওঁ সুত্ৰধাৰী আৰু ভাৱৰীয়া ওজাৰ সফল শিল্পী ৰূপেও পৰিগণিত৷ তাৰোপৰি তেওঁ গীতা, ভাগৱতৰ পাঠেকী, ব্যাস সংগীতৰ শিল্পী৷ অসমীয়া কথাছবি 'আজান ফকিৰ চাহাব'ত ব্যাস ওজাপালিৰ দৃশ্যাংশত তেওঁ অংশ লৈছিল৷[1]
১৯৫৮ চনত তেওঁ দৰঙী লোক-সংস্কৃতিৰ প্ৰসাৰৰ বাবে মিলন খুলীয়া ভাৱৰীয়াৰ দল গঠন কৰে৷[1]
অৱদান
[সম্পাদনা কৰক]গ্ৰন্থ
[সম্পাদনা কৰক]- অস্বনিদান কুমাৰ্ৱলী বধ
- খটাসুৰ বধ
লোকগীত
[সম্পাদনা কৰক]ডেৰকুৰিৰো অধিক থলুৱা গীত
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "আমাৰ অসম কাকতত প্ৰকাশিত বাতৰি". ১৬ জানুৱাৰী, ২০১৪. http://amarasom.glpublications.in/epapermain.aspx?queryed=9&eddate=01/16/2014। আহৰণ কৰা হৈছে: 18 জানুৱাৰী 2014.[সংযোগবিহীন উৎস]